নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইআইটি গুৱাহাটীত ৭ পদ খালী; আবেদনৰ অন্তিম তাৰিখ ২০ এপ্রিল

আইআইটি গুৱাহাটী(Indian Institute of Technology Guwahati)ত খালী হৈছে ৭ পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰিIIT GuwahatiৰRegistrar (In-charge)–এ এক নিয়োগ বিজ্ঞাপন সংবাদ পত্রত প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, খালী পদসমূহৰ ভিতৰত আছে Deputy Registrar (1), Senior Medical Officer (1), Senior Security Officer (1), Junior Engineer (4)৷Deputy Registrar পদৰ প্রার্থী গড়ে ৫৫ শতাংশ নম্বৰেৰে স্নাতকোত্তৰ হোৱাৰ লগতেAssistant Professor হিচাপে ৯ বছৰীয়া কর্ম অভিজ্ঞতা নাইবা Educational Administration বিভাগত কর্ম অভিজ্ঞতা থকা নাইবাResearch/Institution of Higher Education বিভাগত কর্ম অভিজ্ঞতা থকা নাইবাAssistant Registrar হিচাপেAdministrative বিভাগত ৫ বছৰীয়া কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ বয়স ৪৫ বছৰ৷Senior Medical Officer পদৰ প্রার্থীGeneral Medicine বিষয়তMD ডিগ্রীধাৰী হোৱাৰ লগতে সংশ্লিষ্ট খণ্ডত ৩ বছৰীয়া কর্ম অভিজ্ঞতা নাইবাMBBSৰ ডিগ্রীধাৰী হোৱাৰ লগতে সংশ্লিষ্ট খণ্ডত ৭ বছৰীয়া কর্ম অভিজ্ঞতা আৰু প্রতিষ্ঠিত চিকিৎসালয়তMedical Officer হিচাপে কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ বয়স ৪০ বছৰ৷Senior Security Officer পদৰ প্রার্থীMilitary/Para-Military ServiceৰCommissioned Officer নাইবাPolice/Security ForceৰDeputy Superintendent/Assistant Commandant হোৱাৰ লগতে স্বীকৃতিপ্রাপ্তUniversityৰ পৰা যিকোনো শাখাৰ স্নাতক ডিগ্রীধাৰী হোৱাৰ লগতেPolice/Security Serviceত ১০ বছৰীয়া কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ বয়স ৫৫ বছৰ৷Junior Engineer পদৰ প্রার্থীCivil/Electrical Engineering বিষয়ত স্নাতক ডিগ্রীধাৰী নাইবাCivil/Electrical Engineering বিষয়ত ডিপ্ল’মাধাৰী হোৱাৰ লগতে সংশ্লিষ্ট খণ্ডত ৩ বছৰীয়া কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ বয়স ৩০ বছৰ৷Junior Engineerৰ ৪ পদৰ ভিতৰত ২টাCivil Engineering বিভাগত আৰু আন ২টা Electrical Engineering বিভাগত পূৰণ কৰা হ’ব৷ আবেদন মাচুল হিচাপেDeputy Registrar, Senior Medical Officer, Senior Security Officer পদৰ বাবে সাধাৰণ, অ’বিচি আৰু আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থীয়ে ৫০০ টকা আৰু এছচি, এছটি আৰু দিব্যাংগ শ্রেণীৰ প্রার্থীয়ে ২৫০ টকা পৰিশোধ কৰিব লাগিব৷ আনহাতে,Junior Engineer পদৰ বাবে সাধাৰণ, অ’বিচি আৰু আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থীয়ে ৩০০ টকা আৰু এছচি, এছটি আৰু দিব্যাংগ শ্রেণীৰ প্রার্থীয়ে ১৫০ টকা পৰিশোধ কৰিব লাগিব৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক অধিক তথ্যৰ লগতে অনলাইনযোগে আবেদন দাখিল কৰিবলৈIndian Institute of Technology Guwahatiৰ ৱেবছাইটত লগ–ইন কৰিব পাৰে৷ অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ২০ এপ্রিল, ২০২৩৷

You might also like