নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোত তিনি ৰাভা জাতীয় সংগঠনৰ পদযাত্ৰা

  •  ৰাভা হাছংক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰা আৰু ৰাভা উন্নয়ণ পৰিষদ গঠনৰ দাবীত ধুপধাৰালৈ পদযাত্ৰা

নিয়মীয়া বাৰ্তা ;২৯ মাৰ্চ – নিখিল ৰাভা ছাত্ৰ সন্থা ; নিখিল ৰাভা মহিলা পৰিষদ আৰু ষষ্ঠ অনুসূচী দাবী সমিতিৰ যৌথ আহ্বানত কামৰূপ জিলাৰ বকোৰ পৰা ধুপধাৰালৈ তিনিওটা সংগঠনৰ সহযোগত এক বিশাল পদযাত্ৰা কাৰ্য্যসূচী ৰূপায়ণ কৰে। উল্লেখ্য যে ; ৰাভা জাতীয় তিনিওটা সংগঠনৰ উদ্যোগত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰা আৰু ৰাভা হাছং পৰিষদৰ বাহিৰত বসবাস কৰা ৰাভা সকলোৰ বাবে সুকীয়া ৰাভা উন্নয়ণ পৰিষদ গঠনৰ দাবীত এই প্ৰতিবাদী পদযাত্ৰাৰ সমদল কাৰ্য্যসূচী ৰূপায়ণ কৰে। আজি পুৱাৰে পৰা ভিন্ন প্ৰান্তৰ ৰাভা জাতীয় সংগঠনৰ কৰ্মীয়ে বকোত সমবেত হৈ বকোৰ কাৰ্য্যালয়ৰ পৰা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে সমদল কৰি ধুপধাৰালৈ ৰূপায়ণ কৰে পদযাত্ৰাৰ প্ৰতিবাদী সমদল কাৰ্য্যসূচী। তিনিওটা সংগঠনৰ জিলা সমিতিৰ সহযোগত প্ৰায় তিনি সহস্ৰাধিক জাতীয় কৰ্মীয়ে অংশগ্ৰহণ কৰে পদযাত্ৰাৰ সমদলত। প্ৰতিবাদী পদযাত্ৰাৰ সমদল কাৰ্য্যসুচীত আৰছু জিন্দাবাদ ; ৰাভা মহিলা পৰিষদ জিন্দাবাদ ; ষষ্ঠ অনুসূচী দাবী সমিতি জিন্দাবাদ ; ইনক্লাৱ জিন্দাবাদ ; বি জে পি চৰকাৰ হায় হায় ; ষষ্ঠ অনুসূচী আমাক লাগিবই ; বি জে পি চৰকাৰ মিছলীয়া ; আমাৰ অধিকাৰ আমাক লাগিবই ; ষষ্ঠ অনুসূচী আমাৰ ন্যায্য দাবী ; উন্নয়ণ পৰিষদ আমাক লাগিবই ; বি জে পি চৰকাৰ মুৰ্দাবাদ ; বি জে পি কৰ্মী হুচিয়াৰ ; বি জে পি কৰ্মী গো বেক আদিকে ধৰি বহু প্ৰতিবাদী শ্লোগান দি ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিবেশ উত্তাল কৰি তোলে। আজি ৰাভা জাতীয় সংগঠনৰ পদযাত্ৰা সমদল কাৰ্য্যসুচী আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে নিখিল ৰাভা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি নৃপেন খান্দাই আৰু সহযোগ কৰে পৰিষদৰ উপাধ্যক্ষ ৰমা কান্ত ৰাভাই। কাৰ্য্যসুচীত ৰাভা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় ; জিলা আৰু আঞ্চলিক সমিতিৰ বিষয় ববীয়া সকল ; মহিলা পৰিষদ আৰু ষষ্ঠ অনুসূচী দাবী সমিতিৰ বিষয় ববীয়া সকল অংশগ্ৰহণ কৰে। পদযাত্ৰা কাৰ্য্যসূচীৰ পাছত ধুপধাৰাত আয়োজন কৰে এক বিশাল পদসভা। সভাত ৰাজ্য চৰকাৰে ৰাভা জনগোষ্ঠীৰ ভিন্ন সমস্যা সমাধান নকৰাৰ বাবে ক্ষোভ উজাৰি তীব্ৰ সমালোচনা কৰে আৰু অতি শীঘ্ৰে সমস্যা সমুহ সমাধান কৰিবলৈ আহ্বান জনায়।

প্ৰেৰক – বকোৰ পৰা বিষ্ণু ৰাম দাস।

You might also like