আজিৰে পৰা ‘ৰং’ চেনেলত ‘মেঘমল্লাৰ’ৰ সম্প্রচাৰ

বিশেষ বাৰ্তা, ১১ ছেপ্টেম্বৰঃ প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ অন্যতম মনোৰঞ্জনধর্মী চেনেল ‘ৰং’–এ দর্শকৰ বাবে লৈ আহিছে এখন নতুন ধাৰাবাহিক মেঘমল্লাৰ৷ এই নতুন ধাৰাবাহিকখন কাইলৈৰ পৰা প্রতি সোমবাৰৰ পৰা শনিবাৰলৈ নিশা ৯.৩০ বজাৰ পৰা সম্প্রচাৰ হ’ব৷ মেঘমল্লাৰৰ কাহিনী কৃষ্ণা বৰুৱাৰ আৰু পৰিচালনা ধ্রুৱজ্যোতি কাশ্যপৰ৷ ৰঙে নতুন কাহিনী আৰু ভিন্ন ৰসৰ এক অগতানুগতিক পৰিৱেশন শৈলীৰে দর্শকৰ হূদয় জিনি আহিছে৷ তেনে এক অভিজাত প্রযোজনাৰে নির্মিত মেঘমল্লাৰো এইবাৰ ব্যতিক্রম নহয়৷ প্রেম, ত্যাগ, সংঘাত আৰু সপোনেৰে সজাই তোলা মেঘমল্লাৰ ধাৰাবাহিকখনৰ প্রতিটো খণ্ড আগবাঢ়িছে৷ মেঘমল্লাৰ ধাৰাবাহিকৰ শীর্ষ গীতটিৰে এক অনন্য মাত্রা প্রদান কৰিছে দীক্ষু শর্মাই৷ মেঘমল্লাৰৰ বিভিন্ন চৰিত্রত অভিনয় কৰিছে অসমৰ বহুতো বিশিষ্ট অভিনেতা–অভিনেত্রীয়ে৷ প্রতিভা চৌধুৰী, প্রদীপ নিশিথ, পদ্মৰাগ গোস্বামী, উর্মিমালা বৰুৱা মহন্ত, আশা বৰদলৈ, জুুলি ভট্ট, কল্পনা কলিতা, হিমাক্ষী কলিতা, দেৱজিৎ ভট্টাচার্য, শিল্পীশিখা আদি বহু শিল্পীৰ সমাৱেশেৰে জিলিকিব মেঘমল্লাৰৰ প্রতিটো খণ্ড৷ ভিন্ন সুন্দৰ লোকেচনত দৃশ্যগ্রহণ কৰা ধাৰাবাহিকখনৰ ৰূপসজ্জা কৰণৰ আৰু চিত্রগ্রহণ অজিত বড়োৰ৷ পৰাগ প্রিয়ম নাথে আৱাহ সংগীতেৰে দৃশ্যসমূহ সজীৱ আৰু প্রাণৱন্ত কৰি তুলিছে৷ ধাৰাবাহিকখনৰ পুনঃ শব্দগ্রহণ কৰিছে ধ্রুৱ ধীৰাজ আৰু পংকজে৷ প্রযোজনা নিয়ন্ত্রণ প্রাণজিৎ দাসৰ৷ পৱিত্র আৰু কৈলাসে সহকাৰী পৰিচালক হিচাপে সুন্দৰকৈ আগবঢ়া ধাৰাবাহিক মেঘমল্লাৰক সম্পাদনাৰে সজাইছে সুনীল বৰুৱাই৷ ৰঙৰ আন ধাৰাবাহিকৰ দৰে নতুন ধাৰাবাহিক মেঘমল্লাৰকো দর্শক ৰাইজে আন্তৰিকতাৰে আদৰি ল’ব বুলি আশাবাদী ৰং পৰিয়াল৷

Featured