৭ বছৰ পাছত ভাৰতত উপস্থিত পাকিস্তান ক্রিকেট দল

🔹 এদিনীয়া বিশ্বকাপ : বুধবাৰে নিশা হায়দৰাবাদত বাবৰ বাহিনী

বিশেষ বাৰ্তা, ২৮ ছেপ্টেম্বৰ : সুদীর্ঘ সাত বছৰৰ পাছত ভাৰতত উপস্থিত হ’ল পাকিস্তান ক্রিকেট দল৷ ৫ অক্টোবৰৰ পৰা ভাৰতত অনুষ্ঠিত হ’বলগীয়া আইচিচি এদিনীয়া বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত অংশগ্রহণ কৰাৰ উদ্দেশ্যে বাবৰ আজম নেতৃত্বাধীন পাকিস্তান ক্রিকেট দলটোৱে বুধবাৰে নিশা হায়দৰাবাদত উপস্থিত হয়৷ হায়দৰাবাদৰ বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে বাবৰ বাহিনীক অসংখ্য অনুৰাগীয়ে বিপুল আদৰণি জনায়৷ হোটেলতো পাক বাহিনীক উষ্ম আদৰণি জনোৱা হয়৷ ভাৰতৰ মাটিত এনেদৰে উষ্ম আদৰণি লাভ কৰাত আপ্লুত হৈ পৰে পাক দলটোৰ খেলুৱৈসকল৷ বাবৰ আজমৰ পৰা শ্বাহিন আফ্রিদীলৈকে বহুকেগৰাকী তাৰকা ক্রিকেটাৰে ছ’চিয়েল মিডিয়াত ভাৰতত জনোৱা উষ্ম আদৰণিত অভিভূত হৈ পৰাৰ কথা সদৰী কৰে৷ পাকিস্তান ক্রিকেট দলটোৱে সাত বছৰৰ মূৰত ভাৰতত উপস্থিত হয়৷ ২০১৬ চনত টি–২০ বিশ্বকাপত ভাগ লোৱাৰ উদ্দেশ্যে পাক দলটোৱে অন্তিমবাৰ ভাৰতলৈ আহিছিল৷ বাবৰ আজম নেতৃত্বাধীন পাকিস্তান দলটোৱে ডুবাইৰ পৰা পোনে পোনে ভাৰতলৈ আহে৷ হায়দৰাবাদত উপস্থিত হৈয়ে পাক দলটোৱে আজি অনুশীলনত ভাগ লয়৷ কাইলৈ হায়দৰাবাদত পাকিস্তানে নিউজিলেণ্ডৰ বিপক্ষে প্রথমখন ৱার্মআপ মেচত ভাগ ল’ব৷ ইয়াৰ পিছত বাবৰ বাহিনীয়ে অষ্ট্রেলিয়াৰে দ্বিতীয়খন ৱার্মআপ মেচ খেলিব৷ উল্লেখ্য যে ৬ অক্টোবৰত হায়দৰাবাদত নেদাৰলেণ্ডছৰ বিপক্ষে খেলি বিশ্বকাপত অভিযান আৰম্ভ কৰিব পাকিস্তান ক্রিকেট দলটোৱে৷

Featured