অসুস্থতাৰ বাবে কামৰ পৰা সাময়িক বিৰতি সঞ্জয় দত্তৰ
নিয়মীয়া বাৰ্তা ১২ আগষ্টঃ বলীউডৰ জনপ্রিয় অভিনেতা সঞ্জয় দত্তই আজি ঘোষণা কৰিছে যে স্বাস্থ্যজনিত কাৰণত তেওঁ কিছুদিন কামৰ পৰা বিৰত থাকিব৷ অনুৰাগীসকলক স্বাস্থ্য সন্দর্ভত কোনোধৰণৰ উদ্বেগজনক আলোচনা নকৰিবলৈ অনুৰোধো জনাইছে অভিনেতাগৰাকীয়ে৷
ছ’চিয়েল মিডিয়া টুইটাৰযোগে অভিনেতাগৰাকীয়ে উল্লেখ কৰিছে যে হাস্পতালত চিকিৎসাৰ বাবে কেইটামান দিন তেওঁ কামৰ পৰা বিৰত থাকিব৷ অনুৰাগীসকলৰ শুভেচ্ছা আৰু মৰমে তেওঁক শীঘ্রে অভিনয়ৰ ক্ষেত্রখনলৈ ওভতাই আনিব বুলিও সঞ্জয় দত্তই উল্লেখ কৰিছে৷ স্মর্তব্য যে শ্বাস–প্রশ্বাসজনিত ৰোগত সঞ্জয় দত্ত আক্রান্ত হোৱা বুলি সংবাদ মাধ্যমত চর্চা চলিছে৷