নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০ আগষ্টত ডুবাইত উপস্থিত হ’ব ৰাজস্থানঃ ভ্রমণসূচী চূড়ান্ত হোৱা নাই দিল্লী কেপিটেলছ, ছানৰাইজার্ছ হায়দৰাবাদৰ

নিয়মীয়া বাৰ্তা ১২ আগষ্টঃ ইউএইত অহা ১৯ ছেপ্টেম্বৰৰ পৰা ১০ নৱেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া আইপিএলৰ বাবে ২০ আগষ্টত ডুবাইলৈ উৰা মাৰিব ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডার্ছৰ খেলুৱৈ আৰু দলীয় কর্মকর্তাসকল৷ মুম্বাইৰ পৰা দুয়োটা দলে পৃথক চার্টার্ড বিমানেৰে ডুবাইলৈ ৰাওনা হোৱাৰ কথা আছে৷ একেদৰে মহেন্দ্র সিং ধোনী নেতৃত্বাধীন চেন্নাই ছুপাৰ কিংছ আৰু ৰোহিত শর্মা নেতৃত্বাধীন মুম্বাই ইণ্ডিয়ানছে অহা ২১ আগষ্টত ইউএই অভিমুখে ৰাওনা হ’ব৷ উক্ত দিনাই ইউএইত উপস্থিত হোৱাৰ সম্ভাৱনা আছে লোকেশ ৰাহুল নেতৃত্বাধীন কিংছ একাদশ পঞ্জাব দলটো৷ আইপিএলৰ এক শীর্ষসূত্রই ৰাষ্ট্রীয় সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি, বিৰাট কোহলি তৃেত্বাধীন ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৱে ২৩ অথবা ২৪ আগষ্টত বাংগালুৰুৰ পৰা এখন চার্টার্ড বিমানেৰে ইউএইত উপস্থিত হ’ব৷ চলিত সপ্তাহত দলটোৰ খেলুৱৈসকল বাংগালুৰুত একগোট হ’ব আৰু এখন ফাইভ ষ্টাৰ হোটেলত এসপ্তাহ তেওঁলোকক কোৱাৰেণ্টাইনত ৰখা হ’ব৷ ইফালে, ছানৰাইজার্ছ হায়দৰাবাদ আৰু দিল্লী কেপিটেলছৰ ভ্রমণসূচী এইপর্যন্ত চূড়ান্ত হোৱা নাই বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে আইপিএলৰ অন্যতম সফল দল মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই ছুপাৰ কিংছে ডুবাইলৈ উৰা মৰাৰ পূর্বে ভাৰতীয় খেলুৱৈসকলক লৈ ক্রমে মুম্বাই আৰু চেন্নাইত এটি চমু প্রস্তুতি শিবিৰৰ আয়োজন কৰিছে৷ কিন্তু আন ছটা দলে এই ধৰণৰ কোনো শিবিৰৰ প্রস্তুতি চলোৱা নাই৷ ৰাজস্থান ৰয়েলছ, কলকাতা নাইট ৰাইডার্ছ, দিল্লী কেপিটেলছ, ৰয়েল চেলেঞ্জার্ছ বাংগালুৰু আৰু ছানৰাইজার্ছ হায়দৰাবাদে ইউএইত উপস্থিত হোৱাৰ পিছতহে অনুশীলন শিবিৰৰ আয়োজন কৰিব বুলি জানিব পৰা গৈছে৷ মন কৰিবলগীয়া যে অষ্ট্রেলিয়াৰ তাৰকা ক্রিকেটাৰ ষ্টিভেন স্মিথ নেতৃত্বাধীন ৰাজস্থান ৰয়েলছ দলটোৰ অন্যতম সদস্য হ’ল অসমৰ উদীয়মান ক্রিকেটাৰ ৰিয়ান পৰাগ৷ গুৱাহাটীৰ পৰা তেওঁ ১৯ আগষ্টত মুম্বাই অভিমুখে ৰাওনা হোৱাৰ কথা আছে৷

You might also like