ফ’বছৰ শীর্ষ এশ ভাৰতীয় চেলিব্রিটীৰ তালিকাঃ প্রথম স্থানত বিৰাট কোহলি, অৱনমিত ছলমান
দ্বিতীয়ত অক্ষয় কুমাৰ, শীর্ষ দহত আলিয়া–দীপিকা
নিউজডেস্ক, ২০ ডিচেম্বৰঃ ২০১৯ চনৰ ‘ফ’বছ ইণ্ডিয়া চেলিব্রিটী–১০০’ তালিকাৰ ৰেংকিং মতে যোৱা বর্ষৰ শীর্ষৰ চেলিব্রিটী ফিল্মষ্টাৰ ছলমান খানক তৃতীয় স্থানলৈ ঠেলি প্রথম স্থানলৈ উন্নীত হৈছে ভাৰতীয় ক্রিকেট দলৰ অধিনায়ক বিৰাট কোহলি ৷
২০১৮ চনৰ ১ অক্টোবৰৰ পৰা ২০১৯ চনৰ ৩ ছেপ্টেম্বৰলৈ নির্বাচিত এই তালিকাৰ ৰেংকিঙত বলীউডৰ জনপ্রিয় অভিনেতা অক্ষয় কুমাৰে দ্বিতীয় স্থান লাভ কৰিছে ৷
উল্লেখ্য যে নির্ধাৰিত সময়ছোৱাত বিৰাট কোহলিৰ বার্ষিক আয় হ’ল ২৫২.৭২ কোটি টকা ৷ আনহাতে, চলিত বর্ষত কেইবাখনো ছুপাৰহিট ছবি উপহাৰ দিয়া অক্ষয় কুমাৰৰ মুঠ আয় হ’ল ২৯৩.২৫ কোটি ৷ এই ৰেংকিং আয়ৰ ওপৰত নির্ধাৰণ কৰি কৰা হ’লেও চেলিব্রিটীৰ খ্যাতিৰ দিশটোও চোৱা হৈছে ৷
তৃতীয় স্থানলৈ অৱনমিত হোৱা ছলমান খানৰ বার্ষিক আয় হ’ল ২২৯.২৫ কোটি ৷ চতুর্থ, পঞ্চম আৰু ষষ্ঠ স্থানত ক্রমে অমিতাভ বচ্চন, শ্বাহৰুখ খান আৰু ৰণবীৰ সিং ৷
ফ’বছৰ এই শতকীয় তালিকাৰ শীর্ষ ‘দহ’ত স্থান লাভ কৰিছে আলিয়া ভাট (অষ্টম) আৰু দীপিকা পাডুকনে (দশম) ৷