নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিবাহপাশত আবদ্ধ হ’ব ফাৰহান-শিৱানী

নিয়মীয়া বাৰ্তা,২৪ নৱেম্বৰঃ ফাৰহান আখতাৰ আৰু শিৱানী দাণ্ডেকৰৰ প্ৰেমৰ সম্পৰ্কক লৈ বি-টাউনত দীৰ্ঘদিন ধৰি অব্যাহত আছে চৰ্চা । প্ৰেমিক যুগলৰ গোপন সম্পৰ্কৰ গভীৰতা এতিয়া বি-টাউনত অ’পেন ছিক্ৰেট । প্ৰথমে এই সম্পৰ্ক স্বীকাৰ কৰা নাছিল ফাৰহান-শিৱানীয়ে । কিন্তু ৰণবীৰ সিং-দীপিকা পাডুকনৰ বিয়াৰ অভ্যৰ্থনা পাৰ্টীত দুয়ো একেলেগে উপস্থিত হোৱাৰ পাছতে সম্পৰ্কৰ কথা পোহৰলৈ আহে । ফিল্মফেয়াৰ আলোচনীত প্ৰকাশিত খবৰ অনুসৰি অহা বছৰ ফেব্ৰুৱাৰী নহ’লে মাৰ্চ মাহত দুয়ো বিবাহপাশত আবদ্ধ হ’ব । লক্ষণীয়ভাৱে শিৱানী দাণ্ডেকৰৰ সৈতে ফাৰহান পৰিয়ালৰ আছে এক মধুৰ সম্পৰ্ক । আনকি ফাৰহানৰ পূৰ্বে থকা দুই কন্যা ক্ৰমে শাক্য আৰু আকিৰা আখতাৰৰ সৈতে শিৱানীৰ আছে ভাল সম্পৰ্ক । এই বছৰ দীপাৱলীটো শিৱানীয়ে ফাৰহানৰ পৰিয়ালৰ সৈতে অৱসৰৰ সময় কটায় । সেইফালৰ পৰা সকলো ঠিকে থাকিলে অহা বছৰ দুয়োগৰাকী চিলেব্ৰিটী বিবাহপাশত আবদ্ধ হোৱাটো খাটাং ।

You might also like