নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩ টা কণীৰ দাম ১৬৭২ টকা !!!

নিউজডেস্ক, ১৫ নৱেম্বৰঃ আপুনি বাৰু কিমান টকাৰ বিনিময়ত দোকানীৰ পৰা এটা কণী খাই পাইছে ? নিশ্চয়কৈ তাৰ উত্তৰ ৫ ৰ পৰা ১০ টকাৰ ভিতৰতে হ’ব । কিন্তু আপুনি জানি আচৰিত হ’ব যে ৩ টা কণীৰ দাম হৈছে ১৬৭২ । হয় বলিউডৰ বিখ্যাত সংগীত পৰিচালক শেখৰ ৰাভজিয়ানীয়ে ৩ টা কণীৰ বাবদ এখন হোটেলক দিব লগীয়া হ’ল ১৬৭২ টকা । এই আজৱ ঘটনা সংঘটিত হৈছে আহমেদাবাদৰ হায়াট ৰিজেঞ্চী নামৰ এখন হোটেলে ৩ টা সিজোৱা কণীৰ বাবদ সংগীত পৰিচালকজনৰ পৰা ১৬৭২ মূল্য সংগ্ৰহ কৰে । তেওঁ সন্দৰ্ভত এখন আলোকচিত্ৰ ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰি আচৰিত আখ্যা ব্যক্ত কৰে ।

উল্লেখ্য যে য়াৰ পূৰ্বেও চলিত বৰ্ষৰ জুলাই মাহত অভিনেতা ৰাহুল বসুয়ে এটা ভিদিঅ’ যোগে তেওঁ ২ টা কলৰ বিনিময়ত ৪৪২ টকা হোটেল কৰ্তৃপক্ষক আদায় দিয়াৰ ক্ষোভ ব্যক্ত কৰিছিল ।

You might also like