নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অস্কাৰৰ দৌৰৰ পৰা বাহিৰ বলীউডৰ ‘গাল্লী বয়’

নতুন দিল্লী, ১৮ ডিচেম্বৰঃ অস্কাৰৰ দৌৰৰ পৰা বাহিৰ হৈছে ৰণবীৰ সিং আৰু আলিয়া ভাটে মুখ্য চৰিত্রত অভিনয় কৰা ভাৰতীয় ছবি ‘গাল্লী বয়’ ৷ চলিত বর্ষত আন্তর্জাতিক শ্রেষ্ঠ ছবি শিতানত গাল্লী বয়ে মনোনয়ন লাভ কৰিছিল যদিও শেষ মুহূর্তত অকাডেমি অৱ ম’চন পিক্ছাৰ আর্টছ এণ্ড ছায়েন্সৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম নহ’ল ছবিখনে ৷

কালি শ্রেষ্ঠ আন্তর্জাতিক কাহিনী ছবিৰ বাবে দহখন চলিচ্চত্রৰ তালিকা মুকলি কৰি দিয়া হৈছে ৷ এই তালিকাত স্থান লাভ কৰিবলৈ সক্ষম নহ’ল গাল্লী বয়ে ৷

অকাডেমি অৱ ম’চন পিক্ছাৰ আর্টছ এণ্ড ছায়েন্সে মুকলি কৰি দিয়া এই তালিকাত থকা দহখন ছবি হৈছে– ‘দ্য পেইণ্টেড বার্ড’ (চেক্ গণৰাজ্য), ‘ট্রুথ এণ্ড জাষ্টিচ’ (ইষ্ট’নিয়া), ‘লা মিজাৰেবল্ছ’ (ফ্রান্স), ‘দ’জ হু ৰিমাইণ্ড’ (হাংগাৰী), ‘হ’নীলেণ্ড’ (উত্তৰ মেচিডনিয়া), ‘কর্পাছ সৃষ্টি’ (পোলেণ্ড), ‘বীনপ’ল’ (ৰাছিয়া), ‘আটলাণ্টিক্ছ’ (ছেনেগাল), ‘পেৰাছাইট’ (দক্ষিণ কোৰিয়া) আৰু ‘পেইন এণ্ড গ্লোৰী’ (স্পেইন) ৷

অৱশ্যে ছবিখনে অস্কাৰৰ দৌৰত অন্তিম পর্যায়লৈ আগবাঢ়িবলৈ সক্ষম নহ’ল যদিও অভিনেতা ৰণবীৰ সিঙে সন্তুষ্টি প্রকাশ কৰিছে ৷ কাৰণ ৯২ সংখ্যক অস্কাৰ বঁটাৰ বাবে শ্রেষ্ঠ আন্তর্জাতিক কাহিনী ছবিৰ শাখাত একমাত্র গাল্লী বয়ে ভাৰতীয় চলচ্চিত্র হিচাপে বাছনি লাভ কৰিছিল ৷

You might also like