নলবাৰী ৰাস মহোৎসৱত ৯০সংখ্যক ৰাস মহোৎসৱৰ ভ্ৰাম্যমাণৰ বঁটা প্ৰদান
বিশেষ বাৰ্তা, ২৬ নৱেম্বৰঃ ভগৱান শ্ৰীকৃষ্ণৰ ভক্তি ৰসত বুৰ যোৱা প্ৰতিদিনে লাখ লাখ ভক্তৰ ব্যাপক উৎসাহ-উদ্দীপনাৰ মাজেৰে নলবাৰীৰ ঐতিহ্যমণ্ডিত হৰি মন্দিৰত উদযাপিত হৈছে ১৪ দিনীয়া ৰাস মহোৎসৱ। যোৱা ১৫ নৱেম্বৰৰ পৰা বিভিন্ন কাৰ্যসূচী,অনুষ্ঠানৰ মাজেৰে চলা নলবাৰীৰ ৯১সংখ্যক ৰাস মহোৎসৱৰ সামৰণি পৰিবলৈ মাজত আৰু এটা দিন বাকী।ইপিনে, ভ্ৰাম্যমান থিয়েটাৰ মহোৎসৱত পৰিণত নলবাৰী ৰাস মহোৎসৱত এইবাৰ ১০টাকৈ ভ্ৰাম্যমান নাট্য দলে নাট্য যুদ্ধত নামি পৰে। এই যুদ্ধত কোনে শ্ৰেষ্ঠত্ব অৰ্জন কৰিৱ তাক লৈ জল্পনা কল্পনা তথা দৰ্শক ৰাইজৰ মাজত চৰ্চা চলি থকাৰ মাজতে যোৱা বৰ্ষত ৯০সংখ্যক ৰাস মহোৎসৱত ১৩টাকৈ ভ্ৰাম্যমান থিয়েটাৰে নাট প্ৰদৰ্শন কৰা এই থিয়েটাৰৰ নাটসমূহৰ ফলাফলসমূহ ঘোষনা কৰা হয়। ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী হৰিমন্দিৰৰ ৯১সংখ্যক ৰাস মহোৎসৱৰ মঞ্চত ২০২৩-২০২৪ বৰ্ষত প্ৰদৰ্শিত ভ্ৰাম্যমাণ থিয়েটাৰ বঁটা প্ৰাপকৰ বটা প্ৰদান অনুষ্ঠানৰ জৰিয়তে বঁটা প্ৰদান কৰা হয়। ৰাস মহোৎসৱৰ সভাপতি জয়ন্ত মল্ল বৰুৱাৰ সভাপতিত্ব অনুষ্ঠিত সভা উদ্বোধন কৰে আন্তৰ্জাতিক খ্যাতিসম্পন্ন বোলছবি অভিনেত্ৰী সীমা বিশ্বাসে।সেই অনুসৰি, মঞ্চ সূৰ্য্য ধৰণী বৰ্মণ শ্ৰেষ্ঠ নাট্যদল বঁটা লাভ কৰিছে ৰাজমুকুট থিয়েটাৰে।উল্লেখ্যে যে বিগত ৮৯সংখ্যক ৰাস মহোৎসৱতো শ্ৰেষ্ঠ নাট্য দলৰ খিতাপ অৰ্জন কৰিছিল ৰাজমুকুট থিয়েটাৰে। সেইদৰে ভবেন বৰুৱা সোঁৱৰণী শ্ৰেষ্ঠ নাটক বঁটা লাভ কৰিছে বৃন্দাবন থিয়েটাৰৰ প্ৰভুভক্ত নাটকে। সূৰ্য বৈশ্য সোঁৱৰণী শ্ৰেষ্ঠ জনপ্ৰিয় নাট ‘মোৰ কেঁচুৱাই কান্দিছে’ (থিয়েটাৰ সূৰ্য্য), অতুল ভট্টাচাৰ্য সোঁৱৰণী শ্ৰেষ্ঠ পৰিচালক বঁটা লাভ কৰিছে ৰাজেশ ভুঞাই (নাট- প্ৰভুভক্ত), মহানন্দ শৰ্মা সোঁৱৰণী শ্ৰেষ্ঠ অভিনেতা বঁটা লাভ কৰিছে ৰাজমুকুট থিয়েটাৰৰ উৎপল দাসে (নাট – ব্ৰহ্মচাৰী), মীৰা বিশ্বাস সোঁৱৰণী শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰিছে ৰাজতিলক থিয়েটাৰ অভিনেত্ৰী প্ৰাঞ্জনা দত্তই (নাট- অৰ্ধনাৰী-২), শৰৎ মজুমদাৰ সোঁৱৰণী শ্ৰেষ্ঠ নাট্যকাৰ বঁটা লাভ কৰিছে কহিনুৰ থিয়েটাৰৰ নাট্যকাৰ মৃদুল চুতীয়াই (নাট- ABCD), জীৱেশ্বৰ ডেকা সোঁৱৰণী শ্ৰেষ্ঠ শৃংখলাবদ্ধ নাট্যদল বঁটা লাভ কৰিছে হেঙুল থিয়টাৰে, গুৰুজী আদ্য শৰ্মা সোঁৱৰণী শ্ৰেষ্ঠ মঞ্চ সজ্জা বঁটা লাভ কৰিছে বিপুল ৰায়ে (থিয়েটাৰ সূৰ্য্য), বীৰেণ কলিতা সোঁৱৰণী শ্ৰেষ্ঠ আলোকশিল্পী বঁটা লাভ কৰিছে চম্পক কলিতাই (ৰাজমুকুট থিয়েটাৰ), গোবিন্দ হালৈ সোঁৱৰণী শ্ৰেষ্ঠ নৃত্য শিল্পী বঁটা লাভ কৰিছে লুইত পৰীয়া থিয়েটাৰে, উগ্ৰ মেনা সোঁৱৰণি শ্ৰেষ্ঠ কৌতুক শিল্পী বঁটা লাভ কৰিছে নাজিমুল ইছলামে (কেপ্তেইন অবিনাশ, ইতিহাস থিয়েটাৰ), দেৱদাস সোঁৱৰণী শ্ৰেষ্ঠ সহঃ অভিনেতা বঁটা নৱজ্যোতি কাশ্যপে (নাটঃ মোৰ কেঁচুৱাই কান্দিছে), প্ৰনৱ শৰ্মা সোঁৱৰণী শ্ৰেষ্ঠ সহঃ অভিনেত্ৰী বঁটা কাজল শৰ্মা (বৰদৈচিলা থিয়েটাৰ), অখিল বৰ্মণ সোঁৱৰণী শ্ৰেষ্ঠ খলনায়ক বঁটা লাভ কৰিছে ৰাজমুকুট থিয়টাৰৰ যোগেশ কাশ্যপে (নাটক ব্ৰহ্মচাৰী)। শ্ৰেষ্ঠ নাট্য দলক নগদ ৫০ হাজাৰ টকা আৰু বঁটাসমূহ ক্ৰমে ২৫ হাজাৰ, ২০ হাজাৰ টকা প্ৰদান কৰা হয়। ইপিনে, চলিত ৰাস মহোৎসৱত প্ৰদৰ্শিত ভ্ৰাম্যমান থিয়েটাৰৰ কোনে পাৱ শ্ৰেষ্ঠ নাট্যদল, অভিনেতা আদিৰ সন্মান। এই লৈ দৰ্শক ৰাইজৰ মাজত ব্যাপক চৰ্চা লাভ কৰিছে।
প্ৰেৰক অৰূপ ৰঞ্জন বৰ্মন