নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুক্তিৰ লগে লগে আইনী মেৰপেঁচত ‘আদিপুৰুষ’

বিশেষ বাৰ্তা, ১৬ জুনঃ প্ৰভাস-কৃতি অভিনীত ছবি ‘আদিপুৰুষ’ৰ মুক্তিৰ লগে লগে এটা হিন্দু সংগঠনে ছবিখন সন্দৰ্ভত অসন্তুষ্টি প্ৰকাশ কৰিছে। ছবিখনৰ বিৰুদ্ধে হিন্দু সেনাৰ হৈ দিল্লী উচ্চ ন্যায়ালয়ত জনস্বাৰ্থজড়িত আবেদন দাখিল কৰা হৈছে। আবেদনকাৰীয়ে কয় যে এই ছবিখনৰ জৰিয়তে ৰামায়ণ, ভগৱান শ্ৰীৰাম আৰু দেশৰ সংস্কৃতিক উপহাস কৰা হৈছে। দিল্লী উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনত সংগঠনটোৱে ছবিখনৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন কৰিছে। ইয়াৰ উপৰি আবেদনখনত হিন্দু সেনাৰ ৰাষ্ট্ৰীয় সভাপতিয়ে ৰাৱণ, ভগৱান ৰাম, সীতা আৰু হনুমান সম্পৰ্কীয় অভিযোগ কৰা আপত্তিজনক দৃশ্যসমূহ ‘আদিপুৰুষ’ত আঁতৰাবলৈও দাবী জনাইছে।

You might also like