এণ্টি-এজিং, উজ্জ্বল ছালৰ টেবলেট আৰু… শেফালিৰ ঘৰত আৰু কি উদ্ধাৰ আৰক্ষীৰ
অভিনেত্ৰী-মডেল শেফালি জাৰীৱালাৰ আন্ধেৰীস্থিত আৱাসস্থলীত মুম্বাই আৰক্ষীয়ে কৰা অনুসন্ধানত এন্টি-এজিং ঔষধ, ছাল উজ্জ্বল কৰা টেবলেট আৰু ভিটামিন ছাপ্লিমেন্ট উদ্ধাৰ কৰিছে।
হিন্দুস্তান টাইমছৰ এটা প্ৰতিবেদন অনুসাৰে, পঞ্চনামা (অভিযোগ-পঞ্জিকাৰ আইনী দলিল) সংগ্ৰহ কৰাৰ সময়ত আৰক্ষীয়ে সৌন্দৰ্য আৰু স্ব-যত্ন সম্পৰ্কীয় এই চাপ্লিমেন্টৰ দুই বাকচ পোৱা গৈছিল।
শেফালিৰ পৰিয়ালে জানিবলৈ দিছে যে তেওঁ এই ঔষধসমূহ কোনো চিকিৎসকৰ পৰামৰ্শ নোহোৱাকৈ গ্ৰহণ কৰিছিল যদিও ইয়াৰ স্বাস্থ্যগত প্ৰভাৱ বেয়া নহয়।
শেফালি জাৰীৱালাৰ মৃত্যু ২৭ জুন শুকুৰবাৰে হৈছিল। তেওঁৰ স্বামী পৰাগ ত্যাগী আৰু আন তিনিগৰাকী ব্যক্তিয়ে তেওঁক মুম্বাইস্থিত বেলভিউ মাল্টি-স্পেচিয়েলিটি হাস্পতাললৈ লৈ গৈছিল যদিও চিকিৎসকে জানিবলৈ দিছিল যে তেওঁ হাস্পতাললৈ লৈ যোৱাৰ আগতেই মৃত্যু হোৱা আছিল।
প্ৰথমতে শেফালিৰ মৃত্যু হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাত হৈছে বুলি জনোৱা হৈছিল যদিও পিছত মুম্বাই আৰক্ষীয়ে কৈছে যে মৃত্যুৰ সঠিক কাৰণ এতিয়াও স্পষ্ট নহয়।
হঠাৎ ৰক্তচাপ কমি যোৱাটো সম্ভাব্য কাৰণ
চিকিৎসকৰ মতে, অভিনেত্ৰীগৰাকীৰ দেহ আৰ. এন. কুপাৰ হাস্পতাললৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়। তাত চিকিৎসকে সন্দেহ প্ৰকাশ কৰিছে যে হঠাৎ ৰক্তচাপ কমি যোৱাটোহে মৃত্যুৰ কাৰণ হ’ব পাৰে।
স্বামী পৰাগ ত্যাগীয়ে আৰক্ষীক জনোৱা মতে, শেফালিয়ে সত্যনাৰায়ণ পূজাৰ বাবে উপবাস কৰিছিল। তেওঁ পূজাৰ পূৰ্বদিনাই জ্ঞান হেৰুৱাই পৰি গৈছিল।
যদিও পোষ্টমৰ্টেম ৰিপোৰ্ট অহাৰ পাছতহে মৃত্যুৰ সঠিক কাৰণ জনা যাব, মুম্বাই আৰক্ষীয়ে এই ঘটনাত কোনো ষড়যন্ত্ৰ বা সন্দেহজনক কাৰ্যকলাপ নাই বুলি স্পষ্ট কৰিছে।
এই ঘটনাত আকস্মিক মৃত্যু (ADR)ৰ এটা গোচৰ ৰুজু কৰা হৈছে।
শেফালি জৰিৱালাই ২০০২ চনত ‘কাটা লাগা’ গীতৰ জৰিয়তে ২০ বছৰ বয়সতে খ্যাতি লাভ কৰিছিল। তাৰ পিছত তেওঁ ‘নাচ বালিয়ে’ আৰু বিগ বছৰ দৰে ৰিয়েলিটী অনুষ্ঠানত অংশ লৈছিল। নাচ বালিয়ে-ত তেওঁ নিজৰ স্বামী পৰাগ ত্যাগীৰ সৈতে অংশ লৈছিল।
Niyomiya Barta Desk, Date of published : 30 June, 2025