নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ওদালগুৰিৰ কাকাৰামাৰীত অসমীয়া কথাছবি ‘ক্ৰন্দন’ৰ শুভ মহুৰত

নিয়মীয়া বাৰ্তা, ১২ জুলাই : নেচনেল পাৰফৰ্মিং আৰ্টছ এচচিয়েচন অৱ ইণ্ডিয়া, ডেমক্ৰেচি লাইভ আৰু তক্ষশীলা বিশ্ববিদ্যালয়ৰ বেনাৰত ড° পখিলা কলিতাৰ চিত্ৰনাট্য আৰু কাহিনীৰে নিৰ্মান কৰিবলৈ লোৱা পূৰ্ণদৈৰ্ঘৰ অসমীয়া কথা ছবি ‘ক্ৰন্দন’ৰ শুভ মহুৰত আজি ওদালগুৰি জিলাৰ কাকাৰামাৰীত সম্পন্ন কৰা হয়। কেমেৰাত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰি এক মাঙ্গলিক পৰিৱেশত ছবিখনৰ মহুৰত সম্পন্ন কৰে বড়ো চিনে আৰ্টিষ্ট এছচিয়েচনৰ সম্পাদক দ্বীপেন বড়োৱে। কাকাৰামাৰীস্থিত তক্ষশীলা বিশ্ববিদ্যালয় চৌহদত আয়োজিত মহুৰত অনুষ্ঠানত ছবিখনৰ পৰিচালিকা ড° পখিলা কলিতা, ব্যৱস্থাপক মৰম কুমাৰ, নেচনেল পাৰফৰ্মিং আৰ্টছ এচোছিয়েশ্যন অৱ ইণ্ডিয়াৰ উপ-সভাপতি তথা হিন্দী চিনেমাৰ অভিনেতা উমাশংকৰ মিশ্ৰ, সম্পাদক অশোক শৰ্মা, অনাতাঁৰ নাট্যকাৰ পুলিন তালুকদাৰ, সাংস্কৃতিক কৰ্মী মনোৰমা বৰা, অভিনয় শিল্পী মাধৱ ৰাভাকে ধৰি অঞ্চলটোৰ ভালেসংখ্যক বিশিষ্ট ব্যক্তি, কলা-কুশলী আৰু অভিনয় শিল্পীসকল উপস্থিত থাকে। জনজাতীয় সমাজ জীৱনৰ পটভূমিত নিৰ্মাণ কৰিবলৈ লোৱা ছবিখনৰ অভিনয় শিল্পী সকল হ’ল- আকাশ সুৰ, অৰ্পিতা শইকীয়া, পংকজ কলিতা, নীলমণি বৈশ্য, বৈশালী কাশ্যপ, তীৰ্থ সাগৰ কলিতা, শ্যাম সঞ্জীৱ, প্ৰিয়ম শৰ্মা আদি। উল্লেখ্য যে ইয়াৰ পূৰ্বে তক্ষশীলা বিশ্ববিদ্যালয় চৌহদত দহ লাখ টকাৰে নিৰ্মান কৰিবলৈ লোৱা এটা সমুহীয়া ভৱনৰ আধাৰশিলা স্থাপন কৰে বিশিষ্ট সাংস্কৃতিক কৰ্মী ধ্ৰুৱজ্যোতি বড়োৱে।

প্ৰেৰক ধীৰেন মহলীয়া

You might also like