নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত ঝংকাৰলৈ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্যৰ ছবি

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৫ মাৰ্চঃ মুক্তিৰ পূৰ্বেই অসমীয়া বোলছবি ‘ঝংকাৰ’লৈ সুখবৰ আহিছে সুদূৰ বাৰ্লিনৰ পৰা। মুক্তিৰ অপেক্ষাত থকা ড° জয়ন্তী চুতীয়া প্ৰযোজিত আৰু হেম চন্দ্ৰ বৰা পৰিচালিত ছবি ঝংকাৰে বাৰ্লিন কিট্জ চলচ্চিত্ৰ মহোৎসৱত চাৰিটাকৈ সন্মানজনক বঁটা অৰ্জন কৰিবলৈ সক্ষম হৈছে। আন্তঃৰাষ্ট্ৰীয় খ্যতিসম্পন্ন বিজ্ঞানী ড° জয়ন্তী চুতিয়া প্ৰযোজিত অসমীয়া ছবিখনৰ চিত্ৰনাট্য আৰু পৰিচালনা ‘সংকল্প’ খ্যাত হেম চন্দ্ৰ বৰাৰ। সহযোগী পৰিচালকৰ দায়িত্বত আছে দীপক কুমাৰ ৰয়। কাহিনী জয়ন্তী চুতীয়াৰ আৰু সংগীত পৰিচালনা বিশিষ্ট সঙ্গীতজ্ঞ সদানন্দ গগৈৰ। ২৫ এপ্ৰিলত মুক্তি লাভ কৰিবলগীয়া ঝংকাৰৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৰাগ ঐনিতম আৰু অনিন্দিতা ৰূদ্ৰজে। ছবিখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে দুলাল ৰয়, ৰেবা ফুকন, ৰাজীৱ গোস্বামী, তপজিৎ দত্ত বৰা, পল ফুকন, পাৰ্থ দত্ত, ত্ৰৈলোক্য কাশ্যপে। আন অভিনয় শিল্পী সকল হৈছে  ৰাজেন নেওঁগ, দীপক কুমাৰ ৰয়, ৰাজেন ফুকন, ৰাজকুমাৰ ঠাকুৰ, প্ৰশান্ত গোস্বামী, অনাবিল মহন্ত, কৌস্তভ দাস, নিখিল চৌধুৰী, নিতুল ঠেঙাল, নুনুসিং কৰ্মকাৰ, কবিতা শইকীয়া দেবী, শেৱালী নেওঁগ, মামু নাথ, চনিয়া ভৰদ্বাজ, যুক্তা বৰা ইত্যাদি। অতিথি শিল্পী ৰূপে আছে ভগৱত প্ৰীতম, মুকুল দাস আৰু জ্ঞানপাল মহাথেৰ (ভাণ্টে)। ছবিখনৰ শিশু শিল্পী সকল হৈছে গ্ৰান্থিক বৰা, বিপাঞ্চীকা বৰা, দৃধাংশু ৰূদ্ৰজ বৰা,  বৰ্ণাঢ্য প্ৰতিম ফুকন ইত্যাদি। ঝংকাৰৰ গীতৰ ৰচনা বিশিষ্ট গীতিকাৰ মৃনাল কুমাৰ চৌধুৰী আৰু হেম চন্দ্ৰ বৰাৰ। শীৰ্ষ গীতত কণ্ঠদান কৰিছে অনিন্দিতা পাল, সদানন্দ গগৈ, দীক্ষু শৰ্মা, গায়ত্ৰী শৰ্মা, ড° দিগন্ত গোস্বামী, তিলক নেৱাৰ, শতাব্দী খাতনিয়াৰ আৰু নিয়ন্তা ভাৰতীকে আদি কৰি কেইবাগৰাকীও শিশু শিল্পীয়ে। নগাওঁ, কাজিৰঙা, যোৰহাট, নাহৰকটীয়া আৰু গুৱাহাটীৰ বিভিন্ন লোকেশ্বনত ছবিখনৰ চিত্ৰগ্ৰহন সম্পন্ন কৰা হৈছিল। অহা ২৫ এপ্ৰিলত অসমৰ কেইবাটাও ছবিগৃহত ঝংকাৰৰ মুক্তিৰ যো-জা চলাই থকাৰ সময়তে বাৰ্লিন কিট্জ চলচ্চিত্ৰ মহোৎসৱত চাৰিটাকৈ সন্মানজনক বঁটা অৰ্জনে ছবিখনৰ সৈতে জড়িত প্ৰতিগৰাকী শিল্পী-কলা-কুশলীৰ লগতে অসমীয়া সাংস্কৃতিক জগতক  উৎসাহিত কৰিছে। উল্লেখ্য যে ড° জয়ন্তী চুতীয়া প্ৰযোজিত আৰু হেম চন্দ্ৰ বৰা পৰিচালিত ছুটি ছবি ‘হ্যাৰিকেন’ আৰু হেম চন্দ্ৰ বৰা প্ৰযোজিত আৰু পৰিচালিত দিবাস্বপ্নই দেশ-বিদেশৰ কেইবাখনো ছবি মহোত্সৱত ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় বঁটা অৰ্জন কৰিবলৈ সক্ষম হৈছিল। ঝংকাৰৰ শিশু শিল্পী গ্ৰান্থিক বৰাই দিবাস্বপ্ন আৰু হ্যাৰিকেনত কৰা অভিনয়ৰ বাবে ইতিমধ্যে পাঁচটা আন্তৰ্জাতিক বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।
You might also like