নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈৰ পৰা কলাক্ষেত্ৰত ভুল্লুং-বুথুৰ আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২ ছেপ্টেম্বৰ : কাইলৈৰ পৰা ৭ ছেপ্টেম্বৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰীমাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব ‘ভুল্লুং-বুথুৰ আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱ ২০২৪ (BBITF 24) ৷ নাট্যদল আঁক -এ ক্ৰিয়েটিভ লাইনৰ হৈ ডঃ মৃণালজ্যোতি গোস্বামীৰ মুখ্য তত্ত্বাৱধানত দ্বিতীয়বাৰৰ বাবে অসমত এই নাট মহোৎসৱ অনুষ্ঠিত হ’ব৷ এইবাৰৰ মহোৎসৱত আমেৰিকা, পোলেণ্ড, শ্ৰীলংকা, অষ্ট্ৰেলিয়া, ফ্ৰান্স, টিউনিচিয়া আৰু ভাৰতৰ নাট্যদলৰ দ্বাৰা বহুকেইখন নাটক মঞ্চস্থ কৰা হ’ব৷ এই নাট মহোৎসৱত নাটকৰ শক্তিৰে সাংস্কৃতিক প্ৰতিবন্ধকতাৰ মাজত সাঁকো তৈয়াৰ কৰি সাৰ্বজনীন বুজাবুজিৰ কথা চিন্তা কৰা হৈছে৷গুৰুত্ব দিয়া হৈছে মানৱৰ সৃষ্টিশীলতা আৰু নদীৰ লগত থকা সংযোগৰ কথাত৷ ভৌগোলিক সীমাবদ্ধতা নেওচি কেৱল নাটকৰ মাজেদিয়েই আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ বাবে এখন মঞ্চ দিয়াৰ লগতে পৰম্পৰা, প্ৰকৃতিৰ লগতে মানৱীয় অনুভূতি-অভিজ্ঞতাক সম্পৰ্কিত কৰি নাটকীয় উপস্থাপনৰে নান্দনিক ৰূপত কিছুমান বিষয় উপস্থাপনৰ চেষ্টা কৰা হৈছে৷ কাইলৈ সন্ধিয়া মহোৎসৱ উদ্বোধন কৰা হ’ব৷ লগতে অনুষ্ঠিত হ’ব সম্বৰ্ধনা অনুষ্ঠানো৷ উদ্ধোধনী অনুষ্ঠানত অংশ ল’ব শ্ৰীলংকাৰ নাট্যকৰ্মী এম ছফীৰে৷ প্ৰয়াত থানেশ্বৰ গোস্বামীৰ সোঁৱৰণত উচৰ্গিত কাইলৈৰ নাট্য সন্ধিয়াটিত মহোৎসৱৰ প্ৰথমখন নাটক হিচাপে মঞ্চস্থ কৰা হ’ব পোলেণ্ডৰ বহুচৰ্চিত নাটক পেৰাডক্স৷ সেইদৰে নাট-মহোৎসৱখনত আমেৰিকাৰ মাউণ্ট ৰাচমৰ (এ পাংক ৰক প্লে’), দ্যা ইনভিক্‌চন,চি ইজ নেক্‌ড, ইকুৱেল ফিলিংছ (শ্ৰীলংকা), জোনাকী পদ্য,এ’ ৰিভাৰচ টে’ল, কল্পকথা (ভাৰত), ষ্টৰিলেছ…ব্লিড (টিউনিচিয়া), চুইংছ অৱ লাভ (ভাৰত, শ্ৰীলংকা, অষ্ট্ৰেলিয়া, ফ্ৰান্সৰ যৌথ সহযোগত) আদি নাটকেইখন পৰিৱেশন কৰা হ’ব৷ মহোৎসৱৰ লগত সংগতি ৰাখি সোণাপুৰ মহাবিদ্যালয় আৰু বকোৰ জে এন মহাবিদ্যালয়ত আৰণ্যকৰ পৰিচালনাত অনুষ্ঠিত হ’ব পৰিৱেশ সংবেদনশীলতা বিষয়ক কৰ্মশালা৷ সেইদৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ ছেমিনাৰ হলত দিনৰ ভাগত অনুষ্ঠিত হ’ব থিয়েটাৰ ফৰাম,পাৰ্‌ফমেন্স আৰ্ট, থিয়েটাৰ চিম্পজিয়াম,ফিজিকেল থিয়েটাৰ ৱৰ্কশ্বপ আদি কেইটিমান বিশেষ কাৰ্যসূচী৷ নাট উপভোগৰ লগতে আন আন কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ প্ৰতিনিধি পঞ্জীয়নৰ বাবে আগ্ৰহী দৰ্শকে https://forms.gle/X4gSaqCvxqEGmNU8A এই অনলাইন লিংকৰ জৰিয়তে নিজৰ নাম পঞ্জীয়ন কৰাব পাৰিব৷ অধিক তথ্যৰ বাবে আগ্ৰহীসকলে নাট মহোৎসৱখনিৰ ৱেবছাইট https://www.aank.org চাব পাৰে৷ বহুকেইগৰাকী গণ্য মান্য ব্যক্তি উপদেষ্টা হিচাপে থাকি পৰামৰ্শ প্ৰদান কৰাৰ লগতে চিৰিয়াছ সাংস্কৃতিক কৰ্মীৰ এটি দলে আয়োজন কৰা নাটমহোৎসৱখনি সাফল্যমণ্ডিত কৰি তুলিবলৈ উদ্যোক্তা সকলে দৰ্শক-ৰাইজৰ সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে৷ আজি গুৱাহাটী প্ৰেছ ক্লাৱত সংবাদমেল সম্বোধন কৰি ফেষ্টিভেল ডাইৰেক্টৰ ডঃ মৃণাল জ্যোতি গোস্বামী, উপদেষ্টা ক্ৰমে নয়ন প্ৰসাদ, তপন দত্ত, নুৰুদ্দিন আহমেদ, তৰুণ চন্দ্ৰ কলিতা, অভিনেত্ৰী কংকনা দাস, মহোৎসৱ সম্পাদক অভিজিৎ দাস, প্ৰচাৰ সমন্বয়ক দৰ্শনা বৰুৱা প্ৰমুখ্যে উদ্যোক্তাসকল উপস্থিত থাকি সাংবাদিকসকলৰ লগত মত বিনিময় কৰে৷

You might also like