নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুলাইত ডুবাইত দুলীয়াজান ক্লাবৰ শাস্ত্ৰীয় নৃত্য পৰিৱেশন

🔴 ভাৰত নাট্যমৰ প্ৰশিক্ষক ধনেশ্বৰী বাউৰীলৈ “নৃত্য শিৰোমণি” আৰু “বেষ্ট আইকনিক এৱাৰ্ড”

নিয়মীয়া বাৰ্তা, ১ জানুৱাৰীঃ নতুন বৰ্ষৰ আৰম্ভণিৰ প্ৰাকমূহুৰ্তত তৈলনগৰী দুলীয়াজানৰ সাংস্কৃতিক মহললৈ এক সু-খৱৰ কঢ়িয়াই আনিছে দুলীয়াজান ক্লাবৰ শাস্ত্ৰীয় নৃত্য দলটিয়ে। অলপতে গুৱাহাটী কাহিলীপাৰা জ্যোতি চিত্ৰবনত Reedom Events and Management PVT. LTD য়ে আয়োজন কৰা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্লাচিকেল, ৱেষ্টাৰ্ণ আৰু ফ’ক ডান্স প্ৰতিযোগিতাত দুলীয়াজানৰ ক্লাবৰ পৰা শাস্ত্ৰীয় নৃত্য দলটিয়ে একক আৰু দলীয় শাখাত ভাৰত নাট্যম পৰিৱেশন কৰি শ্ৰেষ্ঠ বিবেচিত হয়। এই প্ৰতিযোগিতাত ৰাজ্য তথা বহিঃৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা দুহেজাৰোধিক প্ৰতিযোগীৰ মাজৰ পৰা দুলীয়াজান ক্লাবৰ প্ৰায় ৩৫ গৰাকী নৃত্যশিল্পী পৰৱৰ্তী ৰাউণ্ডলৈ যোগ্যতা অৰ্জন কৰে। ইয়াৰ পাছতে যোৱা ১১ ডিচেম্বৰত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত মুম্বাই কাৰ্নিভেলত বছা বছা তিনিশ প্ৰতিযোগীৰ মাজৰ পৰা মুঠ পঞ্চাশ গৰাকী নৃত্য শিল্পীক নিৰ্বাচন কৰা হয়। ইয়াৰে দুলীয়াজান ক্লাবৰ ছগৰাকী নৃত্যশিল্পীয়ে একক শাখাত আৰু আন ছগৰাকীয়ে দলীয় শাখাত নিৰ্বাচিত হৈ অহা জুলাই মাহৰ ২৫ তাৰিখে সুদূৰ ডুবাইত অনুষ্ঠিত হ’বলগীয়া চূড়ান্ত প্ৰতিযোগিতাত অংশ ল’ব দলটোৱে। এই অনুষ্ঠানতে বিশেষ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে দুলীয়াজানৰ লাভিজা বেগম, সুদীপ্তা ভট্ৰাচাৰ্য আৰু মনালিচা ভট্ৰাচাৰ্যই। উল্লেখযোগ্য যে দুলীয়াজান ক্লাবৰ শাস্ত্ৰীয় নৃত্য দলটিৰ প্ৰশিক্ষক হিচাপে যোৱা ভাৰত নাট্যম (স্নাতকোত্তৰ) আৰু সত্ৰীয়া বিশাৰদ তথা কথক নৃত্য পটীয়সী ধনেশ্বৰী বাউৰীয়ে গুৱাহাটীত অনুষ্ঠিত সংস্কৃতি সংগ্ৰাম অনুষ্ঠানত “নৃত্য শিৰোমণি” আৰু মুম্বাই কাৰ্নিভেলত “বেষ্ট আইকনিক ষ্টাৰ এৱাৰ্ড” সন্মানেৰে সন্মানীত হয়। বলিউডৰ চেলিব্ৰেটিসকলৰ হাতেৰে বেষ্ট আইকনিক এৱাৰ্ড গ্ৰহণ কৰে দুলীয়াজানৰ নৃত্যপটিয়সী ধনেশ্বৰী বাউৰীয়ে।

প্ৰেৰক কৃষ্ণা গগৈ

You might also like