ৰাজ্যলৈ গৌৰৱ কঢ়িয়ালে নলবৰীয়া শিল্পী গুঞ্জন শৰ্মাই
নিয়মীয়া বাৰ্তা, ৯ ফেব্ৰুৱাৰীঃ মাইছোৰ আন্তর্জাতিক চুটি ছবি-তথ্যচিত্র মহোৎসৱত অসমীয়া তথ্যচিত্র ‘নিউ ইয়াৰ ইন ঈশান ভাৰত ‘লৈ ষ্টুডেন্ট শিতানত শ্ৰেষ্ঠত্বৰ সন্মান আঁজুৰি আনিছে অসমৰ অগ্ৰগনি চিত্ৰ নিৰ্মাণ প্ৰতিষ্ঠান SSDEKA Media & entertainment Pvt Ltd এ। এই প্ৰতিষ্ঠান টোৱে ২০১৭ চনৰে পৰা একেৰাহে উত্তৰ পূৱ ভাৰতৰ বিভিন্ন বিষয় বস্তু লৈ কলাত্মক তথ্যচিত্ৰ নিৰ্মান কৰি আহিছে। Ssdekaৰ অন্যতম তথ্যচিত্র ‘নিউ ইয়াৰ ইন ঈশান ভাৰতে’ Student শিতানত শ্রেষ্ঠ তথ্যচিত্র সম্মান লাভেৰে উজলি উঠিছে পৰিদৃশ্য আন্তর্জাতিক চুটি ছবি আৰু তথ্যচিত্র মহোৎসৱত। সমীৰণ ডেকাৰ প্ৰযোজনা আৰু গুঞ্জন শৰ্মাৰ পৰিচালনাৰে নিৰ্মাণ হোৱা ছবিখনৰ সাফল্যই উৎফুল্লিত কৰি তুলিছে অসমীয়া ছবিপ্রেমীক। মাইছোৰৰ কে এছ অ’ ইউ কেম্পাছত যোৱা ২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা মহোৎসৱত প্ৰদান কৰা হৈছে এই সন্মান। চিদা বৰা, সর্পিল নন্দন ডেকা আৰু গুঞ্জন শৰ্মাই দৃশ্যগ্ৰহণ কৰা ছবিখনত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ভিন্ন জনজাতিয়ে নিজ নিজ ধৰণেৰে পালন কৰা নৱবৰ্ষ উদ্যাপনৰ পৰম্পৰাবোৰৰ অধ্যয়নেৰে ভাৰতীয় দৃশ্যকোনত বিশ্লেষণ কৰা হৈছে। ছবিখনৰ শব্দগ্রহণ অলকেশ বুজৰবৰুৱা, প’ষ্টাৰ ধীৰাজ ভাগৱতী আৰু সম্পাদনা ৰূপাংকৰ দাস আৰু সৰজিৎ তালুকদাৰৰ। লক্ষণীয়ভাৱে তথ্যচিত্রখনে ইতিমধ্যে হিমাচল আন্তর্জাতিক ছবি মহোৎসৱ, ২০২৪ত শ্রেষ্ঠ তথ্যচিত্ৰৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। তদুপৰি চলচ্চিত্ৰম ৰাষ্ট্ৰীয় ছবি মহোৎসৱ, ২০২৩ত দ্বিতীয় শ্রেষ্ঠ ছবি, মুম্বাইৰ ৰাষ্ট্ৰীয় শিক্ষার্থী ছবি মহোৎসৱত শ্রেষ্ঠ তথ্যচিত্র, মালদোভাৰ চাৰবেষ্ট আন্তর্জাতিক ছবি মহোৎসৱত ছেমি ফাইনেলিষ্ট আৰু আন্তর্জাতিক আন্তঃবিশ্ববিদ্যালয় চুটি ছবি মহোৎসৱত তথ্যচিত্ৰখনে আঁজুৰি আনিছে বিভিন্ন সম্মান। উল্লেখযোগ্য যে তথ্যচিত্ৰখনৰ পৰিচালক নলবাৰীৰ গুঞ্জন শৰ্মা ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ দ্বিতীয় ষাণ্মাষিকৰ ছাত্ৰ।
প্ৰেৰক শ্বাহ আলম আহমেদ