বিয়াত বহিল হিনা খান-ৰকী জয়ছোৱাল – জানো আহক দম্পতীটোৰ প্ৰেম কাহিনী
পিতৃৰ মৃত্যু হওক বা কেন্সাৰ হওক, প্ৰতিটো বিপদত হিনা খানৰ ঢাল হৈ পৰে ৰকী
বিয়াত বহিল হিনা খান-ৰকী জয়ছোৱাল, পিছে জানো আহক দম্পতীটোৰ প্ৰেম কাহিনী
হিনা খানক টিভিৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী হিচাপে গণ্য কৰা হয়। হিনাই আজিকালি অতি কঠিন পৰ্যায়ৰ মাজেৰে পাৰ হৈ গৈছে। অৱশ্যে এই কঠিন সময়ত হিনাই অনুৰাগীক যি উপহাৰ দিছে সেয়া প্ৰশংসনীয়। আচলতে হিনাই দীৰ্ঘদিনীয়া প্ৰেমিক ৰকী জয়ছোৱালৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে।
হিনা আৰু ৰকীৰ বিয়া হৈছিল অতি সহজভাৱে, কিন্তু এই মুহূৰ্তটো তেওঁলোকৰ অনুৰাগীৰ বাবে অতি আৱেগিক আছিল। হিনা আৰু ৰকিৰ প্ৰেম কাহিনী কেনেকৈ আৰম্ভ হ’ল সেয়া অতি কমসংখ্যক লোকেহে গম পাব। দুয়োৰে প্ৰথম লগ হৈছিল য়েহ ৰিষ্টৰ চেটত।
সংবাদ মাধ্যমৰ পৰা তেওঁলোকৰ সম্পৰ্ক লুকুৱাই ৰখা নাছিল
এই শ্ব’টোত হিনাই ৮ বছৰ ধৰি অক্ষৰৰ চৰিত্ৰত অভিনয় কৰিছিল, আনহাতে ৰকি শ্ব’টোৰ তত্বাৱধায়ক প্ৰযোজক আছিল। লাহে লাহে হিনা আৰু ৰকিৰ বন্ধুত্ব হ’ল আৰু তাৰ পিছত প্ৰেমত পৰিল। সংবাদ মাধ্যমৰ আগত কেতিয়াও নিজৰ সম্পৰ্ক লুকুৱাই ৰখা নাছিল দম্পতীহালে। কেৰিয়াৰৰ উত্থান-পতন হওক বা ব্যক্তিগত জীৱনৰ সমস্যাই হওক, হিনাৰ বাবে ৰকীয়ে সদায় শক্তিশালী ঢাল হিচাপে থিয় দি আহিছে।
গোপনে বিয়া কৰাইছিল
হিনা খানৰ দেউতাকৰ দেহাৱসান ঘটাত ৰকীয়েই তাইৰ খবৰ লৈছিল। হিনা আৰু ৰকীৰ গোপনে বিয়া হৈছিল। এই বিশেষ অনুষ্ঠানত কেৱল তেওঁলোকৰ পৰিয়াল আৰু বন্ধু-বান্ধৱীহে উপস্থিত আছিল। ছ’চিয়েল মিডিয়াত হিনাই বিয়াৰ ছবি শ্বেয়াৰ কৰাৰ লগে লগে অনুৰাগী আৰু চেলিব্ৰিটিসকলে তেওঁক অভিনন্দন জনাবলৈ আৰম্ভ কৰে।
হিনাই স্তন কেঞ্চাৰৰ সৈতে যুঁজি আছে
বিয়াখনত হিনাক অতি বিনয়ী আৰু ৰকীক পৰম্পৰাগত সাজ-পোছাকত সুদৰ্শন দেখা গৈছিল। এই সময় হিনাৰ বাবে অতি প্ৰত্যাহ্বানজনক। এই সময়ত হিনাৰ আটাইতকৈ ডাঙৰ শক্তি ৰকী। বিগত কেইমাহমানৰ পৰা স্তন কেঞ্চাৰৰ সৈতে যুঁজি আছে অভিনেত্ৰীগৰাকী।
ৰকীয়ে তাইৰ যত্ন লয়
এনে পৰিস্থিতিত হিনাও কেইবাবাৰো কেমোথেৰাপি কৰিছে। বহু সাক্ষাৎকাৰৰ সময়ত হিনাই কৈছিল যে এই সময়ছোৱাত ৰকীয়ে তাইৰ দিন-ৰাতি কেনেদৰে যত্ন লৈছিল। তেওঁ তাইৰ ভৰিৰ মালিচ কৰিছিল, তাইক ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ শক্তি দিছিল। হিনা আৰু ৰকীৰ পঞ্জীয়নভুক্ত বিবাহ হৈছে।