নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৱাশ্বিংটন ডিচিত অনুষ্ঠিতব্য ছাউথ এছিয়ান ফিল্ম ফেষ্টিভেললৈ আমন্ত্ৰিত আইৰন গাৰ্লছ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৭ আগষ্টঃ অসমৰ চলচ্চিত্ৰ জগতলৈ আহিছে এটা সুখবৰ৷ অসমৰ স্বৰ্ণিল লোককলা ওজাপালি আৰু দেওধনীক বিষয় হিচাপে লৈ চলচ্চিত্ৰ পৰিচালক ৰাজেন দাসে পৰিচালনা কৰা পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া চলচ্চিত্ৰ আইৰন গাৰ্লছ নিৰ্বাচিত হৈছে ৱাশ্বিংটন ডিচি চাউথ এছিয়ান ফিল্ম ফেষ্টিভেললৈ৷ অহা ১৩ ছেপ্টেম্বৰৰ পৰা ১৫ ছেপ্টেম্বৰলৈ ৱাশ্বিংটন ডিচিত অনুষ্ঠিত হবলগীয়া দক্ষিণ এছিয়া চলচ্চিত্ৰ মহোৎসৱত “আইৰন গাৰ্লছ“ৰ প্ৰদৰ্শনৰ বাবে আজি পৰিচালক ৰাজেন দাসলৈ ফেষ্টিভেল কৰ্তৃপক্ষই ইমেইলযোগে আমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰিছে৷ উল্লেখ্য যে যোৱাবৰ্ষত এই চলচ্চিত্ৰ মহোৎসৱত অসম সন্তান আদিল হুছেইন অভিনীত ভাৰতবৰ্ষৰ পৰা যোৱা Footprints Of Water ছবিখন শ্ৰেষ্ঠ ছবি হিচাপে নিৰ্বাচিত হৈছিল৷ এইবাৰ এই মহোৎসৱৰ একেই শাখাত অৰ্থাৎ শ্ৰেষ্ঠ চলচ্চিত্ৰ শিতান আৰু দৰ্শকৰ শ্ৰেষ্ঠ ছবি শিতানত মনোনয়ন লাভ কৰিছে আইৰন গাৰ্লছ-এ ৷ উল্লেখ্য যে অসমৰ লোককলাৰ প্ৰসাৰেৰে জীৱন পাত কৰা পদ্মশ্ৰী দ্ৰোণ ভূঞাৰ জীৱন চৰ্যাক আধাৰ হিচাপে লৈ পৰিচালক ৰাজেন দাসে তিনি বছৰকাল ওজাপালি-দেওধনীৰ ওপৰত গৱেষণা অব্যাহত ৰাখিছিল৷ ইয়াৰ ফলশ্ৰুতিতেই নিৰ্মাণ হৈছিল আইৰন গাৰ্লছ৷ কাৰ্যতঃ অসমৰ এই সোণসেৰীয়া লোককলা এতিয়া ৱাশ্বিংটন ডিচিত চলচ্চিত্ৰৰ মাধ্যমত প্ৰদৰ্শন হব৷এই সন্দৰ্ভত পৰিচালক ৰাজেন দাসে কয়- আমাৰ বিশ্বাস আছিল চলচ্চিত্ৰখনে বিশ্ব দৰবাৰত খোজ পেলাব৷ এই চলচ্চিত্ৰখন নিৰ্মাণত আমি বহু ত্যাগ স্বীকাৰ কৰিবলগীয়া হৈছিল৷ নিজৰ জেপৰ ধন ভাঙি কেৱল অসমৰ লোককলা ওজাপালি-দেওধনীক বিশ্বজনীন প্ৰসাৰ দিয়াৰ বাবে চলচ্চিত্ৰখনৰ নিৰ্মাণত কষ্ট আৰু সাধনা কৰি গৈছিলো৷ এতিয়া এই সফলতাই আমাৰ শ্ৰমৰ সাৰ্থকতা আনিছে৷ উল্লেখ্য যে আইৰন গাৰ্লছৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে পদ্মশ্ৰী দ্ৰোণ ভূঞা, আশা বৰদলৈ, এন এছ ডিৰ মৃদুল বৰুৱা, নৱাগতা জেচমিন দাস আদিয়ে৷ আইৰন গাৰ্লছৰ সহযোগী পৰিচালক মীনাক্ষি দাস৷ উল্লেখ্য যে আইৰন গাৰ্লছ ১৬ -১৮ আগষ্টত ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, হিমাচল চৰকাৰ, NFDCৰ সহযোগত অনুষ্ঠিত হবলগীয়া ছিমলা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শন হব৷

You might also like