নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাইজেৰিয়া চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত অসমৰ আইৰন গাৰ্লছ

📌  পৰিচালক ৰাজেন দাসলৈ পেনেলিষ্টৰ বিশেষ সন্মান

📌 পেনেলিষ্টৰ আসনৰ পৰা অসমৰ লোকসংস্কৃতিৰ ওপৰত বক্তৃতা ৰাজেন দাসৰ

📌 ৰাষ্ট্ৰপতি ভৱনত কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰীক অসমীয়া গামোচা উপহাৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩ ডিচেম্বৰঃ ফেডাৰেল ৰিপাব্লিক অব নাইজেৰিয়াৰ ৰাজধানী আবুজাত নাইজেৰিয়াৰ চৰকাৰে অনুষ্ঠিত কৰা আৰু ১ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত আজি প্ৰদৰ্শন হ’ল অধ্যাপক-পৰিচালক ৰাজেন দাসৰ পৰিচালিত অসমৰ চলচ্চিত্ৰ “আইৰন গাৰ্লছ“৷ অসমৰ স্বৰ্ণিল লোককলা দেওধনী আৰু ওজাপালিক বিশ্বজনীন প্ৰসাৰৰ বাবে পৰিচালক ৰাজেন দাসে নিৰ্মাণ কৰা “আইৰন গাৰ্লছ“এ আবুজাৰ মাল্টিপ্লেক্স চলচ্চিত্ৰগৃহ “চিলভাৰ বাৰ্ড চিনেমাত“ প্ৰদৰ্শন হোৱাৰ লগে লগে কাৰ্যত অসমৰ লোকসংস্কৃতিয়ে আৰু চলচ্চিত্ৰই আফ্ৰিকা মহাদেশত এক নতুন দুৱাৰ মুকলি কৰিলে৷প্ৰদৰ্শনৰ সময়ত ছবিগৃহত উপস্থিত থকা বিশ্বৰ বিভিন্ন দেশৰ চলচ্চিত্ৰ নিৰ্মাতা,ফিল্ম কৰ্প’ৰেচনৰ মুৰব্বী আৰু চলচ্চিত্ৰ সমালোচকে “আইৰন গাৰ্লছ“ক প্ৰশংসা কৰাৰ লগতে অসমৰ লোকসংস্কৃতিৰ বিষয়ে জানিব পাৰি আপ্লুত হৈ পৰে৷আইৰন গাৰ্লছ“ৰ প্ৰদৰ্শনত উপস্থিত থাকে আবুজাত থকা ভাৰতীয় দূতাবাসৰ দুগৰাকীকৈ প্ৰট’কল বিষয়াই৷আনহাতে আবুজাৰ হাই ক’মিচন অব ইণ্ডিয়াত পৰিচালক ৰাজেন দাসৰ সতে হোৱা এক সৌজন্যমূলক বৈঠকত ভাৰতীয় উচ্চায়ুক্ত জি বালাসুব্ৰমণিয়ামে পৰিচালক ৰাজেন দাসৰ লোকসংস্কৃতি বিষয়ৰ চলচ্চিত্ৰ যাত্ৰাৰ শলাগ লয় আৰু অভিনন্দন জনায়৷উল্লেখযোগ্য যে “আইৰন গাৰ্লছ“ৰ গ্ৰেণ্ড আফ্ৰিকান প্ৰিমিয়াৰৰ লগতে পৰিচালক ৰাজেন দাসক নাইজেৰিয়ান চৰকাৰৰ কেন্দ্ৰীয় ফিল্ম ক’ৰ্পৰেচনে এক বিশেষ সন্মান প্ৰদান কৰে৷নাইজেৰিয়ান চৰকাৰৰ কেন্দ্ৰীয় তথ্য আৰু সাংস্কৃতিক মন্ত্ৰ্যালয় তথা কেন্দ্ৰীয় ফিল্ম কৰ্প’ৰেচনৰ উদ্যোগত আয়োজিত এই জুমা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত “আইৰন গাৰ্লছ“ৰ পৰিচালক ৰাজেন দাসক পেনেলিষ্টৰ আসনত অধীনস্থ কৰে৷মহোৎসৱ উপলক্ষে আয়োজিত “ডিজিটেল নৱজাগৰণঃআমাৰ ভবিষ্যৎ“ বিষয়ক এক উচ্চোপৰ্যায়ৰ শীৰ্ষ সন্মিলনত পেনেলিষ্টৰ আসনৰ পৰা পৰিচালক ৰাজেন দাসে বিশ্বৰ বিভিন্ন প্ৰান্তৰ চলচ্চিত্ৰ নিৰ্মাতা,মুৰব্বী তথা দৰ্শকৰ সল্মুখত অসমৰ লোকসংস্কৃতিৰ বিশ্বজনীন আবেদন, প্ৰসাৰ আৰু স্বীকৃতিৰ ওপৰত এক বক্তৃতা প্ৰদান কৰে৷ অসমৰ লোকসংস্কৃতিৰ বিষয়ে জানিব পাৰি বিশ্বৰ বিভিন্ন দেশৰ প্ৰতিনিধি অভিভূত হৈ পৰে৷আনহাতে আজি জুমা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ এক অংশ হিচাপে নাইজেৰিয়াৰ ৰাষ্ট্ৰপতি ভৱনত এক সন্মিলন অনুষ্ঠিত হয় যত বিশ্বৰ বিভিন্ন দেশৰ প্ৰতিনিধিক সম্বোধন কৰে নাইজেৰিয়াৰ ফাৰ্ষ্ট লেডী,কেন্দ্ৰীয় আৰ্ট,কালচাৰ এণ্ড টুৰিজিম মন্ত্ৰ্যালয়ৰ মন্ত্ৰী বেৰিষ্টাৰ হানাটু মুছা মুছাৱা,নাইজেৰিয়ান ফিল্ম ক’ৰ্পৰেচনৰ সঞ্চালক আলী নুহু, ৰাজিক মন্ত্ৰী মাৰিয়া মেহমুদে৷ এই সন্মিলনত ভাৰতৰ তৰফৰ পৰা পৰিচালক ৰাজেন দাসে অংশ গ্ৰহণ কৰে৷পৰিচালক ৰাজেন দাসে কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰী হানাটু মুছা মুছাৱাক অসমীয়া গামোছা পিন্ধাই সাংস্কৃতিক মত বিনিময় কৰে৷কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰসংগত চলচ্চিত্ৰৰ বিশ্বজনীন আবেদনৰ কথা ব্যক্ত কৰি চলচ্চিত্ৰই মানুহৰ মাজত প্ৰেম আৰু ভ্ৰাতৃত্বৰ বাণীোপ্ৰসাৰিত কৰাত সক্ষম হব বুলি মত প্ৰকাশ কৰে৷উল্লেখ্য যে এই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত জাৰ্মানী,ফ্ৰান্স,ভাৰত,ইৰান,আমেৰিকা যুক্তৰাষ্ট্ৰ, ব্ৰিটেইন, জামাইকা, দক্ষিণ আফ্ৰিকা আদি বহুসংখ্যক দেশে যোগদান কৰাৰ লগতে নিৰ্বাচিত চলচ্চিত্ৰসমুহ মাল্টিপ্লেক্স চলচ্চিত্ৰ গৃহত প্ৰদৰ্শিত হয়৷আনহাতে বহুকেইখন দেশৰ উচ্চায়ুক্ত তথা চলচ্চিত্ৰ নিগমৰ মুৰব্বীসকলো এই মহোৎসৱত উপস্থিত থাকে৷

You might also like