নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুন দিল্লীত প্ৰদৰ্শন আইৰন গাৰ্লছ – ভিলেজ ৰ’কষ্টাৰ-২

নিয়মীয়া বাৰ্তা, ১০ নৱেম্বৰঃ নতুন দিল্লীৰ NFDC  চিনেমা তথা চিৰিফ’ৰ্ট অ’ডিটৰিয়ামত ৫ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা ৰাষ্ট্ৰীয় সংবাদগোষ্ঠী দৈনিক জাগৰণৰ বাৰ্ষিক চলচ্চিত্ৰ মহোৎসৱৰ সামৰণি পৰিছে৷ সেই অনুসৰি সন্ধিয়া ৬ বজাত NFDC চিনেমাৰ অ’ডি২ প্ৰদৰ্শিত হয় পৰিচালক ৰাজেন দাসৰ পৰিচালিত চলচ্চিত্ৰ “আইৰন গাৰ্লছ“৷ উল্লেখ্য যে পাটাছাৰকুছি নিৰ্মল হালৈ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক তথা পৰিচালক ৰাজেন দাসে “আইৰন গাৰ্লছ“ চলচ্চিত্ৰখন নিৰ্মাণ কৰিছে অসমাৰ স্বৰ্ণিল লোকসংস্কৃতি ওজাপালি আৰু দেওধনীৰ ওপৰত৷ ওজাপালি দেওধনীক বিশ্ব দৰবাৰত চিনাকী কৰি দিয়াৰ মানসেৰে তথা মহামান্য ৰাষ্ট্ৰপতিৰ পৰা  পদ্মশ্ৰী বঁটা গ্ৰহণ কৰা ওজাপালি লোকশিল্পী  দ্ৰোণ  ভূঞাৰ জীৱন চৰ্যাক প্ৰতিফলিত কৰি ৰাজেন  দাসে পৰিচালনা কৰা “আইৰন গাৰ্লছ“ ইতিমধ্যেই দেশে বিদেশে সমাদৃত হৈছে৷ ছবিখন  ৰূপালী পৰ্দাত প্ৰত্যক্ষ কৰি আবেগিক হৈ পৰে নতুন দিল্লীৰ  NFDC চিনেমাগৃহত উপস্থিত থকা চলচ্চিত্ৰপ্ৰেমী দৰ্শক৷ অসমৰ এক  স্বৰ্ণিল লোককলাৰ ওপৰত গৱেষণালব্ধ ছবি নিৰ্মাণৰ এই প্ৰচেষ্টাক শলাগ লয় উপস্থিত দৰ্শকে৷“আইৰন গাৰ্লছ“ৰ প্ৰদৰ্শনৰ পিছত দৰ্শকৰ প্ৰশ্নোত্তৰ শিতানত পৰিচালক ৰাজেন দাসে চলচ্চিত্ৰখনৰ নিৰ্মাণৰ বাবে সন্মুখীন হোৱা প্ৰত্যাহ্বান আৰু সংগ্ৰামৰ কথা ব্যক্ত কৰে উপস্থিত দৰ্শকক৷ পৰিচালকগৰাকীয়ে দৰ্শকৰ প্ৰশ্নৰ উত্তৰত কয় -“ এই চলচ্চিত্ৰ তিনিবছৰ যোৰা এক গৱেষণাৰ ফচল৷ অসমৰ এই লোককৃষ্টিৰ এক বিশ্বজনীন আবেদন আছে৷ইয়াক বিশ্বৰ জনতাৰ ওচৰলৈ লৈ যোৱাটো এক দায়বদ্ধতা হিচাপে কাম কৰি গৈছো৷” চলচ্চিত্ৰখনৰ জৰিয়তে অসমৰ লোকশিল্পী সকলক দিয়া মৰমৰ বাবে পৰিচালকগৰাকীয়ে দৰ্শকক ধন্যবাদ জ্ঞাপন কৰে৷ উল্লখ্য যে আজি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ  সতে হোৱা সাক্ষাৎকাৰটো পৰিচালকগৰাকীয়ে এই কথা ব্যক্ত কৰে৷আনহাতে কালি নিশা  ৰাজেন দাসৰ আইৰন গাৰ্লছৰ পিছতেই সামৰণি চলচ্চিত্ৰ হিচাপে প্ৰদৰ্শিত হয় আন এগৰাকী অসম সন্তান  ৰীমা দাসৰ “ভিলেজ ৰকষ্টাৰে ২”৷ৰীমা দাসৰ “ভিলেজ ৰকষ্টাৰে 2 “চলচ্চিত্ৰখনেও উপস্থিত দৰ্শকক মন্ত্ৰমুগ্ধ কৰি ৰাখে৷চলচ্চিত্ৰখনৰ প্ৰদৰ্শনৰ পিছত অনুষ্ঠিত প্ৰশ্নোত্তৰ শিতানত ৰীমা দাসে চলচ্চিত্ৰখন নিৰ্মাণৰ আৰৰ কথা উপস্থিত দৰ্শকক ব্যক্ত কৰে৷“ভিলেজ ৰকষ্টাৰ“ৰ কথা সোৱৰণ কৰি পৰিচালক ৰীমা দাসে কয় যে অসমৰ গাওঁৰ নিভাঁজ চিত্ৰ এখন কাহিনীৰ মাজেৰে তুলি ধৰাৰ চেষ্টা কৰা হৈছে দুয়োখন চিনেমাতেই৷উল্লেখ্য যে নতুন দিল্লীৰ জাগৰণ চলচ্চিত্ৰ মহোৎসৱত আন এগৰাকী  অসম সন্তান তথা আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ বিজেতা আদিল হুছেইনে উপস্থিত থাকি পৰিচালক ৰাজেন দাস আৰু ৰীমা দাসক উৎসাহিত কৰে৷বিশিষ্ট অভিনেতা গৰাকীয়ে দুয়োগৰাকী অসমৰ পৰিচালকৰ সতে ফটো চেছনতো অংশ লয়৷ উল্লেখ্য যে যোৱানিশা সামৰণি পৰা জাগৰণ চলচ্চিত্ৰ মহোৎসৱত বলিউডৰ মনোজ বাজপেয়ী,ৰাজপাল যাদৱ, তাপসী পান্নু, ভূমি, পংকজ কাপুৰ, অৰ্জুন কাপুৰ, প্ৰকাশ ঝা, পংকজ ত্ৰিপাঠীকে ধৰি কেবাগৰাকীও অভিনেতা পৰিচালকে অংশগ্ৰহণ কৰি দৰ্শকৰ সৈতে মত বিনিময় কৰে৷

প্ৰেৰক উৎপল মেধি

You might also like