নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্রেষ্ঠ ছবিসহ ১০টা বঁটাৰে উজলিল লাপাটা লেডিজ

শ্রেষ্ঠ অভিনেতা ভুলভুলায়া–৩ৰ বাবে কার্তিক আয়ন
শ্রেষ্ঠ অভিনেত্রী লাপাটা লেডিজৰ নীতাংশি গোয়েল
শ্রেষ্ঠ নির্দেশক লাপাটা লেডিজৰ কিৰণ ৰাও
শ্রেষ্ঠ সংগীত পৰিচালক ৰাম সম্পট (লাপাটা লেডিজ)
শ্রেষ্ঠ কণ্ঠশিল্পী জুবিন নৌটিয়েল, শ্রেষ্ঠ মহিলা কণ্ঠশিল্পী শ্রেয়া ঘোষাল
শ্রেষ্ঠ ছাউণ্ড ডিজাইনৰ বঁটা অসমৰ বলয় কুমাৰ দলৈসহ ৩জনলৈ (কিল)

নিউজ ডেস্ক, ১১ মাৰ্চঃ দেশৰ চলচ্চিত্র জগতৰ অন্যতম শ্রেষ্ঠ সন্মান আইফা বঁটা ২০২৫ জয়পুৰত অনুষ্ঠিত বর্ণাঢ়্য কার্যসূচীত প্রদান কৰা হয়৷ আইফা বঁটাৰ ৰূপালী জয়ন্তী সংস্কৰণৰ বঁটাসমূহ বলীউডৰ ৰথী–মহাৰথীৰ বর্ণিল অনুষ্ঠানৰ মাজে মাজে প্রদান কৰা হয়৷ বহুচর্চিত লাপাটা লেডিজ ছবিখনে এই আইফা ২০২৫ৰ মূল বঁটাসমূহ লাভ কৰে৷ কিৰণ ৰাও পৰিচালিত লাপাটা লেডিজে শ্রেষ্ঠ ছবিৰ সন্মান লাভ কৰাৰ লগতে শ্রেষ্ঠ নির্দেশকৰ বঁটা লাভ কৰে কিৰণ ৰাৱে৷ দেশজুৰি বহুল চর্চিত লাপাটা লেডিজৰ মূল অভিনেত্রী নীতাংশি গোয়েলে লাভ কৰে শ্রেষ্ঠ অভিনেত্রীৰ বঁটা৷ ভুলভুলায়া–৩ শীর্ষক ছবিখনৰ বাবে শ্রেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে কার্তিক আৰিয়নে৷ কিল ছবিৰ বাবে শ্রেষ্ঠ খলনায়কৰ বঁটা লাভ কৰে ৰাঘৱ জুৱেলে৷ সহঃ অভিনেত্রীৰ বঁটা লাভ কৰে লাপাটা লেডিজৰ বাবে ৰবি কিষাণে৷ তেনেদৰে চৈতানৰ বাবে সহঃ অভিনেত্রীৰ বঁটা লাভ কৰে জানকী বৰিয়ালাই৷ জনপ্রিয় শিতানত মৌলিক কাহিনীৰ বঁটা লাপাটা লেডিজৰ বাবে বিপ্লৱ গোস্বামী, আধাৰিত শ্রেষ্ঠ কাহিনীৰ বঁটা মেৰী খ্রীষ্টমাছৰ বাবে শ্রীৰাম ৰাঘৱন, অৰিজিৎ বিশ্বাস, পূজা লাধা সুর্তি আৰু অনুকৃতি পাণ্ডেই৷ শ্রেষ্ঠ নৱাগত নির্দেশকৰ বঁটা মাদগাঁও এক্সপ্রেছৰ বাবে কুনাল খেমু, শ্রেষ্ঠ নৱাগত অভিনেতা কিলৰ বাবে লক্ষ্য লালৱানি, শ্রেষ্ঠ নৱাগত অভিনেত্রী লাপাটা লেডিজৰ বাবে প্রতিভা ৰাণ্টা, শ্রেষ্ঠ সংগীত পৰিচালক লাপাটা লেডিজৰ বাবে ৰাম সম্পট, শ্রেষ্ঠ গীতিকাৰ লাপাটা লেডিজৰ সজ্জনী গীতৰ বাবে প্রশান্ত পাণ্ডে, শ্রেষ্ঠ পুৰুষ কণ্ঠশিল্পী আৰটিকল ৩৭০ৰ দুৱা গীতৰ বাবে জুবিন নৌটিয়াল, ভুলভুলায়া–৩ৰ আমি যে তোমাৰ গীতৰ বাবে শ্রেয়া ঘোষাললৈ শ্রেষ্ঠ মহিলা কণ্ঠশিল্পীৰ বঁটা, শ্রেষ্ঠ ছাউণ্ড ডিজাইন অসমৰ বলয় কুমাৰ দলৈ, সুভাষ চাহু আৰু ৰাহুল কার্পে (কিল)৷ শ্রেষ্ঠ চিত্রনাট্য লাপাটা লেডিজৰ বাবে স্নেহা দেশাইলৈ, শ্রেষ্ঠ সংলাপ আৰটিকল ৩৭০ৰ বাবে অর্জুন ধাৱান, আদিত্য ধৰ, আদিত্য সুভাষ জাম ভালে আৰু মনাল ঠাকুৰ, শ্রেষ্ঠ সম্পাদনা লাপাটা লেডিজৰ বাবে জবিন মার্চেণ্ট, শ্রেষ্ঠ চিত্রগ্রহণ কিলৰ বাবে ৰাফি মেহমুদ, শ্রেষ্ঠ নৃত্য পৰিচালক বেড নিউজৰ তৌবা তৌবাৰ বাবে বস্কো চিজাৰ৷ ভাৰতীয় চিনেমা জগতলৈ অতুলনীয় অৱদান আগবঢ়োৱাৰ বাবে জীৱনজোৰা বঁটা প্রযোজক–পৰিচালক ৰাকেশ ৰোছনলৈ৷

You might also like