নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰী ৰাস : ২১-২৭ নৱেম্বৰলৈ ১০টা নাট্যদলৰ ভ্ৰাম্যমাণৰ নাট্যযুদ্ধ

নলবাৰী হৰি মন্দিৰৰ পৰা বীৰেন কলিতা, ৭ নৱেম্বৰঃ ঐতিহ্যমণ্ডিত নলবাৰী শ্ৰীশ্ৰীহৰি মন্দিৰ প্ৰাঙ্গণত ১৯৩৩ চনৰ পৰা নিৰবিচ্ছিন্নভাবে ভগৱান শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ উদযাপন কৰি আহিছে শ্ৰীশ্ৰীহৰি মন্দিৰ সমিতিয়ে। এই বৰ্ষত ৯১তম্ বৰ্ষ হিচাপে অহা ১৫ নৱেম্বৰৰ পৰা ২৭ নৱেম্বৰলৈ ১৩দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিব ৰাস মহোৎসৱ। ১৫ নৱেম্বৰত ৯১তম্ ৰাস মহোৎসৱ ৰামায়ণ ধাৰাবাহিক খ্যাত ৰাম-সীতা অৰুণ গোভিল আৰু দিপীকা চিখলিয়াই আনুষ্ঠানিক ভাৱে উদ্বোধন কৰিব। আনহাতে নলবাৰী ৰাস মহোৎসৱৰ সংগতি ৰাখি প্ৰতিবছৰে অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ থিয়েটাৰ গোষ্ঠী সমুহে নলবাৰী ৰাস মহোৎসৱত নাট প্ৰদৰ্শন কৰে আৰু এয়া পৰম্পৰাগত হিচাপে বিবেচিত হৈছে। ফলত ভ্ৰাম্যমাণ থিয়েটাৰ দলৰ সমুহৰ মাজত আৰম্ভ হয় এক অঘোষিত নাট্য যুদ্ধ। কোনটো নাট্যদলৰ ৰাস মহোৎসৱত দৰ্শক বেছি হয়, কোনটো নাট্যদলৰ কি নাটক অধিক জনপ্ৰিয় হয় তাৰ প্ৰতি সকলো নাট্যপ্ৰেমী দৰ্শক সচেতন হৈ থাকে। ইতিমধ্যে নলবাৰী ৰাস মহোৎসৱত নাট প্ৰদৰ্শন কৰিব বিচৰা ১০টা নাট্য দলে নলবাৰী চহৰৰ উপৰিও চহৰৰ চাৰিওফালে থকা পথ সমুহত থিয়েটাৰ গোষ্ঠী সমুহৰ বেনাৰ পোষ্টাৰ সমুহ আৰি দিয়া পৰিলক্ষিত হৈছে। ইতিমধ্যে ৯১তম্ নলবাৰী ৰাস মহোৎসৱৰ থিয়েটাৰ পৰিচালনা উপ সমিতিৰ সভাপতি মনোজ কুমাৰ চৌধুৰী আৰু সম্পাদক মিন্টু তামুলীয়ে নাট মহোৎসৱত ভাগ লব বিচৰা ১০টা নাট্যদলৰ নাট প্ৰদৰ্শনৰ তাৰিখ আৰু নাট প্ৰদৰ্শনৰ ঠাই সমুহ ঘোষণা কৰিছে। সেই হিচাপে অসমৰ আগশাৰীৰ নাট্য দ’ল ক্ৰমে বৰদৈচিলা থিয়েটাৰে ২১ আৰু ২২ নৱেম্বৰত ২ নিশা লখিমী পথাৰত নাট প্ৰদৰ্শন কৰিব, তেনেদৰে নতুন ভ্ৰাম্যমাণ থিয়েটাৰ গোষ্ঠী কলাগুৰু থিয়েটাৰে ২১, ২২ আৰু ২৩ নৱেম্বৰত ৩ নিশা শ্বহীদ মুকুন্দ কাকতি বাছ আস্থানত, ৰাজলক্ষ্মী থিয়েটাৰে ২৩ নৱেম্বৰৰ পৰা ২৬ নৱেম্বৰলৈ ৪ নিশা লখিমী পথাৰত, ৰাজধানী থিয়েটাৰে ২৪ নৱেম্বৰৰ পৰা ২৭ নৱেম্বৰলৈ ৪ নিশা শ্বহীদ মুকুন্দ কাকতি বাছ আস্থানত, ৰাজতিলক থিয়েটাৰে ২২-২৬ নৱেম্বৰলৈ ৫ নিশা লখিমী পথাৰত, ৰাজমুকুট থিয়েটাৰে ২৩ নৱেম্বৰৰ পৰা ২৭ নৱেম্বৰলৈ ৫ নিশা লখিমী পথাৰত, বৃন্দাবন থিয়েটাৰে ২৩ নৱেম্বৰৰ পৰা ২৬ নৱেম্বৰলৈ ৪ নিশা লখিমী পথাৰত, ইতিহাস থিয়েটাৰে ২৩ নৱেম্বৰৰ পৰা ২৭ নৱেম্বৰলৈ ৫ নিশা দৌল খ’লাত, থিয়েটাৰ সূৰ্য্যই ২৪ নৱেম্বৰৰ পৰা ২৭ নৱেম্বৰলৈ ৪ নিশা লখিমী পথাৰত আৰু হেঙুল থিয়েটাৰে ২৫, ২৬ আৰু ২৭ নৱেম্বৰ ৩ নিশা শ্বহীদ মুকুন্দ কাকতি বাছ আস্থানত প্ৰায় দুটাকৈ দৰ্শনীৰে নাট প্ৰদৰ্শন কৰিব। ইফালে শ্ৰীশ্ৰী হৰি মন্দিৰ প্ৰাংগনত অহা ১৬ নৱেম্বৰৰ পৰা ২৭ নৱেম্বৰলৈ ১২ নিশা সন্ধিয়া ৬ বজাৰ পৰা নিশা ১২ বজালৈ পুতলা নাচ প্ৰদৰ্শন কৰিব বুলি পুতলা নাচ প্ৰদৰ্শন উপ সমিতিৰ সভাপতি কনকেশ্বৰ দাস আৰু সম্পাদক নয়নমণি চক্ৰৱৰ্তীয়ে জানিবলৈ দিয়ে। ইফালে ২৮ নৱেম্বৰত সামৰণী অনুষ্ঠানত গীত পৰিৱেশন কৰিব আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বিশিষ্ট কন্ঠ শিল্পী জয় বৰুৱাই। ৰাইজৰ সহায় সহযোগ কামনা কৰিছে ৯১তম্ ৰাস মহোৎসৱ উদযাপন সমিতিৰ সভাপতি জয়ন্ত মল্ল বৰুৱা, কাৰ্যকৰী সভাপতি মদন মালাকৰ, সাধাৰণ সম্পাদক মনোজ কুমাৰ চৌধুৰীয়ে।
প্ৰেৰক বীৰেন কলিতা
You might also like