নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা ‘ৰং’ৰ পর্দাত নতুন ধাৰাবাহিক ‘বৃষ্টি’

🔹 মৈত্রী গোস্বামীৰ কাহিনী, প্রণৱ বৰুৱাৰ চিত্রনাট্য
ষ্টাফ ৰিপ’ৰ্টাৰ, ৭ আগষ্ট : ‘নিবিড় মায়াৰে’ৰ অপাৰ সফলতাৰ পাছত প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ জনপ্রিয় বিনোদনধর্মী চেনেল ‘ৰং’–এ লৈ আহিছে এখন নতুন ধাৰাবাহিক ‘বৃষ্টি’৷ বৃষ্টিত দর্শকে দেখা পাব বর্তমান সময়ত জটিল জীৱনটোক কেনেকৈ সৰল কৰি জীৱনটো উদযাপন কৰিব পাৰি৷ জীয়াই থকা সময়খিনিত মৃত্যুক বুঢ়াআঙুলি দেখুৱাই হাঁহি থকাসকলৰ বাবে জীৱন কি? জীৱন বিচিত্র, তাতোকৈ বিচিত্র প্রেম আৰু মৃত্যু৷ প্রেম নোহোৱা হোৱা মানেই মৃত্যু নে মৃত্যু হোৱা মানেই প্রেমৰ অন্ত?? এটা জটিল সমীকৰণ… ভাবোঁ বুলি ভবাসকলৰ বাবে৷ মৈত্রী গোস্বামীৰ কাহিনীৰে প্রণৱ বৰুৱাৰ চিত্রনাট্য আৰু সংলাপেৰে কাইলৈৰ পৰা নিশা ৮.৩০ বজাত বাপ্পা আহমেদৰ পৰিচালনাৰে সম্প্রচাৰ হ’ব নতুন ধাৰাবাহিকখন৷ বৃষ্টিত দেখা যাব বহুতো জনপ্রিয় অভিনেতা–অভিনেত্রীক৷ সিদ্ধার্থ নিপন গোস্বামী, দেৱাশ্রী গগৈ, শান্তনু শইকীয়া, অন্তৰীক্ষ চহৰীয়া, দিব্যজোতি দাস, নিশা কাশ্যপ, ৰীণা বৰা, লিপিকা বৰা মেধি, খঞ্জন নাথ, জয়শ্রী গোস্বামী, জেনী বৰা, গিগি প্রভাত দত্ত, নার্গিছ খান, ৰাজদ্বীপ বৰা, জাহ্ণৱী বর্মন, ৰাজেন নেওগ, জিতুল ভৰালী, ৰূপাংকৰ ভৰালী, নিবাৰণ টেৰণ, নিবেদিতা দাস, ৰ’জ, মীনাক্ষি দেৱী, বন্তি শর্মা, বৰষা দাস, উদ্ভাৱন শইকীয়া, কৌশিক, যুতিকা দাস আৰু শিশু শিল্পী কুহু ৰয়ে বৃষ্টিত অভিনয় কৰিছে৷ পাপৰি গগৈ আৰু গীতার্থ গিৰীনে কণ্ঠদান কৰা শীর্ষ গীতটিৰ কথা–সুৰ গীতার্থ গিৰীনৰ আৰু সংগীত পলাশ গগৈৰ৷ ধাৰাবাহিকখনৰ প্রতিটো চৰিত্রক সুন্দৰকৈ সজাইছে গৌতম চৌধুৰীয়ে৷ গুৱাহাটীৰ বিভিন্ন লোকেচনত দৃশ্যসমূহ সুন্দৰকৈ কেমেৰাৰে ধৰি ৰাখিছে বিপুল দাসে৷ সম্পাদনা শ্যামল দাস আৰু সীমান্ত কলিতাৰ৷ আৱহ সংগীতেৰে পৰাগ প্রিয়মে দৃশ্যসমূহ সজীৱ আৰু প্রাণৱন্ত কৰি তোলা ধাৰাবাহিকখনৰ পুনঃশব্দ গ্রহণত আছে ইন্দ্র চুবেদী, মইনা কলিতা৷ লোহিত দত্তই সহকাৰী পৰিচালক হিচাপে কাম কৰা ‘বৃষ্টি’ৰ মুখ্য সহকাৰী পৰিচালক সঞ্জীৱ দাস৷ ৰঙৰ আগৰ ধাৰাবাহিকবোৰৰ দৰেই ‘বৃষ্টি’কো মৰমেৰে আঁকোৱালি ল’ব বুলি ‘বৃষ্টি’ৰ পৰিয়াল আৰু ৰং কর্তৃপক্ষ আশাবাদী৷

You might also like