নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সত্ৰীয়া নৃত্য শাখাত প্ৰথম স্থান লাভ পুৰণিগুদামৰ পৰিণীতা বৰাৰ

নিয়মীয়া বাৰ্তা, ২৬ জানুৱাৰীঃ নগাঁও জিলাৰ পুৰণিগুদাম তেলিয়াগাঁৱৰ বাসিন্দা মিঠু প্ৰতীম বৰা আৰু বাসন্তী দেৱনাথৰ কণ্যা তথা চামগুৰিৰ আগশাৰীৰ শিক্ষানুষ্ঠান স্বৰ্ণ হাজৰিকা মেমৰিয়েল ফ্লৰেঞ্চ একাডেমীৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী পৰিণীতা বৰাই উৰিষ্যাৰ কটকত অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় পৰ্যায়ৰ সত্ৰীয়া নৃত্য প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হয়। থিয়েটাৰ মভমেন্ট অৱ ইণ্ডিয়াই কটকৰ ক’লা বিকাশ কেন্দ্ৰত আয়োজন কৰা সৰ্বভাৰতীয় নাটক,নৃত্যকে ধৰি অনুষ্ঠিত বিভিন্ন প্ৰতিযোগিতাত পৰিণীতা বৰাৰ এই সফলতাই বৃহত্তৰ পুৰণিগুদাম অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। ইয়াৰ উপৰি আধুনিক নৃত্য প্ৰতিযোগিতাত দ্বিতীয় স্থান আৰু নাটকত দ্বিতীয় শ্ৰেষ্ঠ শিশু অভিনেত্ৰীৰ সন্মান লাভ কৰে।সৰুৰে পৰা নৃত্য নাটকত পাৰদৰ্শিতা অৰ্জন কৰি অহা পৰিণীতা বৰাই যোৱা ১৫ জানুৱাৰীৰ পৰা ২১ জানুৱাৰীলৈ অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ কেইটাও শিতানত সফলতা অৰ্জন কৰাটো এক গৌৰৱৰ বিষয় হিছাপে বিবেচিত হৈছে। ইফালে নাট্যকাৰ কৃষ্ণ ভূঞা আৰু দিপলু হাজৰিকাৰ পৰিচালিত  শিশু “নাটক ধেৎ কি খেল খেল”নাটকে শ্ৰেষ্ঠ শিশু নাটকৰ সন্মান লাভ কৰাৰ উপৰিও পৰিচালক দিপুল হাজৰিকাক নাট্যশ্ৰী উপাধীৰে সন্মানিত কৰে।ইয়াৰ উপৰিও নাটকখনৰ অভিনয় কৰা  শিশু শিল্পী তথা পুৰণিগুদাম শংকৰদেৱ বিদ্যানিকেতনৰ ছাত্ৰ ধীৰাজ জ্যোতি গোহাঁইয়ে দ্বিতীয় শ্ৰেষ্ঠ অভিনেতাৰ সন্মান বুটলিবলৈ সক্ষম হয়।উল্লেখযোগ্য যে সৰ্বভাৰতীয় পৰ্যায়ত সন্মান বুটলিবলৈ দীৰ্ঘদিন ধৰি নাটকখনৰ পৰিচালক দিপলু হাজৰিকাই অখৰা কৰি অভিনেতা আৰু অভিনেত্ৰী সকলক প্ৰস্তুত কৰি তুলিছিল আৰু কেইবাখনো ৰাজ্যৰ পৰা অহা নাটকে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ পিছতো নাটকখনে কেইবাটাও সন্মান বুটলিবলৈ সক্ষম হোৱাটো সকলো অভিনেতা অভিনেত্ৰীৰ প্ৰচেষ্টাৰ নিৰ্দশন হিছাপে পৰিচিত হৈছে।নাটকখনে শ্ৰেষ্ঠ সাজপাৰ শিতানতো পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে।
প্ৰেৰক তপন কটকী
You might also like