নিউয়ৰ্ক চুটি এনিমেছন মহোৎসৱত শ্ৰেষ্ঠ পৰিচালকৰ সন্মান পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’ৰ
ভাৰতীয় ‘এনিমেচন’ ছবিৰ বাবে আহিছে এক সুখবৰ। নিউয়ৰ্ক চুটি এনিমেচন মহোৎসৱত বিশিষ্ট লেখক, আন্তৰ্জাতিক সন্মানপ্ৰাপ্ত পৰিচালক, শীৰ্ষ আই পি এছ বিষয়া ড: পাৰ্থসাৰথি মহন্তই পৰিচালনা কৰা ‘ছিমি’ ছবিখনে শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।
এনিমেটেড চুটি ছবিৰ বাবে শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িওৱা বিশিষ্ট পৰিচালক ড: পাৰ্থসাৰথি মহন্তই এই স্বীকৃতি সন্দৰ্ভত নিজৰ অনুভৱ ব্যক্ত কৰি কয়- “এনিমেচনে ভাষা আৰু ভূগোলৰ সীমা অতিক্ৰম কৰি গল্পসমূহক বহুদূৰলৈ লৈ যাব পাৰে। ‘ছিমি’-ক নিউয়ৰ্ক শ্বৰ্ট এনিমেচন ফেষ্টিভেলৰ দৰে এক আন্তৰ্জাতিক মঞ্চত স্বীকৃতি দিয়া বুলি জানিব পাৰি মই গৌৰৱ অনুভৱ কৰিছোঁ।”
তেওঁ লগতে কয়— “এই স্বীকৃতিয়ে এইটোও সোঁৱৰাই দিয়ে যে নিজৰ সংস্কৃতি আৰু অভিজ্ঞতাৰ পৰা উদ্ভৱ হোৱা গল্পসমূহে বিশ্বজুৰি দৰ্শকৰ সৈতে সুৰ মিলাব পাৰে।”
নিউয়ৰ্ক চুটি এনিমেচন মহোৎসৱত “ছিমি”-ৰ এই স্বীকৃতিয়ে আন্তৰ্জাতিক এনিমেচন মঞ্চত ভাৰতীয় আৰু অসমীয়া গল্পকথনৰ সমাদৰ ক্ৰমাৎ বৃদ্ধি পাই অহাৰ কথাও প্ৰতিফলিত কৰিছে। এই স্বীকৃতিয়ে এনিমেটেড ছবিখনৰ পৰিচালনা আৰু এনিমেচনৰ মাধ্যমেৰে এক শক্তিশালী কাহিনী প্ৰকাশ কৰিব পৰাৰ দক্ষতাক স্বীকৃতি দিছে।
উল্লেখযোগ্য যে নিউয়ৰ্ক চুটি এনিমেচন মহোৎসৱত এনিমেচন শিল্পৰ সৃজনশীলতা, মৌলিকতা আৰু দক্ষতাৰ দিশ উদযাপন কৰা হয় আৰু বিশ্বৰ এনিমেটৰসকলৰ উদ্ভাৱনীমূলক কৰ্মৰাজিক এখন মঞ্চত উপস্থাপন কৰে। এই মহোৎসৱে অসাধাৰণ এনিমেটেড গল্পকথন শৈলীক স্বীকৃতি দিয়ে আৰু উদীয়মান তথা প্ৰতিষ্ঠিত চলচ্চিত্ৰ নিৰ্মাতাসকলক আন্তৰ্জাতিক মঞ্চ প্ৰদান কৰি আহিছে।
নিউয়ৰ্ক চুটি এনিমেটেড মহোৎসৱত নিৰ্বাচিত ছবিসমূহে মেক্সিকোত প্ৰদৰ্শনৰ সুযোগ লাভ কৰিব। ইয়াৰ জৰিয়তে চলচ্চিত্ৰ নিৰ্মাতাসকলে অধিক আন্তৰ্জাতিক প্ৰচাৰ লাভ কৰিব আৰু নিউয়ৰ্কৰ বাহিৰেও বিশ্বৰ দৰ্শকৰ সন্মুখত নিজৰ সৃষ্টিক প্ৰদৰ্শনৰ সুযোগ পাব ।
নিউয়ৰ্ক চুটি এনিমেচন ফেষ্টিভেল এক প্ৰাণবন্ত মঞ্চ আৰু এই মঞ্চত এনিমেটৰসকলে নিজৰ গল্পসমূহ উপস্থাপন কৰে। আন্তৰ্জাতিক এই মহোৎসৱে সৃষ্টিশীল কণ্ঠসমূহক বিশ্বৰ বৈচিত্ৰময় দৰ্শকৰ কাষলৈ নিয়াৰ পথ মুকলি কৰে। এই সন্মানৰ জৰিয়তে ছবিখনে আন্তৰ্জাতিকভাৱে স্বীকৃতিপ্ৰাপ্ত এনিমেটেড কৰ্মৰ তালিকাত অন্তৰ্ভুক্তি লাভ কৰিলে।
ডিজিটেল ডেস্ক, ১৬ মাৰ্চ