পর্নত অভিনয়ৰ উদ্গনি দিছিল কুন্দ্রাই
নিয়মীয়া বাৰ্তা, ৮ আগষ্টঃ পর্ন ছবি নির্মাণ কৰি ৱেবছাইটত বিতৰণ কৰাৰ অভিযোগত গ্রেপ্তাৰ হৈ জে’লত থকা ব্যৱসায়ী তথা অভিনেত্রী শিল্পা ছেট্টীৰ স্বামী ৰাজ কুন্দ্রাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে মডেল অভিনেত্রী শ্বেৰলিন চোপ্রাই৷
ৰাজ কুন্দ্রাক মেণ্টৰ আখ্যা দি মডেল চোপ্রাই কয় যে পর্ন ছবিত অভিনয়ৰ বাবে তেওঁক ৰাজ কুন্দ্রাই উদ্গনি দিছিল৷ আনকি অভিনেত্রী তথা পত্নী শিল্পা ছেট্টীয়ে তেওঁৰ আলোকচিত্র ভিডি’ চাই ভাল পাইছিল বুলিও ৰাজ কুন্দ্রাই উদ্গনি জনাইছিল৷
পর্ন ছবিত নাঙঠ হৈ অভিনয় কৰাটো গ্লেমাৰ বুলি তেওঁক ৰাজ কুন্দ্রাই বুজনি দিছিল৷ ৰাজ কুন্দ্রাৰ মতে উলংগ আৰু পর্ন ছবিত অভিনয় কৰাটো স্বাভাৱিক৷ মডেলগৰাকীৰ এই বিস্ফোৰণে ৰাজ কুন্দ্রাৰ কু–কর্মক লৈ ব্যাপক চর্চিত হৈছে৷