নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অমিতাভ বচ্চনৰ বাসগৃহ মুম্বাইৰ ৩ ৰে’ল ষ্টেচনত বোমাতংক

নিয়মীয়া বাৰ্তা, ৮ আগষ্টঃ বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ বাসগৃহ আৰু মুম্বাইৰ তিনিটা ৰে’ল ষ্টেচনত বোমা স্থাপন কৰা বুলি মুম্বাই আৰক্ষীয়ে লাভ কৰা ফোন কলৰ পিছতেই হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়৷

মুম্বাই আৰক্ষীৰ নিয়ন্ত্রণ কক্ষলৈ অমিতাভৰ বাসগৃহ, ৰে’ল ষ্টেচন, ছত্রপতি শিৱাজী মহাৰাজ তার্মিনাছ, দাদৰ আৰু বাইকুলা ৰে’ল ষ্টেচনত বোমা ৰখা বুলি ফোনকল এটা আহে৷ ততালিকে মুম্বাই আৰক্ষীৰ অপৰাধ শাখাই ঘটনা সন্দর্ভত তদন্ত আৰম্ভ কৰাৰ লগতে অমিতাভৰ বাসগৃহ আৰু তিনি ৰে’ল ষ্টেচনত বোমা বিশেষজ্ঞৰ দ্বাৰা তন্নতন্নকৈ তালাচী অভিযান চলায় লগতে নিৰাপত্তাৰ ব্যৱস্থা বৃদ্ধি কৰে৷

যোৱানিশা ফোন কলত বোমাতংকৰ সৃষ্টি হোৱাৰ পিছত মুম্বাই আৰক্ষীৰ অপৰাধ শাখাই ফোন কলৰ আধাৰত দুজন লোকক গ্রেপ্তাৰ কৰে৷ পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি ৰে’লৱে ষ্টেচন তিনিটাত ডগ স্কোৱাড সাজু কৰি ৰখাৰ লগতে নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰিছে৷ তেনেদৰে অমিতাভৰ বাসগৃহতো নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰা হৈছে৷ ফোনকলৰ যোগেদি বোমাতংকৰ পৰিস্থিতি গঢ়ি উঠাত মুম্বাই আৰক্ষীয়ে অধিক সজাগ হৈছে৷

You might also like