নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রতিদিনে এক লাখ লোক ক’ভিডত আক্রান্ত আমেৰিকাত

নিয়মীয়া বাৰ্তা, ৮ আগষ্টঃ আমেৰিকা যুক্তৰাষ্ট্রত পুনৰ ক’ভিড–১৯ৰ সংহাৰ আৰম্ভ হৈছে৷ যোৱা জুন মাহত এদিনত সর্বাধিক ১১ হাজাৰ আক্রান্ত হোৱাৰ পিছত এতিয়া দেশখনত প্রতিদিনে গড়ে ১ লাখকৈ লোক আক্রান্ত হৈ আছে৷ দেশখনত ৭০ শতাংশতকৈ অধিক প্রাপ্তবয়স্ক লোকক ক’ভিড টিকাকৰণ কৰা হৈছে যদিও বিগত জুলাইৰ পৰাই ক’ৰোনা ভাইৰাছৰ সংক্রমণ বৃদ্ধি পাবলৈ ধৰিছে৷

লক্ষণীয় যে ভেকচিন নোলোৱা লোকৰ দেহত এই ক’ৰোনা ভাইৰাছৰ সংক্রমণ দ্রুতগতিত বৃদ্ধি পাইছে৷ বিশেষকৈ দেশখনৰ দক্ষিণাঞ্চলত ভাইৰাছৰ সংক্রমণ বৃদ্ধি পোৱাত চিকিৎসালয়ত ৰোগীৰ ভিৰ বৃদ্ধি পাই আছে৷

মন কৰিবলগীয়া যে যোৱা জানুৱাৰী মাহত দেশখনত প্রতিদিনে আক্রান্তৰ সংখ্যা আঢ়ৈ লক্ষাধিক আছিল৷ পিছলৈ ভেকচিন প্রদান কৰা প্রক্রিয়া আৰম্ভ হোৱাত সংক্রমণৰ হাৰ হ্রাস পাবলৈ ধৰে আৰু জুনত প্রতিদিনে গঢ়ে ১১ হাজাৰকৈ লোক আক্রান্ত হয়৷

You might also like