Corona-ত আক্রান্ত অভিনেতা Ranbir Kapoor
নিয়মীয়া বাৰ্তা, ৯ মাৰ্চঃ ক’ৰোনাত আক্রান্ত হৈছে অভিনেতা ৰণবীৰ কাপুৰ। বর্তমান মুম্বাইৰ নিজ গৃহতেই কোৱাৰেন্টিনত আছে ৰণবীৰ। নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত ৰণবীৰ কাপুৰৰ অসুস্থতাৰ কথা প্রকাশ কৰিলে মাতৃ নীতু কাপুৰে।
ৰণবীৰ নিজৰ গৃহতে কোৱাৰেণ্টিন হৈ চিকিৎসকৰ পৰামর্শ মানি আছে। নিয়মিতভাৱেই যোগ কৰিছে। অভিনেতাগৰাকীৰ মাতৃ আশা প্ৰকাশ কৰিছিল যে ৰণবীৰে আৰোগ্য হোৱাৰ পিছতে শ্বুটিঙৰ মজিয়ালৈ উভতি আহিব পাৰিব। অনুৰাগী আৰু শুভাকাংক্ষীসকলে ৰণবীৰৰ সোনকালে আৰোগ্য হোৱাৰ বাবে প্ৰাৰ্থনা কৰাৰ বাবে নীতু কাপুৰে সকলোকে ধন্যবাদ জনাইছে।
উল্লেখ্য যে নীতু কাপুৰ ২০২০ চনৰ ডিচেম্বৰত কৰোনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছিল। পঞ্জাৱত যুগ যুগ জিঅ’ৰ শ্বুটিঙত ব্যস্ত থকাৰ সময়তে নীতু কাপুৰ সংক্ৰমিত হৈছিল কৰোনাত।
View this post on Instagram