নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলীত মনোনয়ন দাখিল সৰ্বানন্দ সোণোৱালৰ

নিয়মীয়া বাৰ্তা, ৯ মাৰ্চঃ  মাজুলীৰ পৰা প্রথমবাৰৰ বাবে অসম বিধানসভালৈ নির্বাচিত হৈ অসমৰ মুখ্যমন্ত্রীৰ আসন অলংকৃত কৰা সর্বানন্দ সোণোৱালে মাজুলীৰ পৰা দ্বিতীয়বাৰৰ বাবে নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিব। আজি সর্বানন্দ সোণোৱালে পুৱাবেলাতে মাজুলী জিলা নির্বাচনী বিষয়াৰ কার্যালয়ত মনোনয়ন–পত্র দাখিল কৰে৷

পুৱাৰ ভাগতেই মাজুলীৰ শান্তিপূৰৰ হৰিমন্দিৰত এক আধ্যাত্মিক কাৰ্যসূচীত অংশ লৈ অসমৰ প্ৰতিজন লোকৰ পৰা মৰম আৰু আশীষ বিছাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু অগপ সভাপতি অতুল বৰা উপস্থিতিত মাজুলী জিলা উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে সৰ্বানন্দ সোণোৱালে ৷

You might also like