‘এনিমেল’ত ৰণবীৰ কাপুৰৰ ভয়ংকৰ লুক
বিশেষ বাৰ্তা, ১১ জুনঃ অভিনেতা ৰণবীৰ কাপুৰে সন্দীপ ৰেড্ডী ভাংগাৰ আগন্তুক ছবি ‘এনিমেল’ত কৰা অভিনয়ক লৈ চৰ্চা চলিছে। দীৰ্ঘদিন ধৰি দৰ্শকে ছবিখনৰ মুক্তিৰ বাবে অপেক্ষা কৰি আছে। এতিয়া ছবি নিৰ্মাতাই ছবিখনৰ প্ৰি-টিজাৰ মুকলি কৰিছে। ছবিখনৰ প্ৰি-টিজাৰলৈ চাই এনে লাগে যেন ‘এনিমেল’ত ৰণবীৰক এক সুকীয়া ৰূপত দেখিবলৈ পোৱা যাব। হাতত কুঠাৰ লৈ থকা ৰণবীৰক লৈ চলচ্চিত্ৰপ্ৰেমীৰ মাজত কৌতূহলৰ সৃষ্টি হৈছে। সন্দীপ ৰেড্ডী ভাংগা পৰিচালিত ভূষণ কুমাৰৰ প্ৰযোজনাৰ ‘এনিমেল’ ছবিখন এক ক্লাছিক কাহিনীৰ, য’ত ৰণবীৰ কাপুৰৰ সৈতে অনিল কাপুৰ, ৰশ্মিকা মণ্ডনা, ববী দেউল, তৃপ্তী ডিমৰীৰ দৰে তাৰকা অভিনেতা-অভিনেত্ৰীক দেখা যাব। ২০২৩ চনৰ ১১ আগষ্টত ৫টা ভাষা হিন্দী, তেলুগু, তামিল, কানাড়া আৰু মালয়ালমত বিশ্বজুৰি মুক্তি পাব ছবিখন। ‘এনিমেল’ৰ প্ৰি-টিজাৰ চোৱাৰ পিছত দৰ্শকে ছবিখনক লৈ অতিশয় উৎসাহী হৈ পৰিছে আৰু এতিয়া ৰণবীৰ কাপুৰৰ একচন লোডেড ছবিখন চাবলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছে চলচ্চিত্ৰপ্ৰেমী।