নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিত হেঙুল থিয়েটাৰৰ ৩৭সংখ্যক নাট্যবৰ্ষৰ আখৰা আৰম্ভ

বিশেষ বাৰ্তা, ৪ জুলাইঃ প্ৰয়াত শিল্পী দম্পতী প্ৰশান্ত হাজৰিকা আৰু ইলা কাকতিৰ স্মৃতি বিজড়িত অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যগোষ্ঠী হেঙুল থিয়েটাৰৰ ৩৭সংখ্যক নাট্যবৰ্ষৰ আখৰা কালি ৰাতি মুকলি কৰা হয়। এই উপলক্ষ্যে মৰিয়নি নগৰত অৱস্থিত হেঙুল থিয়েটাৰৰ স্থায়ী আখৰা আৰু প্ৰশিক্ষণ শিবিৰত পুৱা মাংগলিক কাৰ্য্য সমাপন হোৱাৰ অন্তত ‘বিড়ি’, ‘চিলনি’ আৰু ‘মছজিদ ৰোড নামঘৰ পথ’ নাটকেৰে আখৰা আৰম্ভ কৰা হয়। এই অনুষ্ঠানতে হেঙুল থিয়েটাৰৰ জনক-প্ৰয়াত শিল্পী প্ৰশান্ত হাজৰিকা আৰু ইলা কাকতিৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। আনহাতে, ৰাতি অনুষ্ঠিত মুকলি অনুষ্ঠানত অসমৰ বহুকেইজন জনপ্ৰিয় শিল্পীয়ে অংশগ্ৰহণ কৰে। অভিনেতা মহেশ বৰাই আঁ‌ত ধৰা অনুষ্ঠানটোত হেঙুল থিয়েটাৰৰ প্ৰযোজক-পৰিচালক সংকল্পজিত হাজৰিকা, পৰিকল্পক পংকজ হাজৰিকা (জোন), জনপ্ৰিয় অভিনেতা কমল লোচন, নৱাগত অভিনেতা নিৰুপম শইকীয়া, হিমাংশু গগৈ, অলকেশ হাজৰিকা, গৌতম ৰাজ, ধ্ৰুৱজ্যোতি ঢেকিয়াল ফুকন, দেৱজিত বৰা, জয়ন্ত বৰ্মন, পাৰ্থ বৰা অভিনেত্ৰী অশ্ৰুমনি বৰা, হেলেনা আখতাৰ আদিয়ে বক্তব্য প্ৰদান কৰি ৰাইজৰ পৰা মৰম বিচাৰে। সকলোৱে এটা পৰিয়ালৰ দৰে কাম কৰি হেঙুল থিয়েটাৰক উচ্চ শিখৰলৈ লৈ যোৱাৰ সংকল্প লয়। পৰিকল্পক পংকজ হাজৰিকা (জোন)ই সকলো শিল্পী-কলা-কুশলীৰ পৰা সহযোগিতা কামনাৰে সকলোৱে মিলি এটা ‘টীম’ হৈ কাম কৰি হেঙুল থিয়েটাৰৰ নাটকেইখনক আগুৱাই নিবলৈ তেওঁ আহ্বান জনায়। অনুষ্ঠানটোত উপস্থিত থাকি মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, গীতিকাৰ-সুৰকাৰ-কবি শশাংক সমীৰ, সাংবাদিক ৰাজদ্বীপ চেতিয়া ফুকন আদিয়েও হেঙুল থিয়েটাৰ পৰিয়াললৈ শুভকামনা জ্ঞাপন কৰি বক্তব্য প্ৰদান কৰে। অনুষ্ঠানটোত প্ৰবীন নাট্যকৰ্মী সুভাষ শৰ্মা, হেঙুলৰ শুভাকাংক্ষী চাকিৰ খান মালকান, ৰাজকুমাৰ আগৰৱালা, বিপ্লৱ ধৰ, নাট্যকাৰ ৰঞ্জিত গোহাঁইবৰুৱা, বিশিষ্ট শিল্পী তৰুণ শইকীয়া, লেখক-ঔপন্যাসিক অজিত বিকাশ গোহাঁইবৰুৱা, মৰিয়নি পৌৰসভাৰ পৌৰপতি বিশ্বপ্ৰভা শইকীয়া, বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ সহধৰ্মিণী মাঞ্চুৰীয়া বৰদলৈ কুৰ্মী, বন্দিতা বুঢ়াগোহাঁই, মৌচুমী বুঢ়াগোহাঁই, উদীয়মান শিল্পী মনদ্বীপ মাজুলী আদি বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এজন উদীয়মান কন্ঠশিল্পীয়ে পৰিবেশন কৰা সংগীতানুষ্ঠানে সমগ্ৰ অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে । হেঙুল থিয়েটাৰৰ প্ৰযোজক আৰু পৰিকল্পক ক্ৰমে সংকল্পজিত হাজৰিকা আৰু পংকজ হাজৰিকাই এই সন্দৰ্ভত কয়- অসমৰ ৰাইজে এইবাৰ ন ৰূপত-নতুন উদ্যমেৰে হেঙুল থিয়েটাৰক দেখিবলৈ পাব। এচাম তৰুণ শিল্পীৰ লগতে নৱ প্ৰজন্মৰ নাট্যকাৰৰ নাটক লৈ এইবাৰ হেঙুল থিয়েটাৰ ৰাইজৰ মাজলৈ আগবাঢ়ি যাব বুলি উল্লেখ কৰি তাৰবাবে দুয়ো অসমবাসী ৰাইজৰ আশীৰ্বাদ বিচাৰে । তেওঁলোকে সকলো ক্ষেত্ৰতে ৰাইজৰ সহযোগিতাও কামনা কৰে। এই অনুষ্ঠানতে অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান কিংশুক ক্ৰীড়া-সাংস্কৃতিক চ’ৰাই হেঙুল থিয়েটাৰৰ প্ৰযোজক সংকল্পজিত হাজৰিকা, পৰিকল্পক পংকজ হাজৰিকা (জোন) আৰু সকলো শিল্পীৰ হৈ অভিনেতা কমল লোচনক গামোচাৰে আদৰণি জনোৱাৰ লগতে আগন্তুক নাট্যবৰ্ষলৈ শুভকামনা জ্ঞাপন কৰে। ইতিমধ্যে হেঙুল থিয়েটাৰৰ এই নাট্যবৰ্ষৰ অধিকাংশ পেণ্ডেলেই বুকিং সম্পূৰ্ণ হোৱা বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে এইবাৰ হেঙুল থিয়েটাৰে অভিজিত ভট্টাচাৰ্যৰ ‘বিড়ি’, প্ৰনৱ বৰুৱাৰ ‘চিলনি’ আৰু নতুন নাট্যকাৰ তথা জনপ্ৰিয় ‘কৃষ্ণচূড়া ডটকম’ খ্যাত প্ৰণৱ ভৰালীৰ ‘মছজিদ পথ নামঘৰ পথ’ নামৰ তিনিখন ভিন্নধৰ্মীৰ নাট মঞ্চস্থ কৰিব। এইবাৰ শক্তিশালী অভিনেতা কমল লোচনৰ লগতে সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেতা নিৰুপম শইকীয়া, হিমাংশু গগৈ, সুদক্ষ মঞ্চ অভিনেতা মহেশ বৰা, দেৱজিত বৰা, গৌতম ৰাজ, অলকেশ হাজৰিকা, ধ্ৰুৱজ্যোতি ঢেকিয়াল ফুকন, জয়ন্ত বৰ্মন, জনপ্ৰিয় অভিনেত্ৰী স্নিগ্ধা গগৈ, উদীয়মান শিল্পী শিল্পীশিখা বৰা, হেলেনা আখতাৰ, অশ্ৰুমনি বৰা, কৌতুক অভিনেতা পাৰ্থ বৰা আদিয়ে হেঙুল থিয়েটাৰত অভিনয় কৰিছে । ইতিমধ্যে ইউটিউবত মুকলি কৰা ‘বিড়ি’ নাটকৰ প্ৰ’ম’ আৰু গীতে ৰাইজক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। প্ৰযোজকপক্ষই জানিবলৈ দিয়া মতে, অহা ২১ আগষ্টৰ পৰা মৰিয়নিত হেঙুল থিয়েটাৰে ৩৭সংখ্যক নাট্যবৰ্ষ শুভাৰম্ভ কৰিব।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like