অসমীয়া চুটি ছবি মায়াজাল-দ্য ইল্যুচনলৈ ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বঁটা
নিয়মীয়া বাৰ্তা, ২২ নৱেম্বৰ : মাদক দ্ৰব্যৰ ভয়াবহতা আৰু যূৱ প্ৰজন্মৰ ওপৰত ইয়াৰ প্ৰভাৱক বিষয় বস্তু হিচাপে লৈ নিৰ্মিত অসমীয়া ভাষাৰ ছূটি ছবি মায়াজাল-দ্য ইল্যুচন”এ ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ৰ কেইবাটাও মহোৎসৱত উচ্চ প্ৰশংসিত হোৱাৰ লগতে কঢ়িয়াই আনিবলৈ সক্ষম হৈছে কেইবাটাও বঁটা। অসীমা প্ৰডাকচনৰ বেনাৰত নিৰ্মিত কুশাণ চৌধুৰীৰ দ্বাৰা প্ৰযোজিত সোণাল হাজৰিকাৰ নিৰ্দেশনা আৰু ইন্দ্ৰ বৰাই পৰিচালনা কৰা অসমীয়া চুটি ছবি “মায়াজাল-দ্য ইল্যুচন” এ পশ্চিম বংগৰ চুটি ছবি মহোৎসৱত শ্ৰেষ্ঠ চুটি ছবিৰ সন্মান লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। আনহাতে সাম্প্ৰতিক বিষয় বস্তুক লৈ নিৰ্মিত ছবিখনে “টেগৰ আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱতো “আউট ষ্টেণ্ডিং এছিভমেণ্ট এৱাৰ্ড” লাভ কৰিবলৈ সক্ষম হৈছে। তদুপৰি সত্য জিত ৰায় ইণ্ডিপেণ্ডেন্ট ফিল্ম এৱাৰ্ডচৰ বিভিন্ন শিতানত মুঠ পাচ টাকৈ বটাঁ লাভ কৰিবলৈ সক্ষম হৈছে। সমাৰোহৰ শ্ৰেষ্ঠ এচিয়ান চুটি ছবিৰ সন্মান লাভ কৰাৰ লগতে শ্ৰেষ্ঠ আৱহ সংগীত,শ্ৰেষ্ঠ ৰূপসজ্জা,শ্ৰেষ্ঠ দৃশ্যগ্ৰহণকাৰী আৰু শ্ৰেষ্ঠ ট্ৰেইলাৰ শিতানত বঁটা লাভ কৰি অসমলৈ সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। তদুপৰি ছিংগাপুৰত অনুষ্ঠিত হোৱা “ৱৰ্ল্ড ফিল্ম কাৰ্ণিভেল মহোৎসৱ”তো ক্ৰিটিকচ চয়ছ এৱাৰ্ড ইতিমধ্যে লাভ কৰিবলৈ সক্ষম হৈছে। অসীমা প্ৰডাকচনৰ বেনাৰত নিৰ্মিত মায়াজাল শীৰ্ষক চুটি ছবিখনে এটা বছৰতে ইমানকেইটা বঁটা লাভ কৰি অসমীয়া ছবি জগতলৈ গৌৰৱ কঢ়িয়াই অনা টোৱে স্বাভাবিকতে ছবিখনৰ লগত জড়িত প্ৰত্যেককে উৎফুল্লিত কৰি তুলিছে। এই চুটি ছবিখনৰ প্ৰযোজনা কুশান চৌধুৰীৰ,নিৰ্দেশক সোণাল হাজৰিকা আৰু পৰিচালনা কৰিছে ইন্দ্ৰ বৰাই।
প্ৰেৰক ৰণজিত নাথ