নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঠশালাত ৰাজলক্ষ্মী থিয়েটাৰৰ আখৰা গৃহ মুকলি

নিয়মীয়া বাৰ্তা, ১১ জুলাইঃ বজালীৰ যুব সাংবাদিক ধ্ৰুৱজ্যোতি তালুকদাৰ ব্যতিক্ৰমী চিন্তা আৰু পৰিকল্পনাৰে নাট্য নগৰীত পাঠশালা নতুনকৈ ভুমিষ্ঠ হ’ল এটি ভ্ৰম্যমাণ নাট্যদল, যাৰ নাম ৰাজলক্ষ্মী থিয়েটাৰ৷ এই উপলক্ষে আজি পাঠশালা কৃষ্ণনগৰৰ অস্থায়ী শিবিৰত আনুষ্ঠানিকভাৱে মুকলি কৰা হয় আখৰা গৃহ৷ এক বিশেষ অনুষ্ঠানৰ জৰিয়তে আজি দুপৰীয়াৰ ভাগত আখৰা গৃহ মুকলি কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে৷ আখৰা গৃহ মুকলি কৰি মন্ত্ৰী দাসে ৰাজলক্ষ্মী থিয়েটাৰৰ প্ৰযোজক যুৱ সাংবাদিক ধ্ৰুৱজ্যোতি তালুকদাৰক শুভেচ্ছা জ্ঞাপন কৰি ৰাজলক্ষ্মী থিয়েটাৰে আগন্তুক দিনত অসমৰ নাট্য জগতখনত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰে৷ এক মাঙ্গলিক অনুষ্ঠানৰ পিছত শিল্পী লক্ষ্মী দাসে আঁত ধৰা অনুষ্ঠানত ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফনীধৰ তালুকদাৰ, অসম সৌৰভ তথা আৱাহন থিয়েটাৰৰ প্ৰতিষ্ঠাপক প্ৰযোজক কৃষ্ণ ৰয়, অসমৰ নাট্যজগতৰ বলিষ্ঠ অভিনেতা চম্পক শৰ্মা, নৱজিৎ কাশ্যপ, অভিনেত্ৰী কল্পনা কলিতা আদিকে ধৰি কেবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়৷ উল্লেখ্য যে ২০২৪ -২৫ প্ৰথম নাট্যবৰ্ষত থিয়েটাৰগোষ্ঠীটোৱে দুগৰাকী নাট্যকাৰৰ তিনিখন নাটক মঞ্চস্থ কৰিব৷ বিশিষ্ট নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ “মনে মনে চাওঁ তোমাক” আৰু “কুৰুক্ষেত্ৰৰ সৈনিক”ৰ লগতে বিশিষ্ট অভিনেতা তথা নাট্যকাৰ চম্পক শৰ্মা “ঘা” মঞ্চস্থ কৰি আজিৰ পৰা আৰম্ভ কৰিছে আখৰা৷ আনহাতে ৰাজলক্ষ্মী থিয়েটাৰত এইবাৰ অভিনয়ৰ বাবে চুক্তিবদ্ধ হৈছে ক্ৰমে চম্পক শৰ্মা, কল্পনা কলিতা, নন্দিনী কাশ্যপ, নৱজিৎ কাশ্যপ, দুলাল শৰ্মা, জয়ন্ত শৰ্মা, গীতাঞ্জলি শৰ্মা, হেমাংগ ৰাজ, দেৱজিৎ ৰয় আদিকে ধৰি বহুকেইগৰাকী ন-পুৰণি অভিনেতা অভিনেত্ৰীয়ে৷

প্ৰেৰক কল্যাণ কলিতা৷

You might also like