নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাংস্কৃতিক নগৰী দেৰগাঁৱত নাট্যগোষ্ঠী “নাটকম”ৰ জন্ম

নিয়মীয়া বাৰ্তা, ২৬ জানুৱাৰীঃ দেৰগাঁৱত নাটক ভালপোৱা এচাম ন-পুৰণি নাট্যকৰ্মীৰ সমন্বয়ত এক ব্যতিক্ৰমী ৰূপত “নাটকম্‌ সাংস্কৃতিক গোষ্ঠী-দেৰগাঁও” নামৰ নাট্যকলা আৰু কলা-সংস্কৃতিৰ প্ৰতি উৎসৰ্গিত এটি ন্যট্যগোষ্ঠীৰ শুভাৰম্ভ হয়৷ নাট্যকলাৰ প্ৰতি উৎসৰ্গিত অনুষ্ঠানটিত এটি গুৰু বন্দনা আৰু মংগলধ্বনিৰ মাজেৰে  নটৰাজৰ মূৰ্তিৰ সমুখত এগছি বন্তি প্ৰজ্বলন কৰে বিশিষ্ট নাট্যকৰ্মী অৰুণ শৰ্মাদেৱে আৰু বিশিষ্ট নাট্যকাৰ ড॰ পৰশমণি ঠাকুৰদেৱে এটি কেক্‌ কাটি অনুষ্টানটিৰ শুভাৰম্ভ কৰে৷ দেৰগাঁৱৰ সংস্কৃতিৰ পথাৰখনত  বিশেষতঃ নাট্যকলা আৰু কলা সংস্কৃতিৰ উৎকৰ্ষ সাধনৰ বাবে কাম কৰি যোৱাৰ মহান উদ্যেশ্য আৰু আগ্ৰহেৰে আৰম্ভ হোৱা অনুষ্ঠানটিৰ শুভ উদ্বোধনী সভাখনত সভাপতিৰ আসন শুৱনি কৰে বিশিষ্ট নাট্যকৰ্মী অৰুণ শৰ্মাই৷ আগন্তক দিনত নাটকৰ অনুষ্ঠানটি সূচাৰুৰূপে পৰিচালনা  কৰি আগুৱাই নিয়াৰ ক্ষেত্ৰত সুবিধা হোৱাৰ প্ৰতি লক্ষ্য ৰাখি  বিশিষ্ট নাট্যকাৰ ড॰ পৰশমণি ঠাকুৰক মুখ্য পৰামৰ্শদাতা,অভিনেতা প্ৰশান্ত বৰপূজাৰীক সভাপতি, মনোজ হাজৰিকাক কাৰ্য্যকৰী সভাপতি, অৰুণ শৰ্মা,অপুল কুমাৰ বৰা,অদিতি দেৱী,অশোক কুমাৰ হাজৰিকাক উপ-সভাপতি গৌৰৱ বৰুৱাক মুখ্য সম্পাদক,সুব্ৰত পৰাশৰ আৰু চিন্তু শৰ্মাক সাংগঠনিক সম্পাদক হিচাপে লৈ পৰিচালনা সমিতিখন গঠন কৰাৰ লগতে অন্যান্য বিষয়বাবত সহঃ সম্পাদক হিচাপে সুৰুজ বৰা, শুভ্ৰাংশু শেখৰ কন্দলী,সুকন্যা হাজৰিকা, সাংস্কৃতিক সম্পাদক হিচাপে সিদ্ধাৰ্থ শৰ্মা,অংকুৰ বৰা,অৰ্চনা হাজৰিকা বৰা, অনুপ্ৰিয়া কৌশিক, সাংস্কৃতিক উপদেষ্টা হিচাপে মৌচুমী শৰ্মা ঠাকুৰ, ৰিঞ্জু হাজৰিকা, সাহিত্য উপদেষ্টা হিচাপে ইন্দ্ৰাণী গোস্বামী, নিৰ্মালি বৰুৱা হাজৰিকা, শিক্ষা আৰু কৰ্মশালা সম্পাদক হিচাপে সুমন্ত কুমাৰ হাজৰিকা, ৰাজশ্ৰী শৰ্মা, কাৰ্যালয় সম্পাদক হিচাপে মৃগাংক বৰপূজাৰী, পংকজ প্ৰতিম হাজৰিকা, বিনায়ক বৰুৱা, তথ্য আৰু প্ৰযুক্তিবিদ্যা সম্পাদক হিচাপে তন্ময় কন্দলী, নৃপেন্দ্ৰ নাৰায়ন বৰুৱা, প্ৰচাৰ সম্পাদক হিচাপে অমৰ বৰুৱা,বিদ্বান বৰদলৈ,নৱজ্যোতি ভৰালী আৰু কোষাধ্যক্ষ ও হিচাপ পৰীক্ষক হিচাপে মনোৰঞ্জন বৰা আৰু নিশাংক বৰপূজাৰীক মনোনীত কৰা হয় ৷ আগন্তুক দিনত নাটকৰ বাবে উৎসৰ্গিত এটি  শৃংখলাবদ্ধ সুন্দৰ অনুষ্ঠান হিচাপে  “নাটকম্‌” সাংস্কৃতিক গোষ্ঠী-দেৰগাঁও”ৰ পৰা  নাটকৰ এটি সুন্দৰ বাতাবাৰণ সৃষ্টি কৰাৰ ক্ষেত্ৰত  আগভাগ লোৱাটো  সমগ্ৰ দেৰগাঁওবাসীয়ে আশা কৰিছে ৷
প্ৰেৰক আবেদুল চুলতান
You might also like