নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাংবাদিকৰ প্ৰযোজনাত নাট্যনগৰীত জন্ম ভ্রাম্যমাণ নাট্যদল ৰাজলক্ষ্মী থিয়েটাৰৰ

নিয়মীয় বাৰ্তা, ৯ জুলাইঃ অসমৰ নাট্যনগৰী হিচাপে পৰিচিত, ভ্ৰাম্যমাণ থিয়েটাৰৰ ওপজা ঠাই পাঠশালাত জন্ম হ’ল এটি নতুন ভ্রাম্যমাণ নাট্যদলৰ৷ ১৯৬৩ চনৰ ২ অক্টোবৰত অসমৰ সাংস্কৃতিক জগতত এক নতুন যুগৰ সূচনা কৰি অচ্যুত লহকৰৰ নটৰাজ থিয়েটাৰেৰে আৰম্ভ হোৱা এই ধাৰাটোত পাঠশালাৰ পৰা কহিনুৰ, আৱাহন, ৰাজমুকুটকে আদি কৰি ইতিমধ্যে সংযোজিত হৈছে কেইবাটাও নাম৷ যাৰ পৰিপ্ৰেক্ষিতত আজিও নাট্যনগৰী হিচাপে পাঠশালাৰ নাম অক্ষুন্ন আছে৷ এই ধাৰাটোকে অন্য এক মাত্ৰা প্ৰদান কৰিবলৈ পাঠশালাত শেহতীয়াভাবে সাংবাদিক ধ্রুৱজ্যোতি তালুকদাৰৰ প্ৰযেজনাত জন্ম হৈছে এটি নতুন ভ্ৰাম্যমাণ নাট্যদলৰ। প্রায় দুটা দশক কাল বজালীত সাংবাদিকতা কৰাক লগতে সাহিত্য-সংস্কৃতিৰ সৈতেও নিবিড় সম্পর্ক থকা পাঠশালা নগৰ নিবাসী ধ্ৰুৱজ্যোতি তালুকদাৰে এক ব্যতিক্রমী চিন্তাধাৰাৰে এইবেলি জন্ম দিছে ‘ৰাজলক্ষ্মী থিয়েটাৰ” নামেৰে নাট্যদলটোৰ৷ শৈশৱ কালৰে পৰা পাঠশালাৰ অপেছাদাৰী নাট্যদল “নাটমণ্ডল, পাঠশালা”ৰ সতে জড়িত হৈ নাটকৰ বিভিন্ন জ্ঞানেৰে পৰিপুষ্ট ধ্ৰুৱজ্যোতি তালুকদাৰে কেইবাকোটি টকা বাজেটেৰে আত্মপ্ৰকাশ কৰিবলগীয়া ৰাজলক্ষ্মী থিয়েটাৰৰ আখৰাগৃহ অহা ১১ জুলাইত পাঠশালাৰ কৃষ্ণ নগৰত এক মাংগলিক কাৰ্যসূচীৰে শুভাৰম্ভ হব৷ তাৰ প্ৰাক ক্ষণত আজি পাঠশালা প্ৰেছ ক্লাবৰ উদ্যোগত তথা বজালী জিলা যুৱ সাংবাদিক সন্থা আৰু বজালী জিলা ডিজিটেল মিডিয়া সন্থাৰ সহযোগত সতীৰ্থ সাংবাদিকগৰাকীক শুভেচ্ছা জনোৱাৰ লগতে সম্বৰ্ধনা জনোৱাৰ বাবে এক অনুষ্ঠানৰ আয়োজন কৰা হয়৷ অনুষ্ঠানটোত বজালী জিলাৰ আগশাৰীৰ সাংবাদিক সংগঠনকেইটাৰ বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়া তথা সদস্যৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক মৃদুল তালুকদাৰ, অসম গণ পৰিষদৰ বজালী জিলা সমিতিৰ সভাপতি জিণ্টু চৌধুৰী আৰু বজালী জিলা গাওবুঢ়া সন্থাৰ সম্পাদক বনজিৎ পাটগিৰিকে ধৰি কেবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে প্ৰযোজক তালুকদাৰৰ লগতে থিয়েটাৰ গোষ্ঠীটোৰ কলা-কুশলী তথা অভিনয় শিল্পীসকলক শুভেচ্ছা জ্ঞাপন কৰে৷ উল্লেখ্য যে এইবেলি অৰ্থাৎ ২০২৪-২৫ নাট্যবৰ্ষত ৰাজলক্ষ্মী থিয়েটাৰে দর্শকৰ ৰুচিবোধক গুৰুত্ব দি প্ৰদৰ্শন কৰিব তিনিখন ভিন্নৰুচিৰ নাট৷ তেওঁলোকে প্ৰথম বৰ্ষতে মঞ্চস্থ কৰিব জনপ্ৰিয় নাট্যকাৰ অভিজিত ভট্টাচাৰ্যৰ ক্ৰমে ‘মনে মনে চাওঁ তোমাক’, ‘কুৰক্ষেত্ৰৰ সৈনিক’ আৰু বিশিষ্ট নাট্যকাৰ-অভিনেতা চম্পক শৰ্মাৰ ‘ঘা’। নাটকেইখনৰ বাবে প্রয়োজনীয় সা-সঁজুলিৰ প্ৰাৰম্ভিক কামসমূহ ইতিমধ্যে আখৰা শিবিৰত যুদ্ধকালীন তৎপৰতাৰে চলি আছে৷ প্ৰতিখন নাটকতে মঞ্চসজ্জাৰ পৰা আৰম্ভ কৰি লাইট, ছেটিংছ, শব্দ বিভাগ, কাৰিকৰী কৌশল আদিকে ধৰি প্রতিটো দিশত গুৰুত্ব আৰোপ কৰা হ’ব বুলি সতীৰ্থ সাংবাদিক সকলক জানিবলৈ দি প্ৰযোজক ধ্ৰুৱজ্যোতি তালুকদাৰে কয় যে এইবেলি নাট্যদলটোত অভিনয় কৰি মঞ্চ জগতৰ বলিষ্ঠ অভিনেতা চম্পক শর্মা, নৱজ্যোতি কাশ্যপ, চন্দন ডেকা, জয়ন্ত শর্মা, হেমাংগ ৰাজ, দুলাল শর্মা, দেৱজিৎ ৰয়, অভিনেত্রী কল্পনা কলিতা, নন্দিনী কাশ্যপ, গীতাঞ্জলি বৰা আদিৰ লগতে এদল মঞ্চাভিজ্ঞ নাট্য সৈনিক। নাট্যদলটোৰ শব্দ আৰু পোহৰ বিভাগত আছে মিথুন আৰু মন্টু। নাট্যাৰম্ভৰ প্ৰাকক্ষণত সতীৰ্থ সাংবাদিক সকলে প্ৰযোজক ধ্ৰুৱজ্যোতি তালুকদাৰক সম্বৰ্ধনা জ্ঞাপন কৰি শুভেচ্ছা জনোৱাৰ লগতে তেওঁৰ এই যাত্ৰাৰ সুখ দুখৰ সমভাগী হব বুলি আশ্চাস প্ৰদান কৰে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like