১৪-১৯ নৱেম্বৰলৈ নলবাৰী ৰাস মহোৎসৱত ভ্ৰাম্যমাণ থিয়েটাৰৰ মহাৰণ
বিশেষ বাৰ্তা, ৩ অক্টোবৰঃ নলবাৰীৰ ৰাসৰ অন্যতম ৰস মানেই হ’ল ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট। নলবাৰীৰ ৰাস মহোৎসৱত অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ মাজত অঘোষিত প্ৰতিযোগিতা চলে। একপ্ৰকাৰ ভ্ৰাম্যমাণৰ মহাৰণ বুলি ক’লেও ভুল কৰা নহৱ। বিগত বৰ্ষসমূহৰ দৰে এইবেলি নলবাৰী ৰাস মহোৎসৱত মুঠ সাতখন ভ্ৰাম্যমাণ থিয়েটাৰে প্ৰদৰ্শন কৰিব নাট। এই থিয়েটাৰকেইখন হৈছে- বৃন্দাবন, ৰাজমুকুট ,সূৰ্য, ৰাজতিলক, ইতিহাস, বৰদৈচিলা আৰু হেঙুল থিয়েটাৰ। ১৪ নৱেম্বৰৰ পৰা ১৯ নৱেম্বৰলৈ এই সাতখন থিয়েটাৰে পৰ্যায়ক্ৰমে নাট প্ৰদৰ্শন কৰিব। সেই অনুসৰি ১৪ নৱেম্বৰৰ পৰা ১৭ নৱেম্বৰলৈ লখিমী পথাৰত বৃন্দাবন থিয়েটাৰ, ১৫ নৱেম্বৰৰ পৰা ১৯ নৱেম্বৰলৈ গৰু বজাৰত ইতিহাস থিয়েটাৰ, ১৬ নৱেম্বৰৰ পৰা ১৯ নৱেম্বৰলৈ লখিমী পথাৰত ৰাজমুকুট থিয়েটাৰ,১৭ নৱেম্বৰৰ পৰা ১৯ নৱেম্বৰলৈ লখিমী পথাৰত থিয়েটাৰ সূৰ্য্য, ১৪ নৱেম্বৰৰ পৰা ১৮ নৱেম্বৰলৈ দৈৱকী পথাৰত ৰাজতিলক থিয়েটাৰ, ১৫ নৱেম্বৰৰ পৰা ১৯ নৱেম্বৰলৈ ভাৰতীয় পেট্ৰ’ল ডিপ’ৰ পিছফালে হেঙুল থিয়েটাৰ আৰু ১৬ নৱেম্বৰৰ পৰা ১৮ নৱেম্বৰলৈ বৰদৈচিলা থিয়েটাৰে নাট প্ৰদৰ্শন কৰিৱ। ৰাস উপলক্ষে আমন্ত্ৰিত থিয়েটাৰ এই কেইখনৰ ভিতৰত কোনে শ্ৰেষ্ঠ নাটক প্ৰদৰ্শন কৰিব আৰু প্ৰথমবাৰৰ বাবে ৰাস কমিটিয়ে প্ৰদান কৰিব লগা পুৰস্কাৰ কোনখন থিয়েটাৰে লাভ কৰিব সেই লৈ এতিয়া নাট্যপ্ৰেমী ৰাইজৰ মাজত ব্যাপক চৰ্চা লাভ কৰিছে। উল্লেখ্য, শ্ৰেষ্ঠ নাটক হিচাপে থিয়েটাৰৰ প্ৰযোজকক এক লাখ টকা, শ্ৰেষ্ঠ অভিনেতা আৰু শ্ৰেষ্ঠ অভিনেত্ৰীক ২৫ হাজাৰ টকাকৈ পুৰস্কাৰ প্ৰদান কৰা হ’ব বুলি ইতিমধ্যে ৰাস উদযাপন সমিতিৰ সভাপতি তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ঘোষণা কৰিছে। মন্ত্ৰীগৰাকীৰ এই ঘোষণাৰ পিছতেই ৰাস মহোৎসৱত প্ৰদৰ্শিত হৱ লগা থিয়েটাৰৰ প্ৰযোজক তথা শিল্পী,কলা-কুশলী সকলৰ মাজতো বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰে।
প্ৰেৰক অৰূপ ৰঞ্জন বৰ্মন