নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অখিল–তিনি সতীর্থৰ বিৰুদ্ধে ‘নিয়া’ৰ গোচৰ ৰুজু; দীঘলীয়া হ’ব বন্দিত্ব

নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ কৃষক মুক্তি সংগ্রাম সমিতিৰ উপদেষ্টা অখিল গগৈ, সাধাৰণ সম্পাদক ধৈর্য কোঁৱৰ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি বিতু সোণোৱাল আৰু কাৰ্যকৰী সভাপতি মানস কোঁৱৰৰ বিৰুদ্ধে মাওবাদী সংগঠনৰ লগত জড়িত থকাৰ অভিযোগ তুলি গোচৰ ৰুজু কৰিছে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা, চমুকৈ নিয়াই ।

বে–আইনী কার্যকলাপ প্রতিৰোধ আইন (ইউ এ পি এ)ৰ অধীনত তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে ৷

ৰাষ্ট্রীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, কৃষক আৰু ছাত্র সংগঠনৰ নেতাকেইজনৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰত কোৱা হৈছে যে ২০০৯ চনলৈ কৃষক মুক্তি সংগ্রাম সমিতি আৰু ৰিভলুচনাৰী কমিউনিষ্ট চেণ্টাৰে একেলগে কাম–কাজ কৰিছিল ৷ পৰৱর্তী সময়ত ৰিভলুচনাৰী কমিউনিষ্ট পার্টী–চি পি আই (মাওবাদী)ৰ লগত চামিল হয় ৷ তেওঁলোকৰ কাম–কাজ আৰু কথা–বার্তাই দেশৰ নিৰাপত্তা আৰু সার্বভৌমত্বৰ প্রতি ভাবুকি সৃষ্টি কৰিছে ৷

উল্লেখ্য যে যোৱা শুকুৰবাৰে অসম আৰক্ষীয়ে অখিল গগৈ, মানস কোঁৱৰসহ কেইবাজনো ব্যক্তিক যোৰহাটত গ্রেপ্তাৰ কৰি তেওঁলোকৰ বিৰুদ্ধে ৰাষ্ট্রদ্রোহ আৰু ‘ইউ এ পি এ’ৰ অধীনত গোচৰ ৰুজু কৰে ৷

পৰৱর্তী সময়ত গুৱাহাটীত গ্রেপ্তাৰ কৰা হয় কৃষক মুক্তি সংগ্রাম সমিতিৰ সাধাৰণ সম্পাদক ধৈর্য কোঁৱৰ আৰু বিতু সোণোৱালক ৷ তেওঁলোক বর্তমান লখৰাস্থিত গুৱাহাটী কেন্দ্রীয় কাৰাগাৰত বন্দী হৈ আছে ৷

স্বাভাৱিকতে অখিল গগৈ আৰু তেওঁৰ সতীর্থসকল যে দীঘলীয়া দিনৰ বাবে কাৰাবন্দী হৈ থাকিব লাগিব, সেয়া এতিয়া নিশ্চিত হৈ পৰিছে ৷

You might also like