নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভি-নীল হত্যাকাণ্ডৰ ন্যায় প্ৰক্ৰিয়াঃ ফৰেনচিক বিশেষজ্ঞৰ সাক্ষ্যগ্ৰহণ

নিয়মীয়া বাৰ্তা, ১২ নৱেম্বৰঃ সমগ্ৰ দেশ কঁপাই যোৱা অভি-নীল হত্যাকাণ্ডৰ গোচৰৰ আজি নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত এজন জ্যেষ্ঠ ফৰেনচিক বিশেষজ্ঞৰ সাক্ষ্য গ্ৰহণ কৰা হয়।আজি গোচৰটোৰ তদন্তকাৰী বিষয়া যতীন চন্দ্ৰ দাসেও সাক্ষ্য প্ৰদানৰ বাবে আহিছিল যদিও সময়ৰ অসুবিধাৰ বাবে মহামান্য ন্যায়াধীশে তেওঁৰ সাক্ষ্য গ্ৰহণ কৰিব নোৱাৰিলে।

আজি গোচৰটোৰ সম্পৰ্কত অভি-নীলৰ পিতৃয়ে সংবাদ মাধ্যমৰ আগত কয় যে-‘ জ্যেষ্ঠ ফৰেনচিক বিশেষজ্ঞ গৰাকীয়ে সঠিকভাবেই সাক্ষ্য প্ৰদান কৰিছে ।অৱশ্যে বিপক্ষৰ অধিবক্তা পলমকৈ আদালতত উপস্থিত হোৱাত আনজন সাক্ষীয়ে সাক্ষ্য দান কৰিব নোৱাৰিলে।ফৰেনচিক বিশেষজ্ঞ গৰাকীয়ে জব্দ কৰা অস্ত্ৰৰ ওপৰত পৰীক্ষা কৰি লাভ কৰা তথ্যৰ ওপৰত তেওঁৰ সাক্ষ্যদান কৰিছে।এই অস্ত্ৰ সমূহ যেনে লাঠি,শিলগুটি বা অন্য অস্ত্ৰত তেজৰ চেকুৰা পোৱাৰ কথাও ফৰেনচিক বিশেষজ্ঞ গৰাকীয়ে সাক্ষ্যদানত আদালতক অৱগত কৰে।’

অভি-নীলৰ পিতৃদ্বয়ে সংবাদ মাধ্যমৰ আগত কয় যে-এই গোচৰটো অক্টোবৰতে সমাপ্ত হোৱাৰ আমি আশা প্ৰকাশ কৰিছিলো যদিও ডিচেম্বৰতো সমাপ্ত হোৱাৰ সম্ভাৱনা নাই।কাৰণ আমি প্ৰতি মাহতে চাৰিটাকৈ তাৰিখ বিচাৰিছো যদিও বৰ্তমানলৈকে দুটাকৈ তাৰিখহে সাক্ষ্য গ্ৰহণৰ বাবে দিয়া হৈছে।তেওঁলোকে কয় যে-বৰ্তমানলৈকে ৬১ জনে সাক্ষ্যদান কৰিলে যদিও আৰু ১০ জনমানে সাক্ষ্যদান কৰিবলৈ আছে।

অভি-নীলৰ পিতৃদ্বয়ে সংবাদ মাধ্যমৰ জৰিয়তে এই বিচাৰ প্ৰক্ৰিয়া খৰতকীয়া কৰাৰ ক্ষেত্ৰত ন্যায়ালয়ৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে এটা জনমত গঠনৰো আহ্বান জনালে দুৰ্ভগীয়া ব্যক্তি দুগৰাকীয়ে ৷ ইফালে, প্ৰতি বাৰেই বহু দুৰৰ পৰা আদালতলৈ অহাৰ ক্ষেত্ৰটো যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱা বুলিও জানিবলৈ দিয়ে।

You might also like