নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৰুখুটি কৃষি প্ৰকল্পত ঘৰ-সম্পত্তি সহ স্হান ত্যাগ বেদখলকাৰীৰঃ ৭৩ টা পৰিয়ালে এৰি দিলে চৰকাৰী ভূমি

নিয়মীয়া বাৰ্তা:১২নবেম্বৰঃ ছিপাঝাৰৰ গৰুখুটি কৃষি প্ৰকল্পত আজি দ্বিতীয় দিনাও অব্যাহত আছে বেদখলকাৰীৰ স্হান ত্যাগ প্ৰক্ৰিয়া। প্ৰশাসনৰ তৎপৰতা আৰু মৌখিক নিদেৰ্শনাৰ পিছৰে পৰা বেদখলকাৰী সকলে নিজেই ঘৰ দুৱাৰ ভাঙি কৃষি প্ৰকল্পৰ বাবে এৰি দিছে চৰকাৰী ভুমি।আৰক্ষী আৰু প্ৰশাসনৰ বিষয়ববীয়াৰ উপস্হিতিত ১নং ধলপুৰৰ পৰা আৰম্ভ হৈছে খালীকৰণ প্ৰক্ৰিয়া।বিশেষকৈ প্ৰস্তাবিত গৰুখুটি কৃষি প্ৰকল্পৰ বাবে প্ৰাৰম্ভিক ভাবে জৰীপ কৰি প্ৰশাসনে যিখিনি ভুমি নিৰ্দিষ্ট কৰিছিল সেই আটাইখিনি ভূমিয়েই বেদখলমুক্ত কৰাৰ বাবে প্ৰশাসন বদ্ধ পৰিক্কৰ হোৱাৰ পিছত বেদখলকাৰী সকলে প্ৰশাসনৰ লগত সহযোগ কৰি নিজেই ত্যাগ কৰিছে বেদখলকাৰীসকলে।

এই সন্দৰ্ভত আনকি প্ৰশাসনে বলপূৰ্বক ভাবে ঘৰ দুৱাৰ ভাঙি বেদখলমূক্ত কৰাৰ বাবে গুৰুত্ব আৰোপ কৰি বেদখলকাৰীৰ সকলৰ লগত আলোচনাতো মিলিত হৈছিল। মূলত গৰুখুটি কৃষি প্ৰকল্পৰ বাবে প্ৰাৰম্ভিক অৱস্হাত নিৰ্ধাৰণ কৰা ১নং ধলপুৰ,২নং ধলপুৰ ,৩নং ধলপুৰ আৰু নিজ শালমাৰা অংশ বেদখল মুক্ত কৰিবলৈ প্ৰচেষ্টা গ্ৰহণ কৰে।এই সন্দৰ্ভত বিগত ২০ ছেপ্টেম্বৰ আৰু ২৩ ছেপ্টেম্বৰত প্ৰশাসনে ধলপুৰত চলাইছিল উচ্ছেদ অভিযান। অৱশ্যে প্ৰথম দিনা শান্তিপূৰ্ণ ভাবে সম্পন্ন হোৱাৰ বিপৰীতে দ্বিতীয় দিনা বেদখল উচ্ছেদ সন্দৰ্ভত সুত্ৰপাত হৈছিল হিংসাত্মক পৰিস্থিতিৰ।যাৰ বাবে স্হগিত হৈছিল উচ্ছেদ অভিযান।আনকি আইনী বাধাৰো সন্মুখীন হৈছিল দৰং প্ৰশাসন।এনে পৰিপ্ৰেক্ষিতত প্ৰশাসনেও শান্তিপূৰ্ণ ভাবে এই সমস্যা সমাধানত গুৰুত্ব দিয়ে।জিলা প্ৰশাসন- আৰক্ষী বিভাগ আৰু স্হানীয় বিধায়ক গৰাকীয়ে আলোচনাত মিলিত হৈছিল বেদখলকাৰী সকলৰ লগত।যাৰ পৰিপ্ৰেক্ষিতত কালি প্ৰথম দিনা প্ৰায় পয়ত্ৰিশটা পৰিয়ালে নিজেই ঘৰ-দুৱাৰ ভাঙি প্ৰশাসনে নিৰ্দিষ্ট কৰা ভুমি ত্যাগ কৰি একপ্ৰকাৰৰ সহযোগ কৰাৰ পিছত আজিও অব্যাহত আছে এই প্ৰক্ৰিয়া।

ছিপাঝাৰৰ চক্ৰ বিষয়া কমলজিৎ শৰ্মা আৰু আৰক্ষী পৰিদৰ্শক নিৰঞ্জন বৰুৱাই পুৱাৰে পৰা ধলপুৰৰ উক্ত অংশত উপস্থিত হৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰে আনহাতে উপ আৰক্ষী অধীক্ষক প্ৰাঞ্জল বৰায়ো উক্ত এলেকা পৰ্যবেক্ষণ কৰি নিৰাপত্তা দিশটোৰ প্ৰতি লক্ষ্য ৰাখে।আনকি ঘৰ-দুৱাৰৰ অৱশিষ্ট আৰু সা সামগ্ৰী বোৰ স্হানান্তৰ প্ৰক্ৰিয়াও যাতে শান্তিপূৰ্ণ আৰু শৃ‌ংখলিত ভাবে সম্পন্ন হয় তাৰ প্ৰতিও নজৰ ৰাখি এই কাৰ্যত সহযোগ কৰিছে‌ প্ৰশাসনৰ ফালৰ পৰা।ইফালে বেদখলকাৰী সকলে দীৰ্ঘদিন ধৰি বসবাস কৰি অহা ভুমিত নিজে সাজি লোৱা গৃহ সমুহ আকৌ নিজ হাতেৰেই ভাঙি প্ৰস্হান কৰিছে যদিও বেদখলকাৰী সকলে পুন সংস্হাপনৰ বাবে চৰকাৰৰ ওচৰত আহ্বান ৰাখিছে। বেদখলকাৰী সকলৰ ষ্পষ্ট মত-“চৰকাৰী ভূমি চৰকাৰে লব খুজিছে , আমিও এৰি দিছো । কৃষি প্ৰকল্প‌ও ভালকৈ চলক। কিন্তু আমি বিগত প্ৰায় ত্ৰিশ বছৰ ধৰি এই স্হানত আছিলো। গতিকে চৰকাৰে আমাৰ কথাও বিবেচনা কৰক। যাতে অন্তত ঘৰ এটা বান্ধি আমি থাকিব পাৰো তাৰ যেন চৰকাৰে সু ব্যৱস্থা কৰে।” প্ৰণিধানযোগ্য যে গৰুখুটিৰ গাতে লগা থাকি ব্ৰহ্মপুত্ৰ নদীৰ ৰঙামাটি-কুৰুৱা মথাউৰিৰ নাতি দূৰৈৰ এৰা সুতিৰ পৰা চৰ অঞ্চলৰ মাজেৰ প্ৰবাহিত আনটো সুতি পৰ্যন্ত প্ৰাৰম্ভিক অৱস্থাত গৰুখুটি কৃষি প্ৰকল্পৰ বাবে সংৰক্ষণ কৰা হৈছে। এনেক্ষেত্ৰত প্ৰকল্পৰ নিৰ্ধাৰিত ভূমি ত্যাগ কৰা বেদখলকাৰী সকলক দ্বিতীয় সুতিটোৰ সিপাৰত গৰিয়াটাৰি অংশত অস্হায়ী ভাবে থকাৰ নিৰ্দেশ দিছে প্ৰশাসনে।কিন্তু বেদখলকাৰী সকলৰ দাবী সেইখিনি ভুমি একেবাৰে সুতিটোৰ গৰাতে হোৱাৰ বাবে কোনো কাৰণত বসবাসৰ উপযোগী নহয়। তেনে ক্ষেত্ৰত অলপ ওখ মাটিৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে।ইফালে স্হানীয় প্ৰশাসনৰ সুত্ৰ অনুসৰি আজি পৰ্যন্ত সৰ্বমুঠ ৭৩টা বেদখলী পৰিয়ালে ঘৰ দুৱাৰ সহ উক্ত স্হান ত্যাগ কৰি চৰকাৰী ভূমি এৰি দিছে।

You might also like