নিয়মীয়া বাৰ্তা, ১২ মে’ : লকডাউনৰ ফলত ৰাজ্যৰ উদ্যোগখণ্ডৰ ব্যাপক ক্ষতি হৈছে যদিও অসমে উদ্যোগখণ্ডক পুনৰুজ্জীৱিত কৰি পূর্বৰ দৰে থিয় হ’ব পাৰিব বুলি আত্মবিশ্বাস ব্যক্ত কৰিছে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে ৷ ক’ভিড–১৯ৰ ফলত ৰাজ্যৰ উদ্যোগখণ্ডলৈ আহি পৰা প্রত্যাহ্বান আৰু উদ্যোগখণ্ডৰ পুনৰুজ্জীৱিতকৰণৰ দিশ সম্পর্কে আলোচনা কৰি সোমবাৰে অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত মুখ্যমন্ত্রী সোণোৱালে অসমৰ লগতে দেশৰ আগশাৰীৰ ঔদ্যোগিক খণ্ডৰ প্রতিনিধিৰ সৈতে এখন বৈঠকত মিলিত হয় ৷ বৈঠকখনত মুখ্যমন্ত্রী সোণোৱালে কয় যে সাম্প্রতিক পৰিস্থিতিত উদ্যোগখণ্ডৰ প্রতি আহি পৰা প্রত্যাহ্বান মোকাবিলা কৰাৰ বাবে কাম কৰিব লাগিব ৷ প্রত্যাহ্বান যিমানে প্রবল হয়, পদক্ষেপ সিমানেই অভিনৱ হ’ব লাগিব ৷ ক’ভিড–১৯ৰ বিৰুদ্ধে চলা যুঁজখনৰ সমান্তৰালভাৱে অর্থনৈতিক ক্ষেত্রখনক আগুৱাই নিব লাগিব ৷ এই দিশটো চৰকাৰে গুৰুত্ব সহকাৰে লোৱাৰ কথা উল্লেখ কৰি সোণোৱালে কয় যে সুভাষ দাসৰ অধ্যক্ষতাত চৰকাৰে গঠন কৰি দিয়া অর্থনীতি বিষয়ক পৰামর্শদাতা সমিতিয়ে ৰাজ্যৰ ঔদ্যোগিক ক্ষেত্রৰ পৰাও পৰামর্শ গ্রহণ কৰিব ৷ ৰাজ্যখনত এক ঔদ্যোগিক পৰিৱেশ গঢ়াৰ বাবে ৰাজ্যিক মুঠ ঘৰুৱা উৎপাদনত ৰাজ্যৰ উদ্যোগখণ্ডই ৩৯ শতাংশ অৰিহণা আগবঢ়ায় ৷ ৪ লাখ লোকক এই খণ্ডই প্রৰোক্ষ নিয়োগৰ সুবিধা সৃষ্টি কৰাৰ উপৰি পৰোক্ষভাৱে ২০ লাখ লোকৰ প্রত্যক্ষ নিয়োগ সম্ভৱ কৰি তুলিছে ৷
চাহ খণ্ডই ৰাজ্যৰ অর্থনীতিত গুৰুত্বপূর্ণ অৰিহণা যোগাবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে লকডাউন আৰম্ভ হোৱাৰ ফলত বৃহৎ আৰু ক্ষুদ্র চাহ বাগিচাসমূহৰ উৎপাদন হ্রাস পাইছে আৰু ইয়াৰ ফলত ৫০০ কোটি টকাতকৈ অধিক টকাৰ লোকচানৰ সন্মুখীন হ’ব লগা হৈছে ৷ কেন্দ্রীয় চৰকাৰে লকডাউনৰ শিথিলতা দিয়াৰ পাছত অর্থনৈতিক গতি ত্বৰান্বিত কৰাৰ বাবে ৰাজ্য চৰকাৰে উদ্যোগ–কৃষিকে ধৰি বিভিন্ন ক্ষেত্রত শিথিলতা আনিছে ৷ ঔদ্যোগিক কাম–কাজ চলোৱাৰ সময়ত সামাজিক দূৰত্ব বজাই ৰখাৰ লগতে স্বাস্থ্য বিভাগে দিয়া নীতি–নির্দেশনাসমূহ মানি চলি এই খণ্ডটোক অধিক গতিশীল কৰি তুলিবলৈ তেওঁ আহ্বান জনায় ৷ তেওঁ কয় যে ঔদ্যোগিক সংগঠনৰ প্রতিনিধিসকলে আগবঢ়োৱা পৰামর্শসমূহ ৰাজ্য চৰকাৰে আন্তৰিকতাৰে গ্রহণ কৰি এইক্ষেত্রত উপযুক্ত পদক্ষেপ গ্রহণ কৰিব ৷ ক’ভিড–১৯এ প্রকৃতিক কিদৰে সংৰক্ষণ কৰিব লাগে সেই কথা আমাক শিকাইছে৷ প্রকৃতি বিনষ্ট নকৰাকৈ আমাৰ অর্থনৈতিক গতি আগুৱাই নিব লাগিব ৷ প্রকৃতি সংৰক্ষণ আৰু অর্থনৈতিক উন্নয়ন সমান্তৰালভাৱে গতি কৰিব লাগিব ৷ অর্থনৈতিক বিকাশৰ সমান্তৰালভাৱে আমি পৰিৱেশৰ ভাৰসম্যতাও ৰক্ষা কৰি চলিব লাগিব ৷
মুখ্যমন্ত্রীয়ে কয় যে ঔদ্যোগিক সংগঠনৰ সৈতে হোৱা এই আলোচনাই ৰাজ্য চৰকাৰৰ মনোবল বৃদ্ধি কৰিছে ৷ দেশৰ ১৩০ কোটি জনসাধাৰণৰ সন্মুখত আমি ৩ কোটি ৩০ লাখ জনসাধাৰণে ‘টীম অসম’ৰ মানসিকতাৰে অর্থনৈতিক গতি অধিক ত্বৰান্বিত কৰিব লাগিব ৷ বর্তমান চৰকাৰখনে নিৰৱচ্ছিন্নভাৱে কৰি অহা কামৰ ফলত বিনিয়োগৰ এক অনুকূল পৰিৱেশ সৃষ্টি হৈছিল ৷ কিন্তু ক’ভিড–১৯ৰ বাবে এই পৰিৱেশ বিঘ্ণিত হৈ পৰে ৷ এতিয়া সেই পৰিৱেশ ঘূৰাই অনাৰ বাবে নিৰন্তৰ কাম কৰিব লাগিব ৷ আনহাতে, বিদেশী কোম্পানীয়ে ভাৰতত বিনিয়োগ কৰিব বিচৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী সোণোৱালে কয় যে অসমতো তেনে বিনিয়োগেৰে উদ্যোগ স্থাপনৰ বাবে ৰাজ্য চৰকাৰে কেন্দ্রলৈ পত্র প্রেৰণ কৰিছে ৷ এই সম্পর্কত তেওঁ ব্যক্তিগতভাৱে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰে টেলিফোনযোগে কথা পাতিছে আৰু প্রধানমন্ত্রীয়েও এইক্ষেত্রত ইতিবাচক সঁহাৰি দিছে ৷ বৈঠকত উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে কয় যে ৰাজ্যৰ উদ্যোগখণ্ডক আগুৱাই নিয়াৰ বাবে ৰাজ্য চৰকাৰে দৃঢ়তাৰে বিভিন্ন পদক্ষেপ গ্রহণ কৰি আহিছে ৷ এক্ট ইষ্ট পলিচী এফেয়ার্ছ বিভাগ, অসম দক্ষতা উন্নয়ন অভিযানৰ লেখীয়া পদক্ষেপসমূহৰ ফলত দক্ষিণ–পূব এছিয়াৰ সৈতে ব্যৱসায়িক সম্পর্ক সুদৃঢ় কৰাৰ এক পৰিৱেশ নির্মাণ হৈ উঠিছে ৷ ৰাজ্য চৰকাৰে জলপথ ব্যৱস্থাটোক শক্তিশালী কৰাৰ বাবে লোৱা পদক্ষেপে আমাৰ উদ্যোগখণ্ডৰ গতিশীলতা অধিক বৃদ্ধি কৰিব বুলিও তেওঁ মন্তব্য কৰে ৷
বৈঠকত ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য মহাপ্রবন্ধক সন্দীপ গোস্বামী, গুৱাহাটী শোধনাগাৰৰ মুখ্য মহাপ্রবন্ধক এন চক্রৱর্তী, নুমলীগড় শোধনাগাৰৰ মুখ্য মহাপ্রবন্ধক নিপন বৰঠাকুৰ, অসম গেছ কোম্পানী লিমিটেডৰ পৰিচালন সঞ্চালক গকুল স্বর্গীয়াৰী, আছাম ষ্টার্টআপ দ্য নেষ্টৰ মুখ্য পৰিচালন বিষয়া প্রাঞ্জল কোঁৱৰ, ফেডাৰেচন অৱ ইণ্ডিয়ান চেম্বার্ছ অৱ কমার্চ এণ্ড ইণ্ডাষ্ট্রীৰ সঞ্চালক (উত্তৰ–পূব) বিশ্বজিৎ চক্রৱর্তী, ফেডাৰেচন অৱ ইণ্ডাষ্ট্রিজ এণ্ড কমার্চ, নর্থ–ইষ্টার্ন ৰিজন (ফাইনাৰ)ৰ সভাপতি পৱিত্র বুঢ়াগোহাঁই, কনফেডাৰেচন অৱ ইণ্ডিয়ান ইণ্ডাষ্ট্রী (আছাম ছেপ্ঢাৰ)ৰ সঞ্চালক অভিজিৎ বৰুৱা, ইণ্ডিয়ান চেম্বার্ছ অৱ কমার্চৰ আঞ্চলিক প্রধান ঈশান্তৰ সভাপণ্ডিত, পি এইচ ডি চেম্বার্ছ অৱ কমার্চৰ উপ–আৱাসিক সঞ্চালক এছ হাজৰিকা, অসম চেম্বার্ছ অৱ কমার্চৰ অধ্যক্ষ ৰূপম গোস্বামী, অল আছাম স্মল স্কেল ইণ্ডাষ্ট্রিজ এছ’চিয়েচনৰ সভাপতি, লঘু উদ্যোগ ভাৰতী (এন ই আৰ)ৰ কার্যকৰী সভাপতি মনোজ লুন্দিয়া, এবিটাৰ সম্পাদক অভিজিৎ শর্মা, এন ই টি এৰ উপদেষ্টা বিদ্যানন্দ বৰকটকী আৰু অসম চেম্বার্ছ অৱ কমার্চৰ সভাপতি সঞ্জীৱ নাৰায়ণো উপস্থিত থাকে ৷ আনহাতে, ভিডিঅ’ কনফাৰেঞ্চত অংশগ্রহণ কৰা উদ্যোগখণ্ডৰ প্রতিনিধিসকল হৈছে টী ব’ড ইণ্ডিয়াৰ অধ্যক্ষ পি কে বেজবৰুৱা, কনচালটেটিভ কমিটী অৱ প্লেণ্টেচন এছ’চিয়েচন আৰু ইণ্ডিয়ান টী এছ’চিয়েচনৰ অধ্যক্ষ বিবেক গোৱেংকা, আছাম টী প্লেণ্টার্ছ এছ’চিয়েচনৰ অধ্যক্ষ ড০ নজৰানা আহমেদ, ভাৰতীয় চাহ পৰিষদৰ অধ্যক্ষ নলীন খেমানী, সদৌ অসম ক্ষুদ্র চাহ খেতিয়ক সন্থাৰ সাধাৰণ সম্পাদক কৰুণা মহন্ত আৰু টী এছ’চিয়েচন অৱ ইণ্ডিয়াৰ সচিবপ্রধান পি কে ভট্টাচার্য ৷