নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত উৎপাদিত ৪০০০ কোটি টকাৰ সামগ্রী ৰপ্তানি

  • গুৱাহাটীত এফআইই’ এক্সপ’ট কনক্লেভ
  • বৃহৎ হাৰত ৰপ্তানিত অসমৰ ৫খন জিলাৰ অৰিহণা ৭৩ শতাংশ

নিয়মীয়া বাৰ্তা, ২৪ফেব্ৰুৱাৰী: বহিঃৰাজ্যৰ পৰা উৎপাদিত সামগ্রী আমদানি কৰি জোৰা মৰাৰ পৰিৱেশ আঁতৰাই অসম এতিয়া প্রায়বোৰ সামগ্রী উৎপাদনতে স্বাৱলম্বী৷ নিজ উৎপাদিত সামগ্রীৰে অসমৰ কৃষকে ৰাজ্যখনৰ চাহিদা অনুযায়ী যোগান ধৰাই নহয়, বিদেশলৈও সামগ্রী ৰপ্তানি কৰিবলৈ সক্ষম হৈছে৷ পূর্বৰ কৃষিৰ প্রতি থকা অনিহা তথা সমস্যা আঁতৰাই ৰাজ্যৰ কৃষি খণ্ডলৈ সুখবৰ কঢ়িয়াই আনি অসমৰ কৃষকে চলিত বর্ষত চাৰি হাজাৰ কোটি টকাৰ উৎপাদিত সামগ্রী ৰপ্তানিৰে এক মাইলৰ খুঁটি স্থাপন কৰিবলৈ সক্ষম হৈছে৷ ৰাজ্যখনৰ কৃষিখণ্ডৰ এনে গৌৰৱময় সময়ৰ বিস্তৃত তথ্য আজি প্রকাশ কৰে ফেডাৰেচন অৱ ইণ্ডিয়া এক্সপ’ট অর্গেনাইজেচন, চমুকৈ এফ আই ই অ’ৱে৷ গুৱাহাটীত আজি অনুষ্ঠিত কৰা এক এক্সপ’ট কনক্লেভত এই তথ্য দাঙি ধৰি সংস্থাটোৱে উল্লেখ কৰে যে ২০২৭–২৮ বর্ষলৈ অসমে ১০ হাজাৰ কোটি টকাৰ উৎপাদিত সামগ্রী ৰপ্তানি কৰিবলৈ সক্ষম হ’ব৷

এফ আই ই অ’ৰ সঞ্চালকপ্রধান তথা মুখ্য কার্যবাহী বিষয়া ড০ অজয় সাহাই ৰাজ্যৰ কৃষিখণ্ডৰ এনে সোণালী দিনৰ কথা উল্লেখ কৰি জানিবলৈ দিয়া মতে, ২০২২ চনৰ ডিচেম্বৰলৈকে অসমে ৩,০৮১ কোটি টকাৰ সামগ্রী ৰপ্তানি কৰিছিল৷ অহা এপ্রিল মাহলৈ এই সংখ্যাই চাৰি হাজাৰ কোটি টকা অতিক্রম কৰিব৷ অসমৰ জি’গ্রাফিকেল ইণ্ডিকেচন (জি আই) থকা ৰাজ্যখনৰ ১১টা সামগ্রী ইতিমধ্যে লণ্ডন, মধ্যপ্রাচ্য, বাংলাদেশ আৰু দক্ষিণ–পূব এছিয়াৰ কেইবাখনো দেশলৈ ৰপ্তানি হৈছে৷ সেয়াই নহয়, জৈৱিকভাৱে উৎপাদিত এই সামগ্রীসমূহৰ চাহিদাও বিদেশত অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ উল্লেখ্য যে অসমৰ কৃষিজাত আৰু হস্তনির্মিত সামগ্রী ৰপ্তানিৰ ক্ষেত্রত মুখ্যতঃ ৫খন জিলাই অভাৱনীয় সাফল্য লাভ কৰিছে৷ চাহপাতক বাদ দিলে কার্বি আংলং–ডিমা হাছাও জিলাই আদা, হালধি, ওদালগুৰি জিলাই নেমু তথা উত্তৰ অসমৰ ক’লা চাউল–জহা চাউলে বিদেশত অভাৱনীয় সমাদৰ লাভ কৰিছে৷ উল্লেখ্য যে বিগত সময়ছোৱাত ৰাজ্যখনৰ পৰা ৰপ্তানি হোৱা সামগ্রীসমূহৰ ভিতৰত আছে ভোট জলকীয়া, নেমু, জহা চাউল, ক’লা চাউল, আদা, ৰঙালাও, কঁঠাল, লিচু, বিন, হালধি, পাণ, হস্ততাঁত–বস্ত্রশিল্ আৰু বাঁহেৰে নির্মিত সামগ্রী৷ এফ আই ই অ’ৰ সঞ্চালকপ্রধান ড০ সাহাই কনক্লেভত আজি ইয়াকো উল্লেখ কৰে যে ৰাজ্যখনৰ ৫খন জিলাই ৰপ্তানিৰ ৭৩ শতাংশ সামগ্রী উৎপাদনত বিশেষ অৰিহণা যোগাইছে৷ আনহাতে মূল ৰপ্তানিৰ ৮৭ শতাংশ সামগ্রী উৎপাদিত হয় অসমৰ ১০খন জিলাত৷

লক্ষণীয়ভাৱে পাহাৰীয়া জিলা দুখনৰ লগতে উত্তৰ অসমৰ লখিমপুৰ, ধেমাজি, তেজপুৰ, ওদালগুৰি জিলাই জৈৱিকভাৱে উৎপাদন কৰি অহা সামগ্রীয়ে লণ্ডন, ডুবাই আৰু ইউৰোপৰ কেইবাখনো দেশত চাহিদা বৃদ্ধি কৰিবলৈ সক্ষম হৈছে৷ ক’ভিডৰ পাছত চীনৰ বর্ধিত বাণিজ্যৰ পৰিধি ভাঙি অসমে জৈৱিকভাৱে উৎপাদিত সামগ্রী ৰপ্তানিত লাভ কৰা এনে সাফল্যই ৰাজ্যখনৰ অর্থনৈতিক দিশতো বিশেষ সুফল কঢ়িয়াই আনিছে৷ ইফালে আজি কনক্লেভত অসমৰ সামগ্রী ৰপ্তানিৰ ক্ষেত্রত পশ্চিমবংগৰ হালডিয়া বন্দৰ আৰু বাংলাদেশৰ চিতাগং–মংলা বন্দৰলৈ অসমৰ সামগ্রী পোনপটীয়াকৈ প্রৱেশৰ বাবে আভ্যন্তৰীণ জল পৰিবহণ উন্নত কৰাৰ বাবে এক প্রস্তাৱ গ্রহণ কৰা হয়৷ মন কৰিবলগীয়া যে অসমৰ সামগ্রী ৰপ্তানিৰ ক্ষেত্রত লাভ কৰা এনে ইতিবাচক দিশৰ বিপৰীতে অসমৰ কৃষকে বিদেশত ইয়াৰ স্বীকৃতি সেই ধৰণে লাভ কৰা নাই৷ ইয়াৰ কাৰিকৰী সমস্যা হিচাপে দেখা দিছে অসমৰ পৰা পোনপটীয়াকৈ বিদেশী ৰাষ্ট্রলৈ সামগ্রী নিয়াৰ ক্ষেত্রত থকা বাধা আৰু অভাৱ৷ আন্তঃৰাষ্ট্রীয় বিমানবন্দৰ হিচাপে স্বীকৃতি পালেও লোকপ্রিয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ পৰা পোনপটীয়াকৈ সামগ্রী ৰপ্তানি কৰাৰ সুবিধা গঢ়ি উঠা নাই৷ ফলত অসমৰ উৎপাদিত সামগ্রী কলকাতা অথবা দিল্লীৰ পৰা বিদেশলৈ প্রেৰণ কৰা হয়৷ যাৰ বাবে এই সামগ্রীসমূহত কলকাতা অথবা দিল্লীত টেগ লাগি থকাত বিদেশত এই সামগ্রী কলকাতা বা দিল্লীত উৎপাদিত হোৱা বুলিহে ধৰি লোৱা হয়৷ এনে সমস্যাৰ বাবেই অসমৰ কৃষকে উৎপাদিত সামগ্রীৰ ক্ষেত্রত যি সাফল্য লাভ কৰিছে, তাৰ বিপৰীতে কিন্তু বিদেশত লাভ কৰা নাই সমাদৰ৷

ইফালে কৃষিজাত এনেবোৰ সামগ্রীৰ সমান্তৰালকৈ বিদেশত শেহতীয়াকৈ চাহিদা বৃদ্ধি পাইছে অসমৰ মৌ, মছলা, ৰঙা চাউল, ড্রেগন ফুড, গাহৰি মাংস৷ বিশেষকৈ শ্রীলংকা, ডুবাই, ওমান, নেদাৰলেণ্ড, ছিংগাপুৰ আৰু গ্রীচত সমাদৰ লাভ কৰিছে অসমৰ এই সামগ্রীসমূহে৷ আজি অনুষ্ঠিত কনক্লেভত অংশগ্রহণ কৰাসকলে অসমৰ কৃষকসকলক অধিক ৰপ্তানিমুখী কৰি তোলাৰ লক্ষ্যৰে ৰপ্তানিকৃত হোৱা দেশসমূহলৈ প্রেৰণ কৰি বজাৰ সম্পর্কে জ্ঞান আহৰণ কৰাৰ সুযোগ দিয়াৰ বাবে ৰাজ্য চৰকাৰলৈ এক প্রস্তাৱ আগবঢ়ায়৷ তদুপৰি এফ আই ই অ’ৰ উত্তৰ–পূবৰ আহ্বায়ক সুমন কাছেৰে অসমৰ চাহ ৰপ্তানিৰ ক্ষেত্রত প্রসাৰতা বৃদ্ধিৰ বাবে ব্যৱস্থা গ্রহণ কৰিবলৈ প্রস্তাৱ আগবঢ়োৱাৰ লগতে ৰাছিয়াত ক্রমাৎ অসমৰ চাহৰ চাহিদা অধিক বৃদ্ধি হোৱাৰ বিষয়তো তেওঁ অৱগত কৰে৷

You might also like