নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত ভয়ংকৰ অগ্নিকাণ্ডত ৪০টা বাসগৃহ ভস্মীভূতঃ কেইবাখনো বাহন জ্বলি ছাৰখাৰ

নিয়মীয়া বাৰ্তা, ২৪ফেব্ৰুৱাৰী: আজি নিশা মহানগৰীৰ হাতীগাঁৱত সংঘটিত এক ভয়ংকৰ অগ্ণিকাণ্ডত বিস্তৰ ক্ষতিসাধন হয়৷ হাতীগাঁও–ছার্ভে–অজন্তা পথত সংঘটিত এই অগ্নিকাণ্ডত প্রায় ৪০টা বাসগৃহ ভস্মীভূত হোৱাৰ লগতে এখন বাহন জাহ গৈছে৷ জানিব পৰা মতে, নিশা প্রায় ১১ বজাত এটা কনষ্ট্রাকচন কোম্পানীত কাম কৰা শ্রমিকৰ আৱাসত জুইৰ সূত্রপাত ঘটে৷ এই জুইৰ লেলিহান শিখাই আৱৰি ধৰে প্রায় ৪০টা বাসগৃহ৷

একাংশ প্রত্যক্ষদর্শীৰ মতে ৰন্ধন গেছৰ ছিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ ফলত এই অগ্নিকাণ্ডই নিমিষতে গুৰুতৰ ৰূপ ধাৰণ কৰে৷ বাতৰি লিখা পৰলৈকে জুইৰ লেলিহান শিখাই আৱৰি ধৰাৰ ফলত অঞ্চলবাসীৰ মাজত আতংকৰ সৃষ্টি হৈছে৷ ইফালে ঘটনাস্থলীত অগ্নিনির্বাপক বাহিনীয়ে জুই নির্বাপণৰ বাবে যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে৷ তদুপৰি অঞ্চলবাসী ৰাইজেও অগ্ণিনির্বাপণৰ বাবে সকলো ধৰণে সহযোগ আগবঢ়াইছে৷ তদুপৰি ঘটনাস্থলীত মহানগৰ আৰক্ষীৰ উচ্চপদস্থ বিষয়া উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছে৷ উল্লেখ্য যে জুই নির্বাপণৰ বাবে ইতিমধ্যে কেইবাখনো বাহনেৰে অগ্ণিনির্বাপক বাহিনীয়ে চেষ্টা অব্যাহত ৰাখিছে যদিও অগ্নিকাণ্ডৰ প্রকৃত কাৰণ জানিব পৰা হোৱা নাই৷ এই অগ্নিকাণ্ডত কেইবালক্ষ টকাৰ সম্পত্তি ক্ষতিগ্রস্ত হোৱা বুলি স্থানীয় লোকে জানিবলৈ দিছে৷

You might also like