নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেঘালয়ৰ নির্বাচনঃ কাইলৈ যোৰাবাট আৰু বর্ণিহাটত নির্বাচনী প্রচাৰ চলাব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই

নিয়মীয়া বাৰ্তা, ২৪ফেব্ৰুৱাৰী: মেঘালয় বিধানসভাৰ নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যখনৰ আন বিধানসভা সমষ্টিৰ দৰে গুৱাহাটীৰ গাতে লাগি থকা অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত আৰু প্রায় ৪১ হাজাৰ ভোটাৰ থকা ১০ নম্বৰ জিৰাং সমষ্টিতো নির্বাচনী তৎপৰতা তুংগত উঠা পৰিলক্ষিত হৈছে৷ সমষ্টিটোৰ কুৰি শতাংশ গাঁও লাগি আছে অসমৰ পশ্চিম গুৱাহাটীত ৷ আনকি সেই গাঁওসমূহৰ বেছিভাগ লোকে মেঘালয়ৰ জিৰাং সমষ্টিৰ দৰে অসমৰ পশ্চিম গুৱাহাটী সমষ্টিতো ভোটদান কৰি আহিছে ৷ দ্বৈত ভোটাৰ হিচাপে পৰিচিত গাঁওসমূহৰ সৰহসংখ্যকেই আছে পশ্চিম গুৱাহাটীৰ ৰাণী উন্নয়ন খণ্ডৰ অধীনত৷ দুখনমান আছে পলাশবাৰী সমষ্টিত৷

ইফালে, সমষ্টিটোত এইবেলি মুঠ ৮জন প্রার্থীয়ে প্রতিদ্বন্দ্বিতা কৰিছে ৷ কিন্তু ৰাজনৈতিক সমীক্ষকসকলে মূল প্রতিদ্বন্দ্বিতা বর্তমানৰ এন পি পি দলৰ বিধায়ক ছটনেশ চতুন আৰু প্রথমবাৰৰ বাবে প্রতিদ্বন্দ্বিতা কৰা বিজেপিৰ মহিলা মর্চাৰ মেঘালয় ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদিকা ৰিয়া চাংমাৰ মাজতে সীমাবদ্ধ থাকিব বুলি মত ব্যক্ত কৰিছে৷ ইফালে, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন, মন্ত্রী পীয়ূষ হাজৰিকাকে ধৰি অসম বিজেপিৰ কেইবাজনো নেতা, কার্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাং আদিয়ে সমষ্টিটোত দলৰ প্রার্থী ৰিয়া চাংমাৰ হৈ নির্বাচনী প্রচাৰ চলাই আছে৷ তেনেদৰে ২৫ ফেব্রুৱাৰীত নির্বাচনী প্রচাৰৰ সামৰণিৰ দিনা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই গুৱাহাটীৰ গাতে লাগি থকা যোৰাবাট আৰু বর্ণিহাটত বিজেপিৰ প্রার্থী ৰিয়া চাংমাৰ হৈ নির্বাচনী প্রচাৰ চলাব৷ জিৰাং সমষ্টিৰ পৰা যিকোনোপ্রকাৰে দলৰ প্রার্থী ৰিয়া চাংমাক বিজয়ী কৰাবলৈ অসম বিজেপিৰ নেতাসকলে সর্বশক্তি প্রয়োগ কৰিছে৷ আজি বিজেপি প্রার্থী ৰিয়া চাংমাই পশ্চিম গুৱাহাটীৰ মেঘালয় সীমান্তৰ ৰাণীৰ গাতে লাগি থকা মেঘালয়ৰ গণপতি, নতুন বাতাবাৰী, শুকুৰবৰীয়া, সৰু পাহাম, নিউ জিৰাং আদিত কেইবাখনো নির্বাচনী সভাত ভাগ লৈ সমষ্টিৰ লগতে তেওঁক বিপুল ভোটত জয়ী কৰাবলৈ আহ্বান জনায়৷ সমিষ্টিটোত প্রার্থীৰ জয়–পৰাজয়ত নির্ণায়ক ভূমিকা গ্রহণ কৰি অহা বাবে পশ্চিম গুৱাহাটীৰ ৰাণী উন্নয়ন খণ্ডৰ অধীনত মেঘালয় সীমান্তত থকা গাঁওসমূহত প্রার্থীসকলে অধিক প্রচাৰ চলোৱা দেখা গৈছে ৷ তাৰ ভিতৰত ৰাণীবাৰী, ভালাখোৱা, পাটগাঁও,বাক্রাপাৰা, শালসেৰ, বিলপাৰ, জিমিৰগাঁও, উমচুৰ, ডুমোপাহাম, কণ্ঠমপাহাম, নংটাৰী, আমৰিং, ডেকাপথাৰ, নুমলীপথাৰ, জালুকপাহাম, মাতাং, উলুবাৰী, গডভাঙা, পাহাম জিলা, নতুন গডভাঙা, দলেপাহাম, উমচেং, উমক্রেম, গণপতি, মৈৰাপুৰ, নতুন বাতাবাৰী, পুৰাণ বাতাবাৰী আদিত প্রার্থীসকলে অধিক নির্বাচনী প্রচাৰ চলোৱা দেখা গৈছে৷

ইফালে, প্রচাৰ অভিযানৰ সময়ত ৰাণীত সাংবাদিকৰ সৈতে হোৱা চমু বার্তালাপত বিজেপিৰ প্রার্থী ৰিয়া চাংমাই কয়– মেঘালয় যিহেতু এখন মাতৃপ্রধান ৰাজ্য, সেয়েহে মহিলাৰ সবলীকৰণৰ বাবে পৰম্পৰাগত হস্ততাঁত বস্ত্রশিল্পৰ উন্নয়ন সাধনৰ বাবে দক্ষতা বিকাশৰ বাবে কেতবোৰ আঁচনি গ্রহণ কৰা হ’ব ৷ ৰাজ্যৰ সচেতন ভোটাৰে এখন দুর্নীতিমুক্ত মেঘালয়ৰ লগতে ৰাজ্যখনৰ সর্বাংগীণ বিকাশ–উন্নয়নৰ স্বার্থত বিজেপি দলৰ সপক্ষে ভোটদান কৰিব আৰু মেঘালয়ৰ ইতিহাসত প্রথমবাৰৰ বাবে বিজেপিৰ নেতৃত্বত এইবাৰ চৰকাৰ গঠন হব৷ আনহাতে ৰাণীৰ পাছত ৰিয়া চাংমাই গুৱাহাটীৰ বশিষ্ঠৰ সমীপৰ মাইঘুলি, পিলিংকাটা , লতাকটা , বৰপথাৰ আদিত সন্ধিয়াৰ ভাগত কেবাখনো সৰু সৰু পথসভা অনুষ্ঠিত কৰে ৷

You might also like