অসমত এটা দিনতেই ১৪৭ আক্রান্ত
নিয়মীয়া বাৰ্তা, ২৬ মেঃ আশংকা কৰাৰ দৰেই প্রতিটো দিনেই অসমলৈ কঢ়িয়াই আনিছে ভয়ংকৰ ভৱিষ্যতৰ অশনি সংকেত৷ চীনৰ য়ুহানৰ পৰা প্রাদুর্ভাৱ ঘটি সমগ্র বিশ্বতে সংহাৰী ৰূপ ধাৰণ কৰা ন’ভেল ক’ৰোনা ভাইৰাছ (ক’ভিড–১৯) আক্রান্ত ৰোগী ৰাজ্যত দ্রুতগতিত বৃদ্ধি পাব ধৰিছে৷ আক্রান্তৰ সংখ্যাক লৈ শেহতীয়া দিনকেইটাত সৃষ্টি হৈছে ইটোৰ পাছত সিটোকৈ অবাঞ্ছিত অভিলেখ৷ মহামাৰীৰ বিভীষিকা অব্যাহত ৰাখি অসমত এটা দিনতেই ১৪৭ আক্রান্ত দিনটোতে ৰাজ্যত ১৪৭জনৰ দেহত ক’ভিড–১৯ পজিটিভ পোৱা গৈছে৷ ইয়াৰ লগে লগে অসমত ক’ৰোনা আক্রান্তৰ সংখ্যা ৫৩৯জনলৈ বৃদ্ধি পালে৷ আজি ক’ভিড–১৯ পজিটিভ পোৱাসকলৰ ভিতৰত সর্বাধিক ৫৯জন গোলাঘাট জিলাৰ৷ তাৰ পাছতেই আছে কৰিমগঞ্জ জিলা৷ বৰাক উপত্যকাৰ জিলাখনৰ ২১জনৰ দেহত মাৰাত্মক ভাইৰাছৰ উপস্থিতি ধৰা পৰে এদিনতে৷ সেইদৰে লখিমপুৰ জিলাৰ ১৭জন, ধেমাজি জিলাৰ ৪জন, নগাঁৱৰ ১জন, তিনিচুকীয়া জিলাৰ ২জন, শিৱসাগৰ জিলাৰ ৫জন, যোৰহাট জিলাৰ ১জন, কাছাৰ জিলাৰ ৫জন, হাইলাকান্দি জিলাৰ ৪জন, দক্ষিণ শালমাৰা জিলাৰ ৩জন, নলবাৰী জিলাৰ ২জন, মৰিগাঁও জিলাৰ ১জন, গোৱালপাৰা জিলাৰ ১জন, কামৰূপ (মহানগৰ) জিলাৰ ৭জন, কোকৰাঝাৰ কোৱাৰেণ্টাইন চেণ্টাৰৰ ৬জন আৰু গুৱাহাটীৰ কোৱাৰেণ্টাইন চেণ্টাৰত ৮জন ক’ভিড–১৯ পজিটিভ চিনাক্ত হৈছে৷
দিনটোৰ আৰম্ভণিতে ৰাজ্যত চিনাক্ত হয় ৩৫জন ক’ৰোনা আক্রান্ত৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই পুৱা ৮.৫০ বজাত এক টুইটযোগে এই কথা সদৰী কৰে৷ এই ৩৫জন আক্রান্ত সন্দর্ভত তেওঁ দিয়া তথ্য অনুসৰি ইয়াৰে ১৮জন গোলাঘাটৰ, ৫জন কৰিমগঞ্জৰ, ২জন তিনিচুকীয়াৰ, ২জন শিৱসাগৰৰ, ১জন যোৰহাটৰ, ১জন ধেমাজি আৰু ৬জন কোকৰাঝাৰ কোৱাৰেণ্টাইন চেণ্টাৰৰ৷ সেইদৰে দুপৰীয়াৰ ভাগত আন ৩৯জনৰ নমুনাৰ ফলাফলত ক’ভিড–১৯ পজিটিভ ওলায়৷ দিনৰ ১.১৫ বজাত স্বাস্থ্যমন্ত্রী ড০ শর্মাই টুইটাৰত দিয়া তথ্য অনুসৰি এই ৩৯ আক্রান্তৰ ৩৫জন গোলাঘাটৰ, ৩জন ধেমাজিৰ আৰু ১জন নগাঁও জিলাৰ৷ দিনটোত ক’ৰোনা আক্রান্ত বৃদ্ধিৰ ধাৰাবাহিকতা অব্যাহত থাকে৷ বিয়লি ৫.৫০ বজাত স্বাস্থ্যমন্ত্রী ড০ শর্মাই আন এক টুইটযোগে ৪৮জনৰ দেহত মাৰাত্মক ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ বিষয়ে সদৰী কৰে৷ এইসকলৰ ভিতৰত ১৬জন কৰিমগঞ্জ, ৮জন লখিমপুৰ, ৮জন গুৱাহাটী কোৱাৰেণ্টাইন কেন্দ্রৰ, ৫জন কাছাৰৰ, ৪জন হাইলাকান্দিৰ, ৩জন দক্ষিণ শালমাৰাৰ, ২জন নলবাৰীৰ, ১জন মৰিগাঁৱৰ আৰু ১জন গোৱালপাৰা জিলাৰ৷ নিশা ৮.৩০ বজাত স্বাস্থ্যমন্ত্রী ড০ শর্মাই দিয়া তথ্য মতে, ৰাজ্যত ক’ৰোনা আক্রান্তৰ তালিকাত আন ১২জনৰ নাম সংযোজন ঘটে৷ তেওঁলোকৰ ৯জন লখিমপুৰৰ হোৱাৰ বিপৰীতে ৩জন হ’ল শিৱসাগৰ জিলাৰ৷
একেদৰে নিশা ১০.১৩ বজাত স্বাস্থ্যমন্ত্রী ড০ শর্মাই কামৰূপ (মহানগৰ) জিলাৰ ৭জন আৰু গোলাঘাট জিলাৰ ৬জন মুঠ ১৩জনৰ শৰীৰত ক’ভিড–১৯ পজিটিভ ধৰা পৰাৰ তথ্য টুইটাৰযোগে সদৰী কৰে৷ অসমত এনেদৰে দ্রুতগতিত ক’ৰোনা আক্রান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ মূলতে বহিঃৰাজ্যত আবদ্ধ হৈ থকাসকল গৃহাভিমুখী হোৱা৷ ৰাজ্যৰ ক’ভিড–১৯ চিনাক্ত বেছিভাগ লোকেই বাহিৰত সংক্রমিত৷ এই সন্দর্ভত স্বাস্থ্যমন্ত্রী ড০ শর্মাই ‘ফেচবুক’ত আজি এইদৰে উল্লেখ কৰিছে– ‘সকলোৰে জ্ঞাতার্থে এটা কথা স্পষ্ট কৰিব খুজিছোঁ যে বাহিৰৰ পৰা কোনো ব্যক্তি আহি অসমত উপস্থিত হোৱাৰ পাছতেই ক’ভিড–১৯ সম্বন্ধীয় পৰীক্ষাৰ বাবে নমুনা সংগ্রহ কৰা হয়৷ ইয়াৰে পৰৱর্তী পর্যায়ত তেওঁলোকক পৃথকীকৰণ কেন্দ্রলৈ লৈ যোৱা হয়৷ সেয়ে ক’ভিড–১৯ পজিটিভ বুলি চিনাক্ত হোৱা অসমৰ বেছিভাগ লোকেই বাহিৰত সংক্রমিত, ৰাজ্যখনৰ ভিতৰত সংক্রমিত হোৱা নহয়৷’ ইফালে, আজি ক’ৰোনা আক্রান্তসকলৰ ভিতৰত অধিকসংখ্যকে কোৱাৰেণ্টাইনত থকা বুলি জানিব পৰা গৈছে৷ ৰাজ্যত আজিৰ দিনটোত ক’ৰোনা সংক্রমিত ৰোগীৰ সংখ্যা ৫৩৯জন যদিও ইয়াৰে ৬২জন ইতিমধ্যে সুস্থ হৈ উঠিছে৷ বর্তমান চিকিৎসাধীন অৱস্থাত আছে ৪৭০জন৷ দুর্ভাগ্যজনকভাৱে ক’ৰোনা আক্রান্ত হৈ চাৰিজনৰ মৃত্যু হোৱাৰ বিপৰীতে আন তিনিজন লোকে নিজ ৰাজ্যলৈ উভতি গৈছে