নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত তিনিটাকৈ ক’ৰোনা পৰীক্ষা কেন্দ্ৰঃ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ১৬ মাৰ্চঃ বিশ্বত ত্ৰাস সৃষ্টি কৰা ক’ৰোনাক লৈ এতিয়া সকলো ধৰণৰ ব্যৱস্থা গঢ়ি তুলিছে ৰাজ্য চৰকাৰে । বৰ্তমানলৈকে অসমত এজনো লোকৰ দেহত এই ভাইৰাছ লাভ কৰা নাই বুলি উল্লেখ কৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

সোমবাৰে এক সংবাদমেল সম্বোধন কৰি স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে তিনিটাকৈ ক’ৰোনা পৰীক্ষা কেন্দ্ৰ স্থাপন কৰা হৈছে অসমত ।

‘পূৰ্বে , ক’ৰোনা ভাইৰাছৰ পৰীক্ষা কেৱল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰ ডিব্ৰুগড়ত সম্পন্ন হৈছিল । কিন্তু আজি যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰীক্ষাগাৰকো ক’ৰোনা ভাইৰাছ পৰীক্ষাৰ বাবে স্বীকৃতি প্ৰদান কৰা হৈছে ।’ – এইদৰে উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ।

স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে, নমুনা সংগ্ৰহৰ বাবেও তিনিটাকৈ কেন্দ্ৰ গঢ়ি তোলা হৈছে অসমত । বৰপেটাৰ ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতাল , তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত গঢ়ি তোলা হৈছে নমুন সংগ্ৰহ কেন্দ্ৰ ।

You might also like