অসমত প্ৰথমজন ক’ৰোনা ৰোগীৰ মৃত্যু
নিয়মীয়া বাৰ্তা, ১০ এপ্ৰিলঃ কভিড-১৯ ত আক্ৰান্ত হোৱা অসমৰ প্ৰথমজন ৰোগীৰ মৃত্যু । শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু ঘটিছে ক’ৰোনাত আক্ৰান্ত ৬৫ বছৰীয়া হাইলাকান্দিৰ ফইজুল হক বৰভূঞাৰ । পুৱতী নিশা ২ বজাত মৃত্যু ঘটিছে লোকজনৰ । এই কথা প্ৰকাশ কৰিছে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।
উল্লেখ্য যে বৃহস্পতিবাৰে সংকটজনক অৱস্থাত লোকজনক শিলচৰ মেডিকেল কলেজ হাস্পতালৰ আই চি ইউত ভৰ্তি কৰোৱা হৈছিল । ইপিনে তেওঁ নিমুনীয়াতো আক্ৰান্ত হৈ আছিল ।
মাৰ্কাজলৈ যোৱাৰ কথা লুকুৱাইছিল ফাইজুলে । হজৰ পৰা আহি মাৰ্কাজত সোমাইছিল ফাইজুল ।
With utmost Grief and sorrow,I would like to inform that Sri Faijul Haque Barbhyan,(65)Hailakandi District has expired few minutes back in SMCH due to complication of COVID19 https://t.co/MoRWPP4Bml deep condolences and prayers for the bereaved family
— Himanta Biswa Sarma (@himantabiswa) April 9, 2020