অসমত লক ডাউন ঘোষণা
নিয়মীয়া বাৰ্তা, ২৩ মাৰ্চঃ
- অসমত লক ডাউন ঘোষণা
- স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰে এই ঘোষণা
- ক’ৰোনা সংক্ৰমণৰ বাবে অসম চৰকাৰে লৈছে এই সিদ্ধান্ত
- মঙলবাৰে ৬ বজাৰ পৰা ৩১ মাৰ্চৰ নিশা ১২ বজালৈ ৰাজ্যত লক ডাউন
- অৱশ্যে লক ডাউনৰ সময়ছোৱাত অব্যাহত থাকিব জৰুৰী সেৱা
- ফাৰ্মাচী, পেট্ৰ’ল পাম্প খোলা থাকিব
- লগতে ২৪ ঘণ্টাই খোলা থাকিব মেডিকেল ষ্টৰ
- মছজিদ, নামঘৰ আদিত ৩ জনতকৈ অধিক লোক সমাগম হ’ব নোৱাৰিব
- নিৰ্দেশ অমান্য কৰা লোকক ৬ মাহ পৰ্যন্ত জেল
- অসমৰ সকলো মেডিকেল কলেজত OPD সেৱা সাময়িকভাৱে বন্ধ ৰখা হ’ব
- এই পৰ্যন্ত অসমত ১৬৯ ক’ৰোনা সংক্ৰমিত লোকৰ তেজৰ নমুনা পৰীক্ষা কৰা হৈছে
- যাৰ ভিতৰত ১৪৮ টাৰ নিগেটিভ পোৱা গৈছে
- আৰু ২১ টাৰ নমুনা এতিয়াও আহিব বাকী আছে
- সোণাপুৰ অসমাৰিক চিকিৎসালয়ক ক’ৰোনা হাস্পতাল কৰা হ’ব